--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰলৈ শান্তি ঘূৰাই অৰ্থে ৰাজ্য খনত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্য খনৰ নাগৰিক সমাজৰ লগতে মহিলা নেত্ৰীবৃন্দৰ সৈতে আলোচনা কৰে। জাতিগত সংঘৰ্ষ ৰোধ কৰিবলৈ নাগৰিক সমাজৰ একান্ত সহায়ৰ প্ৰয়োজন অনুভৱ কৰিয়েই শ্বাহে এনে পদক্ষেপ গ্ৰহণ কৰে।  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি  মহিলা নেতৃবৃন্দৰ এটা গোটৰ সৈতে প্ৰাতঃভোজন  কৰাৰ লগতে মণিপুৰৰ পৰিস্থিতিকলৈ আলোচনা কৰে।

 শ্বাহে হিংসাপীড়িত ৰাজ্যখনলৈ স্থায়ী শান্তি অনাৰ প্ৰচেষ্টাৰ অংশ হিচাপে সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতেও এক পৃথক বৈঠকত মিলিত হয়।  নাগৰিক সমাজ সংগঠনসমূহৰ সভাত আটাইয়ে   শান্তিৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। শ্বাহত তেোঁলোকে  আশ্বাস দিয়ে যে তেওঁলোকে মণিপুৰত স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে  কাম কৰিব। এনে বৈঠকৰ পিছতে অমিত শ্বাহে টুইটাৰত কয় "মণিপুৰত মহিলা নেতৃবৃন্দৰ (মীৰা পাইবি) এটা দলৰ সৈতে বৈঠকত মিলিত হ’লো।  সমাজত মহিলাৰ ভূমিকাৰ তাৎপৰ্যপূৰ্ণ। একেলগে আমি ৰাজ্যখনত শান্তি আৰু সমৃদ্ধি নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ," । এক পৃথক টুইটযোগে শ্বাহে কয়, "আজি ইম্ফলত বিভিন্ন নাগৰিক সমাজ সংগঠনৰ সদস্যসকলৰ সৈতে এক ফলপ্ৰসূ আলোচনা কৰা হয়। তেওঁলোকে শান্তিৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে আৰু আশ্বাস দিছে যে তেওঁলোকে  একেলগে মণিপুৰত স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ পথ প্ৰশস্ত কৰাত অৰিহণা যোগাব।" 

গৃহ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই জনোৱা অনুসৰি আজি পুৱা ইম্ফলত অনুষ্ঠিত বৈঠকত সকলোৱে সকলো প্ৰকাৰে মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ কথা দোহাৰে।যোৱা নিশা ইম্ফলত উপস্থিত হোৱাৰ পিছত শ্বাহে মুখ্যমন্ত্ৰী এন বীৰেন সিং, কেবিনেটৰ কেইজনমান মন্ত্ৰী, বিষয়া আৰু কেইজনমান ৰাজনৈতিক নেতাক সাক্ষাৎ কৰে। শ্বাহ মণিপুৰলৈ চাৰিদিনীয়া ভ্ৰমণসূচীলৈ আহিছে। ইয়াত থাকিয়েই তেওঁ   পৰিস্থিতিৰ মূল্যায়ন কৰাৰ লগতে  আৰু স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰৰ বাবে পৰৱৰ্তী পদক্ষেপৰ পৰিকল্পনা কৰিব।  তেওঁ এই সময়ছোৱাত কেইবাখনো  নিৰাপত্তাসম্পৰ্কীয়  বৈঠক অনুষ্ঠিত কৰিব। ৩ মে'ত মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ পিছত গৃহমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণ কৰিছে৷ মণিপুৰ চৰকাৰে ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাব পৰা যিকোনো ভুল তথ্য প্ৰচাৰ নকৰিবলৈ সকলোকে আহেবা জনাইছে। 

 অপপ্ৰচাৰ  কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও  সতৰ্কবাণী শুনোৱা হৈছে। মণিপুৰ  চৰকাৰৰ এজন বিষয়াই মঙলবাৰে কয় যে মণিপুৰৰ মুখ্য সচিব বিনীত যোশীয়ে  অপপ্ৰচাৰ ৰোধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে।উৰা বাতৰিৰ ফলত  ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে বুলিও তেওঁ কয়। ইপিনে অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ সময়তে সংঘৰ্ষত নিহতসকলৰ পৰিয়ালক আৰ্থিক সহায় আগবঢ়োৱা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে।উল্লেখ্য মণিপুৰৰ সৰ্বাধিক জনসংখ্যাৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী জনোৱালৈয়েই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। মেইটেই জমনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আন সম্প্ৰদায় তথা গোষ্ঠীৰ লোকসকল চাকৰি বাকৰি আৰু আন সুবিধা লাভ কৰাত বাধাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা কৰি আহিছে। ৰাজ্য খনত যিহেতু নিৱনুৱাৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ দুগুণ সেয়ে কাম নোপোৱাৰ চিন্তাত আন জনগোষ্ঠীসমূহ শংকিত হোৱাটো স্বাভাৱিক কথা বুলি বহুতে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement