--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ''অপৰাধী আৰু মাফিয়াৰ পৰা ভয় খোৱাৰ একো কাৰণ নাই। এতিয়া সেইবোৰ অতীত। ইয়াত ‘দাদাগিৰি’ৰ ঠাই নাই। উত্তৰ প্ৰদেশ এতিয়া সম্পূৰ্ণ সুৰক্ষিত।’’- উত্তৰপ্ৰদেশৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্রী যোগী আদিত্যনাথে এইদৰে কৈছে।

উত্তৰপ্ৰদেশৰ ছাহাৰানপুৰত এখন ৰাজহুৱা সভাত তেওঁ এইদৰে কয়৷ তেওঁৰ কয়- "এতিয়াৰ পৰা কোনো মাফিয়া বা অপৰাধীৰ পৰা ভয় খাব নালাগে। আজি উত্তৰ প্ৰদেশ ভয়ৰ পৰা মুক্ত।”

যোগীয়ে পূৰ্বৰ চৰকাৰৰ ছবি আৰু তেওঁৰ চৰকাৰৰ দিনত হোৱা অপৰাধৰ ছবিৰ মাজতো তুলনা কৰে। তেওঁ কয়- "আগতে দুস্কৃতিকাৰীৰ ভয়ত ৰাজ্যৰ ছোৱালীবোৰে ক'তো পঢ়িবলৈ যাব পৰা নাছিল। কিন্তু এতিয়া ছবিখন সম্পূৰ্ণ সলনি হৈছে। আইন, শাসন আৰু অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰৰ ভূমিকা আজি সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ পৰিছে।" 

যোগীয়ে লগতে মন্তব্য কৰে যে তেওঁৰ চৰকাৰৰ শাসনত ৰাজ্যৰ ক’তো দাঙ্গা হোৱা নাই। যোগীয়ে দাবী কৰিছে যে আগতে উত্তৰ প্ৰদেশ মাফিয়া, অপৰাধীৰ দুৰ্গ বুলি জনা গৈছিল, এতিয়া সেই ছবিখনো সলনি হৈছে। তেওঁৰ ভাষাত "আজি বিশ্বই উত্তৰ প্ৰদেশক মাফিয়াৰ বাবে চিনি নাপায়, সমগ্ৰ বিশ্বই উত্তৰ প্ৰদেশক সংস্কৃতি আৰু উৎসৱৰ বাবেহে চিনি পায়।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে