--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ১৮ জুনত বাৰাণসীত পিএম-কিষাণ আঁচনিৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিব। ইয়াৰ জৰিয়তে ৯.২৬ কোটিকৃষকে ২০,০০০ কোটি টকাৰো অধিক ধন লাভ কৰিব। ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি সখী হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত ৩০,০০০ ৰো অধিক আত্ম-সহায়ক গোটক (SHG) পেৰা এক্সটেনচন কৰ্মী হিচাপে কাম কৰিবলৈ প্ৰমাণ-পত্ৰ বিতৰণ কৰিব।

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী  যোগী আদিত্যনাথ, কেন্দ্ৰীয় কৃষি মন্ত্ৰী  শিৱৰাজ সিং চৌহান আৰু কেইবাগৰাকীও ৰাজ্যিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। ইয়াত ২.৫ কোটিৰো অধিক কৃষকে সমগ্ৰ দেশৰ ৭৩২টা কৃষি বিজ্ঞান কেন্দ্ৰ (KVK), ১ লাখৰো অধিক প্ৰাথমিক কৃষি সমবায় সমিতি আৰু ৫ লাখ কমন চাৰ্ভিচ চেন্টাৰৰ জৰিয়তে যোগদান কৰিব।

এই উপলক্ষে নিৰ্বাচিত ৫০টা কৃষি বিকাশ কেন্দ্ৰ (KVK)ত এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হৈছে য’ত ভাল সংখ্যক কৃষক-ৰাইজে যোগদান কৰিব। এই কেন্দ্ৰসমূহলৈ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী গৈ কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব। ইয়াৰ জৰিয়তে কৃষকসকলক উত্তম কৃষি পদ্ধতি, কৃষি ক্ষেত্ৰৰ উদীয়মান প্ৰযুক্তি, জলবায়ু স্থিতিস্থাপক কৃষি পন্থা ইত্যাদি সম্পৰ্কেসজাগ কৰি তোলা হ’ব।তেওঁলোকক পি এম-কিষাণৰ হিতাধিকাৰীস্থিতি কেনেকৈ চাব পাৰি, পেমেন্টৰ তথ্য, কিষাণ- ইমিত্ৰচাটবটৰ ব্যৱহাৰ আদি সম্পৰ্কে এক আভাস দাঙি ধৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীসকলে অঞ্চলসমূহৰ প্ৰশিক্ষণপ্ৰাপ্ত কৃষি সখীসকলক প্ৰমাণ-পত্ৰও বিতৰণ কৰিব।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী  শিৱৰাজ সিং চৌহানে গত ১৫ জুনত এখনি সংবাদমেলৰ জৰিয়তে ভাৰতৰ অৰ্থনীতিত কৃষিৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু কৃষকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ সমৰ্থনত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে কৃষি সদায়েইএক অগ্ৰাধিকাৰৰ বিষয় হৈ আহিছে।২০১৯ত শুভাৰম্ভ কৰা পিএম-কিষাণ আঁচনিখনৰ জৰিয়তে কৃষকসকলক তেওঁলোকৰ বেংক একাউন্টত পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদানেৰে যথেষ্ট উপকাৰ সাধন কৰা হৈছে। কৃষি ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড বুলি উল্লেখেৰে তেওঁক গুৰুত্বপূৰ্ণ কৃষি দপ্তৰৰ দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে আজিও বেছিভাগ নিয়োগৰ সুযোগ কৃষিৰ জৰিয়তে সৃষ্টি হয়আৰু দেশৰ খাদ্য ভাণ্ডাৰঅক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত কৃষকসকলে অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কৃষি আৰু কৃষকৰ সেৱা কৰাটো ঈশ্বৰ সেৱাৰ দৰে বুলি অভিহিত কৰে। আগন্তুক ১০০-দিনীয়া পৰিকল্পনাকে প্ৰমুখ্য কৰি চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কৌশলগত পৰিকল্পনাই কৃষি খণ্ডৰবিকাশৰ বাবে চৰকাৰৰ অংগীকাৰকে প্ৰতিফলিত কৰিছে।

উল্লেখযোগ্য যে কিষাণ সন্মান নিধি হৈছে সকলো ধৰণৰ মাটি-ধাৰী কৃষকৰ আৰ্থিক প্ৰয়োজনীয়তা পৰিপূৰণৰ অৰ্থে ২০১৯ৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা এখনি কেন্দ্ৰীয় খণ্ডৰ আঁচনি। পিএম-কিষাণৰ অধীনত প্ৰতি চাৰি মাহৰ মূৰে-মূৰে তিনিটা সমান কিস্তিত প্ৰতি বছৰে ৬,০০০/- টকাৰ আৰ্থিক সুবিধা আগবঢ়োৱা হয়। সমগ্ৰ দেশৰ কৃষক পৰিয়ালৰ বেংক একাউন্টলৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) মাধ্যমেৰে ধনৰাশি প্ৰেৰণ কৰা হয়।ভাৰত চৰকাৰে এতিয়ালৈকে সমগ্ৰ দেশৰ ১১ কোটিৰো অধিক কৃষকক ৩.০৪ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰিছে আৰু আগন্তুক মুকলিৰ জৰিয়তে হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰা মুঠ ধনৰাশিৰ পৰিমাণে ৩.২৪ লাখ কোটি টকা অতিক্ৰম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু