--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ চিত্ৰকূটত এজন কনিষ্টবলে চৰকাৰী ৰাইফলেৰে নিজকে গুলীয়াই হত্যা কৰে। এই ঘটনাৰ এঘণ্টাৰ পূৰ্বে তেওঁৰ পত্নীয়ে চিপ লৈ আত্মহত্যা কৰিছিল। পত্নীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁ নিজকে গুলীচালনা কৰি আত্মহত্যা কৰে। জানিব পৰা মতে স্বামী-স্ত্ৰীৰ মাজত বিবাদ চলি আছিল। যাৰ বাবে দম্পতীটোৱে এই পদক্ষেপ গ্ৰহণ কৰে।


এই ঘটনাই পৰিয়ালত হাহাকাৰৰ সৃষ্টি কৰে। আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বৰ্তমান তদন্ত অব্যাহত আছে। গোটেই বিষয়টো ৰায়পুৰা থানাৰ দেৱকালী গাঁৱৰ।

তথ্য অনুসৰি কনিষ্টবল মায়ংক কুমাৰ পেটেলক জি আৰ পি (ঝান্সী)ত পোষ্ট কৰা হৈছিল। ব্যক্তিগত বিবাদৰ বাবে পত্নীয়ে চিপ লৈ আত্মহত্যা কৰে। পত্নীৰ আত্মহত্যাৰ দুখ সহিব নোৱাৰি মায়ংকে চৰকাৰী ৰাইফলেৰে গুলীচালনা কৰি আত্মহত্যা কৰে। বিজনৌৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কৰ্তব্যৰ এদিন পূৰ্বে ঘৰলৈ উভতি আহিছিল কনিষ্টবল মায়ংক।

কিন্তু ঘৰত হোৱা বিবাদৰ অন্তত পত্নীয়ে গভীৰ নিশা চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাত মায়ংক স্তম্ভিত হৈ পৰিল। ক্ৰোধিত হৈ পৰিল তেওঁ।   তেওঁ নিজৰ অফিচিয়েল ৰাইফলেৰে নিজকে গুলীয়াই হত্যা কৰে, যাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। বন্দুকৰ গুলীৰ শব্দ শুনি পৰিয়ালৰ লোকে দৌৰি আহি দেখে যে মায়ংক মৃত অৱস্থাত পৰি আছে।

তেওঁৰ পত্নীৰ মৃত্যুৱে মায়ংকক জোকাৰি গৈছিল আৰু ইয়াৰ ফলত তেওঁ গভীৰভাৱে আঘাত পাইছিল। এনে পৰিস্থিতিত চৰকাৰী ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰে মায়ংকে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী অধীক্ষক এ কে সিঙে ক্ষেত্ৰ ইউনিটৰ প্ৰতিবেদনৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। বৰ্তমান মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু