--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেগৰ পৰা ওলাল ১০ ডালকৈ পৃথিৱীৰ বৃহত্তম সৰীসৃপ  আনাকোণ্ডাৰ পোৱালি ! বিমানবন্দৰৰ কৰ্মচাৰীসকলে এজন যাত্ৰীৰ বেগত তালাচী চলোৱাৰ সময়তে ওলাই পৰে ১০ ডালকৈ আনাকোণ্ডা। এক্স-ৰে মেচিনৰ স্ক্ৰীণত সাপ কেইডাল দেখি আচৰিত হৈ পৰে বাংগালুৰু বিমান বন্দৰৰ কৰ্মীসকল। বেগটোৰ ভিতৰত সাপ কেইডালে কিলবিলাই আছিল। এয়া কোনো সাধাৰণ  কোনো সাপ নহয়, এয়া পৃথিৱীৰ অন্যতম বৃহৎ সৰীসৃপ আনাকোণ্ডা বাংগালুৰু বিমানবন্দৰত যাত্ৰীৰ বেগৰ পৰা এনেদৰে আনাকোণ্ডা উদ্ধাৰ হোৱাৰ ঘটনাই বহুতকে আচৰিত কৰি তুলিছে। 

অভিযুক্ত লোক জনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।যাত্ৰীজনে বেংককৰ পৰা বাংগালুৰুলৈ আহিছিল । নিয়ম অনুসৰি তালাচী চলোৱাৰ সময়তে যাত্ৰী জনৰ বেগত  সাপ  ওলাই পৰে। বাংগালুৰুৰ শুল্ক বিভাগে এক্স হেণ্ডেলত কৈছে  "অভিযুক্ত যাত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে,"  । আইন অনুসৰি, বন্যপ্ৰাণী সৰবৰাহ ভাৰতত এক অপৰাধ।

পাৰাগুৱে, বলিভিয়া, ব্ৰাজিল, উত্তৰ-পূব আৰ্জেণ্টিনা আৰু উত্তৰ উৰুগুৱেৰ নদীৰ পাৰত  হালধীয়া আণ্ডাকোণ্ডা পোৱা যায়। এই ধৰণৰ সাপ সাধাৰণতে জলাশয়ৰ ওচৰৰ এলেকাত বাস কৰে। ভাৰতীয় সংবিধানৰ দ্বাৰা বন্য জন্তুৰ বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ কৰা হৈছে । যোৱা বছৰ বাংগালুৰু বিমানবন্দৰৰ শুল্ক বিষয়াসকলে  কেংগাৰু  ২৩৪  টা বন্য জন্তু উদ্ধাৰ কৰিছিলষ সেইবোৰ  এজন যাত্ৰীয়ে বেংককৰ পৰা চোৰাংকৈ আনিছিল। 

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু