--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন চিকিৎসকে অনলাইন অৰ্ডাৰ কৰা আইচক্ৰীমত মানুহৰ আঙুলিৰ টুকুৰা এটা পাইছিল। তাক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। আৰক্ষীৰ এজাহাৰো দাখিল কৰে। সেই আঙুলিৰ টুকুৰা কাৰ আৰু ক’ৰ পৰা আহিছিল সেই কথা আৰক্ষীয়ে গম পাইছে। ডি এন এ টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হৈছে ব্যক্তিজনক। জানিব পৰা মতে, পুনেৰ আইচক্ৰীম কাৰখানাৰ এজন শ্ৰমিকৰ আঙুলিটো আইচক্ৰীমৰ ভিতৰত আছিল।

মুম্বাইৰ মালাডৰ এগৰাকী চিকিৎসকে যোৱা ১২ জুনত অনলাইনযোগে আইচক্ৰীমৰ অৰ্ডাৰ দিছিল। সময়মতে আইচক্ৰীম তাৰ ঘৰ পালেহি। আৰক্ষীৰ আগত ঘটনাটো বৰ্ণনা কৰি থাকোঁতে ডাক্তৰে ক’লে যে আইচক্ৰীম খোৱাৰ মাজতে হঠাতে কিবা এটা কঠিন বস্তুৱে তেওঁৰ মুখত খুন্দা মাৰিলে। প্ৰথমতে সি ভাবিলে, আইচক্ৰীমত আলমণ্ডৰ দৰে কিবা এটা দিয়া হৈছে। কিন্তু তাৰ পিছত দেখা যায় যে ই একেবাৰে বাদাম নহয়। বৰঞ্চ আইচক্ৰীমত সোমাই থকা মানুহৰ আঙুলিৰ এটা কটা অংশ।

ইয়াৰ পিছতে ডাক্তৰজন আৰক্ষীৰ কাষ চাপিল। আইচক্ৰীম কোম্পানীটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আঙুলিৰ খণ্ডটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই ঘটনাৰ তদন্তৰ ভিত্তিত পুনেৰ এটা আইচক্ৰীম কাৰখানা চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, সেই আঙুলিৰ ডি এন এ নমুনা সেই কাৰখানাৰ এজন কৰ্মচাৰীৰ সৈতে মিলাই দিয়া হৈছিল। অৰ্থাৎ আঙুলিটো সেই কৰ্মচাৰীজনৰ। তেওঁৰ নাম ওমকাৰ পোটে।

তদন্তত পুনেৰ কাৰখানাত থকা বিস্কুট কনত আইচক্ৰীম ভৰাই থাকোঁতে কৰ্মচাৰীজনৰ আঙুলিটো কেনেবাকৈ কাটি যোৱা বুলিও জানিব পৰা গৈছে। আইচক্ৰীমৰ ভিতৰত পৰে। পিছত সেই আইচক্ৰীম অনলাইন অৰ্ডাৰৰ জৰিয়তে মুম্বাইৰ ডাক্তৰৰ ওচৰ পালেগৈ। সংশ্লিষ্ট আইচক্ৰীম নিৰ্মাণ কোম্পানীটোৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ