--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ন্যায়পালিকা মন্দিৰ হ’লেও বিচাৰকক দেৱতা বুলি ভবাটো ঠিক নহয়। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ।   উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে নিৰ্দিষ্টকৈ কোনো ন্যায়াধীশৰ নাম  উল্লেখ নকৰাকৈয়ে এনেদৰে কয়। ভাল। উল্লেখ্য  কলিকতা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ অভিজিৎ গংগোপাধ্যায়ে শেহতীয়াকৈ ৰাজ্যৰ শিক্ষক নিযুক্তিৰ দুৰ্নীতিৰ গোচৰত ইটোৰ পিছত সিটো গুৰুত্বপূৰ্ণ ৰায় দিছিল। হাজাৰ হাজাৰ চাকৰি প্ৰত্যাশীৰ বাবে তেওঁ ৰাতিটোৰ ভিতৰতে ‘দেৱদূত’ হৈ পৰিছিল। এই পৰিপ্ৰেক্ষিতত উচ্চতম ন্যৈায়ালয়ৰ  মুখ্য ন্যায়াধীশৰ মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

শুকুৰবাৰে কলকাতাত উপস্থিত হৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ চন্দ্ৰডুড়। শনিবাৰে ৰাষ্ট্ৰীয় ন্যায়িক একাডেমীৰ অনুষ্ঠানত উপস্থিত থাকে তেওঁ। একেখন মঞ্চতে দেখা গ’ল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো।  মুখ্যমন্ত্রী মমতাৰ  ভাষণৰ পাছত চন্দ্ৰচুড় মঞ্চত উঠিছিল৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে  কয়, ‘আদালতক  ন্যায়ৰ মন্দিৰ বুলি কোৱা হয়। আমি নিজকে সেই মন্দিৰৰ দেৱতা বুলি ভবাটো ভুল । ই অতি বিপজ্জনক কথা। মনত ৰাখিব আমাৰো নিজৰ নিজৰ চিন্তা আছে। সেই চিন্তাৰ লগত ন্যায়ক বিভ্ৰান্ত কৰা উচিত নহয়।” ন্যায়পালিকাৰ সৈতে জড়িত সকলোকে মুখ্য ন্যায়াধীশে সোঁৱৰাই দিয়ে, “সাংবিধানিক নৈতিকতা হ’ল বৈচিত্ৰ্যক আকোৱালি লোৱা আৰু সহনশীল হোৱা। মোৰ সন্মুখৰ আদালতখনক যদি কোনোবাই মন্দিৰ বুলি কয়, মই তেওঁলোকক  তেনে নকৰিবলৈ কও।  কাৰণ, মন্দিৰ বুলি ক’লে বিচাৰকক দেৱতা যেন লাগে। কিন্তু সেয়া নহয়, বিচাৰকসকল মানুহৰ  দাস।” মুখ্য ন্যায়াধীশে পৰামৰ্শ দিয়ে, “বিচাৰকসকলে বিচাৰ কৰে, কিন্তু আনৰ পূৰ্ববিচাৰ নকৰে। আমি মনত ৰাখিব লাগিব যে আমাৰ সন্মুখত থিয় হৈ থকাসকলো মানুহ।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মন্তব্যৰ ঠিক পূৰ্বে  ন্যায়পালিকাত নিৰপেক্ষতা বজাই ৰাখিবলৈ আবেদন জনায়  মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মুখ্য ন্যায়াধীশৰ ওচৰত মমতাৰ অনুৰোধ, "মই কোনো উদ্দেশ্যৰে কথা কোৱা নাই, মই কাকো আঘাত দিব নিবিচাৰো।কিন্তু মই ক’ব বিচাৰিছো, ন্যায়িক ব্যৱস্থাত যদি ৰাজনৈতিক পক্ষপাতিত্ব থাকে, তেন্তে মানুহ ক’লৈ যাব? ন্যায়পালিকা আমাৰ বাবে পবিত্ৰ, মন্দিৰ-মছজিদ-গীৰ্জাৰ  দৰে। ন্যায়পালিকাৰ লগত আছে চৰকাৰ। মোৰ অনুৰোধ, ন্যায়পালিকাত কোনো ৰাজনৈতিক পক্ষপাতিত্ব থাকিব নালাগে। ন্যায়পালিকা ন্যায্য আৰু নিৰপেক্ষ হ’ব লাগে। গোপনীয়তাও বজাই ৰাখিব লাগে।” মন কৰিবলগীয়া যে শেহতীয়াকৈ আদালতসমূহৰ  বিভিন্ন ৰায়দানত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ