ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ ৰঙাপানীত কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষত পুনৰ কৰমণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাৰ স্মৃতি ঘূৰাই আনিছে। সোমবাৰে পুৱা ৮.৫৫ বজাত সংঘটিত দুৰ্ঘটনাটোত নিহতৰ সংখ্যা ৮ জনলৈ বৃদ্ধি পাইছে । দাৰ্জিলিঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অভিষেক ৰায়ে জনোৱা মতে দুৰ্ঘটনাস্থলীৰ পৰা এতিয়ালৈকে এগৰাকী মহিলাৰ মৃতদেহকে ধৰি ৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহত হৈছে কমেও ৩০ জন লোক। দুৰ্ঘটনা সংঘটিত হোৱা দীৰ্ঘ দূৰত্বৰ ৰে’লখনত এতিয়াও বহু যাত্ৰী আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।
যুদ্ধকালীনভাবে চলাই যোৱা উদ্ধাৰ অভিযানত বহু আহত লোকক উদ্ধাৰ কৰা হৈছে। গেছ কাটাৰ অনা হৈছে যদিও এতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। উদ্ধাৰকাৰী দলৰ সদস্যই ডবাবোৰ কাটি ভিতৰত কোনোবা আবদ্ধ হৈ আছে নেকি পৰীক্ষা কৰি আছে। আহতসকলক উদ্ধাৰ কৰি শিলিগুৰি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হয়। ছিলডা, হাওৰা, গুৱাহাটী, লামডিং, কিষানগঞ্জ, নিউ বঙাইগাঁওকে ধৰি কেইবাটাও ষ্টেচনত ৰে’লৱেই হেল্প ডেস্ক মুকলি কৰিছে।
নিউ জলপাইগুৰি ষ্টেচনৰ জৰুৰীকালীন নম্বৰ: ৯১৬২৮৭৮০১৭৫৮
হাওৰা ষ্টেচন হেল্পলাইন নম্বৰ: (০৩৩) ২৬৪১ ৩৬৬০
সোধা-পোছাৰ বাবে: (০৩৩) ২৬৪০২২৪২
(০৩৩) ২৬৪০ ২২৪৩
শিয়ালদহ ষ্টেচনৰ হেল্পলাইন নম্বৰ:
(০৩৩) ২৩৫০ ৮৭৯৪
(০৩৩) ২৩৮৩ ৩৩২৬
গুৱাহাটী ষ্টেচনৰ হেল্পলাইন নম্বৰ:
(০৩৬) ১২৭৩ ১৬২১
(০৩৬) ১২৭৩ ১৬২২
(০৩৬) ১২৭৩ ১৬২৩
লামডিং ষ্টেছনৰ হেল্পলাইন নম্বৰ:
(০৩৬)৭৪২৬ ৩৯৫৮
(০৩৬)৭৪২৬ ৩৮৩১
(০৩৬)৭৪২৬ ৩১২০
(০৩৬)৭৪২৬ ৩১২৬
(০৩৬)৭৪২৬ ৩৮৫৮
কিষানগঞ্জ ষ্টেচনৰ হেল্পডেস্ক নম্বৰ: ৬২৮৭৮০১৮০৫
কাটিহাৰ ষ্টেচনৰ হেল্পডেস্ক নম্বৰ:
০৯০০২০৪১৯৫২
৯৭৭১৪৪১৯৫৬
ৰে’লৱেই কেইবাখনো এম্বুলেন্স সেই স্থানলৈ প্ৰেৰণ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনৰ যাত্ৰীসকলক সকলো প্ৰকাৰে সহায় কৰিবলৈ উদ্ধাৰকাৰীৰ দলে চেষ্টা অব্যাহত ৰাখিছে। ইপিনে পশ্চিমবংগৰ নিউজলপাইগুৰিৰ ৰঙাপানী ষ্টেছনৰ সমীপত মালবাহী ৰে’ল আৰু কাঞ্চনজংঘা এক্সপ্ৰেছৰ মাজত সংঘটিত ভয়াৱহ ৰে’ল দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দুৰ্ঘটনাগ্ৰস্ত কাঞ্চনজংঘা এক্সপ্ৰেছত অসমৰ বহু যাত্ৰী আছে। জানিব পৰা মতে ৰে'লখনত আছিল লংকাৰ ২৩ জনকৈ যাত্ৰী। বৰ্তমানলৈকে এই ২৩ জন যাত্ৰী কি অৱস্থাত আছে তাৰ কোনো সম্ভেদ লাভ কৰা হোৱা নাই। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহুতে ৰে’ল দুৰ্ঘটনাটোত উদ্বেগ ব্যক্ত কৰিছে। কিদৰে একেটা ৰে’লপথেৰে দুখনকৈ ৰে’লে যাত্ৰা কৰি আছিল তাকেলৈ নানান প্ৰশ্নৰ উদ্ৰেক ঘটিছে।