--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঠোৰ অধ্যাৱসায় হ’ব পাৰে সফলতাৰ চাবিকাঠি৷এই কথা প্ৰমাণ কৰিলে লক্ষ্ণৌৰ এজন যুৱকে৷নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা লক্ষ্ণৌৰ সন্তোষ কুমাৰ অল ইণ্ডিয়া বাৰ পৰীক্ষাত জিলিকি উঠিল৷সন্তোষ কুমাৰ এজন আইনৰ ছাত্ৰ। লক্ষ্ণৌৰ ডাঃ ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ত লক্ষ্ণৌত ৮ বছৰ নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আহিছে সন্তোষে।  

প্ৰায় আঠ বছৰতকৈও অধিক সময় ধৰি নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি অহা কুমাৰ আৰ্থিকভাৱে টনকিয়াল নাছিল । যাৰ বাবে উচ্চ শিক্ষা লব পৰা নাছিল। কিন্তু ২০২২ চনৰ এপ্ৰিল মাহতেই  লক্ষ্ণৌৰ ডাঃ ৰাম মনোহৰ লোহিয়া ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আইনৰ পৰীক্ষাগৃহৰ সন্মুখত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা সন্তোষ কুমাৰৰ বাবে দিনটো আছিল এটা বিশেষ দিন।

কিয়নো সেইদিনা পৰীক্ষাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্ৰশ্নকাকত আলোচনা কৰা শুনি ৩৫ বছৰীয়া সন্তোষ কুমাৰে ল'লে জীৱনৰ নতুন সিদ্ধান্ত। তেওঁ এজন ছাত্ৰক ক’লে যে তেওঁ আইনৰ স্নাতক আৰু যিহেতু আইনৰ বিষয়ে অধ্যয়ন কৰিছে তেওঁলোকে আলোচনা কৰা বিষয়বোৰৰ সৈতে কুমাৰ পৰিচিত। 

২০২২ চনত সেই মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে গম পালে যে তেওঁ উকীল হ’ব বিচাৰে, তেঁওৰ সপোন বাস্তবায়িত কৰিবলৈ সকলোৱে মিলি  ৯ হাজাৰ টকা সংগ্ৰহ কৰিলে যাতে সন্তোষে বাৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ এখন হিন্দী কিতাপ কিনিব পাৰে। 

ইয়াৰ প্ৰায় এবছৰৰ পাছত সন্তোষৰ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বাবে ২০ মে’ত ভাৰতীয় বাৰ কাউন্সিলে অনুষ্ঠিত কৰা অৰ্হতা পৰীক্ষা অল ইণ্ডিয়া বাৰ পৰীক্ষা স্থান পাবলৈ সক্ষম হল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস