--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ চিত্ৰকূটত এজন কনিষ্টবলে চৰকাৰী ৰাইফলেৰে নিজকে গুলীয়াই হত্যা কৰে। এই ঘটনাৰ এঘণ্টাৰ পূৰ্বে তেওঁৰ পত্নীয়ে চিপ লৈ আত্মহত্যা কৰিছিল। পত্নীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেওঁ নিজকে গুলীচালনা কৰি আত্মহত্যা কৰে। জানিব পৰা মতে স্বামী-স্ত্ৰীৰ মাজত বিবাদ চলি আছিল। যাৰ বাবে দম্পতীটোৱে এই পদক্ষেপ গ্ৰহণ কৰে।


এই ঘটনাই পৰিয়ালত হাহাকাৰৰ সৃষ্টি কৰে। আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বৰ্তমান তদন্ত অব্যাহত আছে। গোটেই বিষয়টো ৰায়পুৰা থানাৰ দেৱকালী গাঁৱৰ।

তথ্য অনুসৰি কনিষ্টবল মায়ংক কুমাৰ পেটেলক জি আৰ পি (ঝান্সী)ত পোষ্ট কৰা হৈছিল। ব্যক্তিগত বিবাদৰ বাবে পত্নীয়ে চিপ লৈ আত্মহত্যা কৰে। পত্নীৰ আত্মহত্যাৰ দুখ সহিব নোৱাৰি মায়ংকে চৰকাৰী ৰাইফলেৰে গুলীচালনা কৰি আত্মহত্যা কৰে। বিজনৌৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কৰ্তব্যৰ এদিন পূৰ্বে ঘৰলৈ উভতি আহিছিল কনিষ্টবল মায়ংক।

কিন্তু ঘৰত হোৱা বিবাদৰ অন্তত পত্নীয়ে গভীৰ নিশা চিপ লৈ আত্মহত্যা কৰে। এই ঘটনাত মায়ংক স্তম্ভিত হৈ পৰিল। ক্ৰোধিত হৈ পৰিল তেওঁ।   তেওঁ নিজৰ অফিচিয়েল ৰাইফলেৰে নিজকে গুলীয়াই হত্যা কৰে, যাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। বন্দুকৰ গুলীৰ শব্দ শুনি পৰিয়ালৰ লোকে দৌৰি আহি দেখে যে মায়ংক মৃত অৱস্থাত পৰি আছে।

তেওঁৰ পত্নীৰ মৃত্যুৱে মায়ংকক জোকাৰি গৈছিল আৰু ইয়াৰ ফলত তেওঁ গভীৰভাৱে আঘাত পাইছিল। এনে পৰিস্থিতিত চৰকাৰী ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰে মায়ংকে। ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী অধীক্ষক এ কে সিঙে ক্ষেত্ৰ ইউনিটৰ প্ৰতিবেদনৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। বৰ্তমান মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ