--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱীয় প্ৰমূল্যক ভৰিৰে মোহাৰিলে ৰাজস্থানৰ এজন যুৱকে৷ৰাজস্থানৰ পালি জিলাত হাইড্ৰ’ফ’বিয়া ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত এজন ২৪ বছৰীয়া যুৱকে এগৰাকী বৃদ্ধাক হত্যা কৰে৷লগতে হত্যাৰ পাছত বৃদ্ধাগৰাকীৰ মাংস খোৱাৰ অভিযোগ উত্থাপন হৈছে৷ইয়াৰ পাছতে আৰক্ষীয়ে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে৷

প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতি দি আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে ছেন্দ্ৰ থানাৰ অন্তৰ্গত সাৰাধনা গাঁৱত শান্তি দেৱী (৬৫) গৰু চৰাবলৈ গৈছিল।সেই সময়তে অভিযুক্তই মহিলাগৰাকীক শিলেৰে আক্ৰমণ কৰি হত্যা কৰে বুলি তেওঁলোকে আৰক্ষীক জানিবলৈ দিয়ে।

জয়তৰণৰ উপ-আৰক্ষী অধীক্ষক সুখৰাম বিষ্ণোইয়ে কয় যে, "অভিযুক্তই মানসিক ৰোগীৰ দৰে আৰু আক্ৰমণাত্মকভাৱে আচৰণ কৰিছে। আমি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিছো। চিকিৎসালয়তো তেওঁ হুলস্থুলৰ সৃষ্টি কৰিছিল, তাৰ পিছত তেওঁক নাৰ্চে বান্ধি ৰাখিছিল।" তেওঁ কয় যে অভিযুক্ত মুম্বাইৰ পৰা বাছত চেন্দ্ৰালৈ আহিছিল, যিটো তথ্য তেওঁক কঢ়িয়াই অনা বাছৰ টিকটৰ জৰিয়তে নিশ্চিত হৈছিল।

শান্তি দেৱীৰ পুত্ৰ বীৰেণ কঠাতে মাতৃক হত্যা কৰি মাংস খোৱাৰ অভিযোগ তুলি আৰক্ষীৰ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে জনোৱা মতে, ঠাকুৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু লগতে নৃশংসতাৰ অভিযোগো উত্থাপন হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা