--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন চিকিৎসকে অনলাইন অৰ্ডাৰ কৰা আইচক্ৰীমত মানুহৰ আঙুলিৰ টুকুৰা এটা পাইছিল। তাক লৈ যথেষ্ট হুলস্থুলৰ সৃষ্টি হৈছিল। আৰক্ষীৰ এজাহাৰো দাখিল কৰে। সেই আঙুলিৰ টুকুৰা কাৰ আৰু ক’ৰ পৰা আহিছিল সেই কথা আৰক্ষীয়ে গম পাইছে। ডি এন এ টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হৈছে ব্যক্তিজনক। জানিব পৰা মতে, পুনেৰ আইচক্ৰীম কাৰখানাৰ এজন শ্ৰমিকৰ আঙুলিটো আইচক্ৰীমৰ ভিতৰত আছিল।

মুম্বাইৰ মালাডৰ এগৰাকী চিকিৎসকে যোৱা ১২ জুনত অনলাইনযোগে আইচক্ৰীমৰ অৰ্ডাৰ দিছিল। সময়মতে আইচক্ৰীম তাৰ ঘৰ পালেহি। আৰক্ষীৰ আগত ঘটনাটো বৰ্ণনা কৰি থাকোঁতে ডাক্তৰে ক’লে যে আইচক্ৰীম খোৱাৰ মাজতে হঠাতে কিবা এটা কঠিন বস্তুৱে তেওঁৰ মুখত খুন্দা মাৰিলে। প্ৰথমতে সি ভাবিলে, আইচক্ৰীমত আলমণ্ডৰ দৰে কিবা এটা দিয়া হৈছে। কিন্তু তাৰ পিছত দেখা যায় যে ই একেবাৰে বাদাম নহয়। বৰঞ্চ আইচক্ৰীমত সোমাই থকা মানুহৰ আঙুলিৰ এটা কটা অংশ।

ইয়াৰ পিছতে ডাক্তৰজন আৰক্ষীৰ কাষ চাপিল। আইচক্ৰীম কোম্পানীটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আঙুলিৰ খণ্ডটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। এই ঘটনাৰ তদন্তৰ ভিত্তিত পুনেৰ এটা আইচক্ৰীম কাৰখানা চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, সেই আঙুলিৰ ডি এন এ নমুনা সেই কাৰখানাৰ এজন কৰ্মচাৰীৰ সৈতে মিলাই দিয়া হৈছিল। অৰ্থাৎ আঙুলিটো সেই কৰ্মচাৰীজনৰ। তেওঁৰ নাম ওমকাৰ পোটে।

তদন্তত পুনেৰ কাৰখানাত থকা বিস্কুট কনত আইচক্ৰীম ভৰাই থাকোঁতে কৰ্মচাৰীজনৰ আঙুলিটো কেনেবাকৈ কাটি যোৱা বুলিও জানিব পৰা গৈছে। আইচক্ৰীমৰ ভিতৰত পৰে। পিছত সেই আইচক্ৰীম অনলাইন অৰ্ডাৰৰ জৰিয়তে মুম্বাইৰ ডাক্তৰৰ ওচৰ পালেগৈ। সংশ্লিষ্ট আইচক্ৰীম নিৰ্মাণ কোম্পানীটোৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু