--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেগৰ পৰা ওলাল ১০ ডালকৈ পৃথিৱীৰ বৃহত্তম সৰীসৃপ  আনাকোণ্ডাৰ পোৱালি ! বিমানবন্দৰৰ কৰ্মচাৰীসকলে এজন যাত্ৰীৰ বেগত তালাচী চলোৱাৰ সময়তে ওলাই পৰে ১০ ডালকৈ আনাকোণ্ডা। এক্স-ৰে মেচিনৰ স্ক্ৰীণত সাপ কেইডাল দেখি আচৰিত হৈ পৰে বাংগালুৰু বিমান বন্দৰৰ কৰ্মীসকল। বেগটোৰ ভিতৰত সাপ কেইডালে কিলবিলাই আছিল। এয়া কোনো সাধাৰণ  কোনো সাপ নহয়, এয়া পৃথিৱীৰ অন্যতম বৃহৎ সৰীসৃপ আনাকোণ্ডা বাংগালুৰু বিমানবন্দৰত যাত্ৰীৰ বেগৰ পৰা এনেদৰে আনাকোণ্ডা উদ্ধাৰ হোৱাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে। 

অভিযুক্ত লোক জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।যাত্ৰীজনে বেংককৰ পৰা বাংগালুৰুলৈ আহিছিল । নিয়ম অনুসৰি তালাচী চলোৱাৰ সময়তে যাত্ৰী জনৰ বেগত  সাপ  ওলাই পৰে। বাংগালুৰুৰ শুল্ক বিভাগে এক্স হেণ্ডেলত কৈছে  "অভিযুক্ত যাত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে,"  । আইন অনুসৰি, বন্যপ্ৰাণী সৰবৰাহ ভাৰতত এক অপৰাধ।

পাৰাগুৱে, বলিভিয়া, ব্ৰাজিল, উত্তৰ-পূব আৰ্জেণ্টিনা আৰু উত্তৰ উৰুগুৱেৰ নদীৰ পাৰত  হালধীয়া আণ্ডাকোণ্ডা পোৱা যায়। এই ধৰণৰ সাপ সাধাৰণতে জলাশয়ৰ ওচৰৰ এলেকাত বাস কৰে। ভাৰতীয় সংবিধানৰ দ্বাৰা বন্য জন্তুৰ বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে । যোৱা বছৰ বাংগালুৰু বিমানবন্দৰৰ শুল্ক বিষয়াসকলে  কেংগাৰু  ২৩৪  টা বন্য জন্তু উদ্ধাৰ কৰিছিলষ সেইবোৰ  এজন যাত্ৰীয়ে বেংককৰ পৰা চোৰাংকৈ আনিছিল। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement