--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনেত এগৰাকী যুৱতীয়ে আইচক্ৰীম খাই থাকোতে আইচক্ৰীমৰ ভিতৰত মানুহৰ এটা কটা আঙুলি পাইছিল। এই ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে।

আইচক্ৰীমত আঙুলি পোৱাৰ বিষয়টোৱে পুনেত এতিয়া নতুন গতি লাভ কৰিছে। এতিয়া FSSAI-য়ে আইচক্ৰীম কোম্পানীটোৰ লাইচেন্স বাতিল কৰিছে। FSSAI-য়ে জনোৱা মতে, আইচক্ৰীম নিৰ্মাতা কোম্পানীটোৰ চৌহদ এফ এছ এছ এ আইৰ পশ্চিম অঞ্চল কাৰ্যালয়ৰ এটা দলে পৰিদৰ্শন কৰে, তাৰ পিছত আইচক্ৰীম কোম্পানীটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হয়। অৱশ্যে এই গোচৰৰ ফৰেনছিক ৰিপৰ্ট এতিয়াও ওলোৱা নাই।

অধিক তথ্য দি FSSAI-য়ে কয় যে আইচক্ৰীম ডেলিভাৰী কৰা আইচক্ৰীম নিৰ্মাতা কোম্পানীটো পুনেৰ ইন্দাপুৰত অৱস্থিত আৰু ইয়াৰ কেন্দ্ৰীয় লাইচেন্সো আছে। FSSAIৰ দলটোৱে অধিক তদন্তৰ বাবে কাৰখানা চৌহদৰ পৰা নমুনা লৈ যায়।

ঘটনা অনুসৰি মুম্বাইৰ মালাডৰ যুৱতী চিৎসকগৰাকীয়ে অনলাইনত আইচক্ৰীমৰ অৰ্ডাৰ দিছিল, আইচক্ৰীমৰ প্ৰথম কামোৰ খাওঁতে খোৱাৰ সময়ত মুখত কিবা এটা অস্বাভাৱিক অনুভৱ হৈছিল আৰু সঠিকভাৱে পৰীক্ষা কৰি দেখিলে যে আইচক্ৰীমৰ ভিতৰত মানুহৰ কটা আঙুলি এটা আছে। ইয়াৰ পাছত মালাড আৰক্ষীক এই বিষয়ে জনোৱা হয় আৰু মালাড আৰক্ষীয়ে আঙুলিটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আইচক্ৰীম ব্ৰেণ্ড ইউম্মোৰ পৰিচালনা কৰ্মচাৰীৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰে। তেতিয়াৰ পৰাই আৰক্ষীয়ে এই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

ছ’চিয়েল মিডিয়াত আইচক্ৰীমৰ সৈতে জড়িত এই দুৰ্ঘটনাৰ কথা জনাইছে চিকিৎসকগৰাকীয়ে। তেওঁ কয় যে, যেতিয়া মই আইচক্ৰীমৰ প্ৰথম কামোৰ খালোঁ, তেতিয়া মই আখৰোটত কামোৰ মৰাৰ নিচিনা অনুভৱ কৰিছিলো, মই ভাবিছিলোঁ মোৰ মুখত আখৰোট বা চকলেটৰ দৰে কঠিন কিবা এটা আহিল। কিন্তু যেতিয়া বেছি কঠিন যেন লাগিল, তেতিয়া মই থু পেলালোঁ আৰু দেখিলোঁ যে ই আঙুলিৰ টুকুৰা। ইয়াৰ পিছত তেওঁ লগে লগে আঙুলিৰ টুকুৰাটো বৰফৰ পেক এটাত ভৰাই দিলে, যাতে আৰক্ষীক দেখুৱাব পাৰে।

আৰক্ষীয়ে সমগ্ৰ ঘটনা গুৰুত্ব সহকাৰে লৈ তদন্তত নামি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement