--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱীয় প্ৰমূল্যক ভৰিৰে মোহাৰিলে ৰাজস্থানৰ এজন যুৱকে৷ৰাজস্থানৰ পালি জিলাত হাইড্ৰ’ফ’বিয়া ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহত এজন ২৪ বছৰীয়া যুৱকে এগৰাকী বৃদ্ধাক হত্যা কৰে৷লগতে হত্যাৰ পাছত বৃদ্ধাগৰাকীৰ মাংস খোৱাৰ অভিযোগ উত্থাপন হৈছে৷ইয়াৰ পাছতে আৰক্ষীয়ে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰে৷

প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতি দি আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে ছেন্দ্ৰ থানাৰ অন্তৰ্গত সাৰাধনা গাঁৱত শান্তি দেৱী (৬৫) গৰু চৰাবলৈ গৈছিল।সেই সময়তে অভিযুক্তই মহিলাগৰাকীক শিলেৰে আক্ৰমণ কৰি হত্যা কৰে বুলি তেওঁলোকে আৰক্ষীক জানিবলৈ দিয়ে।

জয়তৰণৰ উপ-আৰক্ষী অধীক্ষক সুখৰাম বিষ্ণোইয়ে কয় যে, "অভিযুক্তই মানসিক ৰোগীৰ দৰে আৰু আক্ৰমণাত্মকভাৱে আচৰণ কৰিছে। আমি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিছো। চিকিৎসালয়তো তেওঁ হুলস্থুলৰ সৃষ্টি কৰিছিল, তাৰ পিছত তেওঁক নাৰ্চে বান্ধি ৰাখিছিল।" তেওঁ কয় যে অভিযুক্ত মুম্বাইৰ পৰা বাছত চেন্দ্ৰালৈ আহিছিল, যিটো তথ্য তেওঁক কঢ়িয়াই অনা বাছৰ টিকটৰ জৰিয়তে নিশ্চিত হৈছিল।

শান্তি দেৱীৰ পুত্ৰ বীৰেণ কঠাতে মাতৃক হত্যা কৰি মাংস খোৱাৰ অভিযোগ তুলি আৰক্ষীৰ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে জনোৱা মতে, ঠাকুৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু লগতে নৃশংসতাৰ অভিযোগো উত্থাপন হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস