--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন্যায়পালিকা মন্দিৰ হ’লেও বিচাৰকক দেৱতা বুলি ভবাটো ঠিক নহয়। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ।   উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে নিৰ্দিষ্টকৈ কোনো ন্যায়াধীশৰ নাম  উল্লেখ নকৰাকৈয়ে এনেদৰে কয়। ভাল। উল্লেখ্য  কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে শেহতীয়াকৈ ৰাজ্যৰ শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত ইটোৰ পিছত সিটো গুৰুত্বপূৰ্ণ ৰায় দিছিল। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীৰ বাবে তেওঁ ৰাতিটোৰ ভিতৰতে ‘দেৱদূত’ হৈ পৰিছিল। এই পৰিপ্ৰেক্ষিতত উচ্চতম ন্যৈায়ালয়ৰ  মুখ্য ন্যায়াধীশৰ মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

শুকুৰবাৰে কলকাতাত উপস্থিত হৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰডুড়। শনিবাৰে ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ অনুষ্ঠানত উপস্থিত থাকে তেওঁ। একেখন মঞ্চতে দেখা গ’ল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো।  মুখ্যমন্ত্রী মমতাৰ  ভাষণৰ পাছত চন্দ্ৰচুড় মঞ্চত উঠিছিল৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে  কয়, ‘আদালতক  ন্যায়ৰ মন্দিৰ বুলি কোৱা হয়। আমি নিজকে সেই মন্দিৰৰ দেৱতা বুলি ভবাটো ভুল । ই অতি বিপজ্জনক কথা। মনত ৰাখিব আমাৰো নিজৰ নিজৰ চিন্তা আছে। সেই চিন্তাৰ লগত ন্যায়ক বিভ্ৰান্ত কৰা উচিত নহয়।” ন্যায়পালিকাৰ সৈতে জড়িত সকলোকে মুখ্য ন্যায়াধীশে সোঁৱৰাই দিয়ে, “সাংবিধানিক নৈতিকতা হ’ল বৈচিত্ৰ্যক আকোৱালি লোৱা আৰু সহনশীল হোৱা। মোৰ সন্মুখৰ আদালতখনক যদি কোনোবাই মন্দিৰ বুলি কয়, মই তেওঁলোকক  তেনে নকৰিবলৈ কও।  কাৰণ, মন্দিৰ বুলি ক’লে বিচাৰকক দেৱতা যেন লাগে। কিন্তু সেয়া নহয়, বিচাৰকসকল মানুহৰ  দাস।” মুখ্য ন্যায়াধীশে পৰামৰ্শ দিয়ে, “বিচাৰকসকলে বিচাৰ কৰে, কিন্তু আনৰ পূৰ্ববিচাৰ নকৰে। আমি মনত ৰাখিব লাগিব যে আমাৰ সন্মুখত থিয় হৈ থকাসকলো মানুহ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মন্তব্যৰ ঠিক পূৰ্বে  ন্যায়পালিকাত নিৰপেক্ষতা বজাই ৰাখিবলৈ আবেদন জনায়  মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুখ্য ন্যায়াধীশৰ ওচৰত মমতাৰ অনুৰোধ, "মই কোনো উদ্দেশ্যৰে কথা কোৱা নাই, মই কাকো আঘাত দিব নিবিচাৰো।কিন্তু মই ক’ব বিচাৰিছো, ন্যায়িক ব্যৱস্থাত যদি ৰাজনৈতিক পক্ষপাতিত্ব থাকে, তেন্তে মানুহ ক’লৈ যাব? ন্যায়পালিকা আমাৰ বাবে পবিত্ৰ, মন্দিৰ-মছজিদ-গীৰ্জাৰ  দৰে। ন্যায়পালিকাৰ লগত আছে চৰকাৰ। মোৰ অনুৰোধ, ন্যায়পালিকাত কোনো ৰাজনৈতিক পক্ষপাতিত্ব থাকিব নালাগে। ন্যায়পালিকা ন্যায্য আৰু নিৰপেক্ষ হ’ব লাগে। গোপনীয়তাও বজাই ৰাখিব লাগে।” মন কৰিবলগীয়া যে শেহতীয়াকৈ আদালতসমূহৰ  বিভিন্ন ৰায়দানত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু