--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনেত এগৰাকী যুৱতীয়ে আইচক্ৰীম খাই থাকোতে আইচক্ৰীমৰ ভিতৰত মানুহৰ এটা কটা আঙুলি পাইছিল। এই ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰে।

আইচক্ৰীমত আঙুলি পোৱাৰ বিষয়টোৱে পুনেত এতিয়া নতুন গতি লাভ কৰিছে। এতিয়া FSSAI-য়ে আইচক্ৰীম কোম্পানীটোৰ লাইচেন্স বাতিল কৰিছে। FSSAI-য়ে জনোৱা মতে, আইচক্ৰীম নিৰ্মাতা কোম্পানীটোৰ চৌহদ এফ এছ এছ এ আইৰ পশ্চিম অঞ্চল কাৰ্যালয়ৰ এটা দলে পৰিদৰ্শন কৰে, তাৰ পিছত আইচক্ৰীম কোম্পানীটোৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হয়। অৱশ্যে এই গোচৰৰ ফৰেনছিক ৰিপৰ্ট এতিয়াও ওলোৱা নাই।

অধিক তথ্য দি FSSAI-য়ে কয় যে আইচক্ৰীম ডেলিভাৰী কৰা আইচক্ৰীম নিৰ্মাতা কোম্পানীটো পুনেৰ ইন্দাপুৰত অৱস্থিত আৰু ইয়াৰ কেন্দ্ৰীয় লাইচেন্সো আছে। FSSAIৰ দলটোৱে অধিক তদন্তৰ বাবে কাৰখানা চৌহদৰ পৰা নমুনা লৈ যায়।

ঘটনা অনুসৰি মুম্বাইৰ মালাডৰ যুৱতী চিৎসকগৰাকীয়ে অনলাইনত আইচক্ৰীমৰ অৰ্ডাৰ দিছিল, আইচক্ৰীমৰ প্ৰথম কামোৰ খাওঁতে খোৱাৰ সময়ত মুখত কিবা এটা অস্বাভাৱিক অনুভৱ হৈছিল আৰু সঠিকভাৱে পৰীক্ষা কৰি দেখিলে যে আইচক্ৰীমৰ ভিতৰত মানুহৰ কটা আঙুলি এটা আছে। ইয়াৰ পাছত মালাড আৰক্ষীক এই বিষয়ে জনোৱা হয় আৰু মালাড আৰক্ষীয়ে আঙুলিটো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আইচক্ৰীম ব্ৰেণ্ড ইউম্মোৰ পৰিচালনা কৰ্মচাৰীৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰে। তেতিয়াৰ পৰাই আৰক্ষীয়ে এই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

ছ’চিয়েল মিডিয়াত আইচক্ৰীমৰ সৈতে জড়িত এই দুৰ্ঘটনাৰ কথা জনাইছে চিকিৎসকগৰাকীয়ে। তেওঁ কয় যে, যেতিয়া মই আইচক্ৰীমৰ প্ৰথম কামোৰ খালোঁ, তেতিয়া মই আখৰোটত কামোৰ মৰাৰ নিচিনা অনুভৱ কৰিছিলো, মই ভাবিছিলোঁ মোৰ মুখত আখৰোট বা চকলেটৰ দৰে কঠিন কিবা এটা আহিল। কিন্তু যেতিয়া বেছি কঠিন যেন লাগিল, তেতিয়া মই থু পেলালোঁ আৰু দেখিলোঁ যে ই আঙুলিৰ টুকুৰা। ইয়াৰ পিছত তেওঁ লগে লগে আঙুলিৰ টুকুৰাটো বৰফৰ পেক এটাত ভৰাই দিলে, যাতে আৰক্ষীক দেখুৱাব পাৰে।

আৰক্ষীয়ে সমগ্ৰ ঘটনা গুৰুত্ব সহকাৰে লৈ তদন্তত নামি পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু