--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ললিত মোদীৰ কথা আপোনাৰ নিশ্চয় মনত আছে৷দেশৰ পৰা বিত্তীয় জালিয়াতি কৰি বৰ্তমান লণ্ডনত বাস কৰিছে ললিতে৷শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰাক্তন আয়ুক্ত তথা উদ্যোগপতি ললিত মোদীক হাতত পানীয় লৈ এক অনুষ্ঠানত উল্লাস কৰা দেখা গ’ল। এই ভিডিঅ’টোত দেশৰ প্ৰভাৱশালী অধিবক্তা তথা প্ৰাক্তন ছলিচিটৰ জেনেৰেল হৰিশ ছালভেৰ বিয়া। ৬৮ বছৰ বয়সত তৃতীয়বাৰৰ বাবে ত্ৰিনাক বিয়া কৰায়। এই বিবাহ উদযাপনৰ বাবে এটা পাৰ্টিৰ আয়োজন কৰা হৈছিল, য’ত দেশৰ পলাতক উদ্যোগপতি ললিত মোদীও উপস্থিত আছিল। তেওঁ দম্পতীহালক শুভকামনা দিয়া আৰু উল্লাস কৰা দেখা গৈছে আৰু এই মুহূৰ্তৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

ললিত মোদীক আইনৰ ৰক্ষকৰ সৈতে ফ্ৰেমত উদযাপন কৰাটো কোনেও ভাল পোৱা নাই। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ প্ৰতিষ্ঠা কৰা এজন পলাতক ভাৰতীয় ব্যৱসায়ী তথা ক্ৰিকেট প্ৰশাসক ললিত মোদী। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰাক্তন উপ-সভাপতি। শেষবাৰৰ বাবে লাইমলাইটলৈ আহিছিল যেতিয়া বলীউড অভিনেতা তথা ১৯৯৪ চনৰ মিছ ইউনিভাৰ্ছ সুস্মিতা সেনৰ লগত ডেটিং আৰু ব্ৰেকআপৰ খবৰ আহিছিল। তেওঁ মোদী এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক আৰু গডফ্ৰে ফিলিপছ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক।তদুপৰি ১৯৯৯ চনত হিমাচল প্ৰদেশ ক্ৰিকেট সন্থালৈ নিৰ্বাচিত হৈছিল যদিও পিছলৈ সংঘ ত্যাগ কৰিবলৈ বাধ্য হয়। ২০০৪ চনত পঞ্জাৱ ক্ৰিকেট সন্থাৰ উপ-সভাপতি নিৰ্বাচিত হৈ ২০০৮ চনলৈকে এই পদত থাকে। ২০০৫ চনত ৰাজস্থান ক্ৰিকেট সন্থাৰ সভাপতি হোৱাৰ লগতে সেই বছৰতে বি চি চি আইৰ উপ-সভাপতি হয়।উল্লেখ্য যে ২০১০ চনত ধন সৰবৰাহ, আই পি এলৰ নিলামত ৰিগিং, বিষয়ৰ সিদ্ধান্ত লোৱাৰ সময়ত গভৰ্নিং কাউন্সিল বাইপাছ কৰা আদি অভিযোগত তেওঁক বি চি চি আইৰ পৰা নিলম্বন কৰা হয়। ইয়াৰ পাছত তেওঁ লণ্ডনলৈ গুচি যায় আৰু ইউৰোপত পৰিয়ালৰ ব্যৱসায় সম্প্ৰসাৰণ কৰে। ২০১৩ চনত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য বুলি ধৰা পৰে আৰু তেওঁক ঘোষিত অপৰাধী বুলি ঘোষণা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস