--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঠোৰ অধ্যাৱসায় হ’ব পাৰে সফলতাৰ চাবিকাঠি৷এই কথা প্ৰমাণ কৰিলে লক্ষ্ণৌৰ এজন যুৱকে৷নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা লক্ষ্ণৌৰ সন্তোষ কুমাৰ অল ইণ্ডিয়া বাৰ পৰীক্ষাত জিলিকি উঠিল৷সন্তোষ কুমাৰ এজন আইনৰ ছাত্ৰ। লক্ষ্ণৌৰ ডাঃ ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত লক্ষ্ণৌত ৮ বছৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আহিছে সন্তোষে।  

প্ৰায় আঠ বছৰতকৈও অধিক সময় ধৰি নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি অহা কুমাৰ আৰ্থিকভাৱে টনকিয়াল নাছিল । যাৰ বাবে উচ্চ শিক্ষা লব পৰা নাছিল। কিন্তু ২০২২ চনৰ এপ্ৰিল মাহতেই  লক্ষ্ণৌৰ ডাঃ ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আইনৰ পৰীক্ষাগৃহৰ সন্মুখত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা সন্তোষ কুমাৰৰ বাবে দিনটো আছিল এটা বিশেষ দিন।

কিয়নো সেইদিনা পৰীক্ষাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্ৰশ্নকাকত আলোচনা কৰা শুনি ৩৫ বছৰীয়া সন্তোষ কুমাৰে ল'লে জীৱনৰ নতুন সিদ্ধান্ত। তেওঁ এজন ছাত্ৰক ক’লে যে তেওঁ আইনৰ স্নাতক আৰু যিহেতু আইনৰ বিষয়ে অধ্যয়ন কৰিছে তেওঁলোকে আলোচনা কৰা বিষয়বোৰৰ সৈতে কুমাৰ পৰিচিত। 

২০২২ চনত সেই মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে গম পালে যে তেওঁ উকীল হ’ব বিচাৰে, তেঁওৰ সপোন বাস্তবায়িত কৰিবলৈ সকলোৱে মিলি  ৯ হাজাৰ টকা সংগ্ৰহ কৰিলে যাতে সন্তোষে বাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ এখন হিন্দী কিতাপ কিনিব পাৰে। 

ইয়াৰ প্ৰায় এবছৰৰ পাছত সন্তোষৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বাবে ২০ মে’ত ভাৰতীয় বাৰ কাউন্সিলে অনুষ্ঠিত কৰা অৰ্হতা পৰীক্ষা অল ইণ্ডিয়া বাৰ পৰীক্ষা স্থান পাবলৈ সক্ষম হল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী