--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰতিষ্ঠাপক তথা পলাতক ব্যৱসায়ী ললিত মোদীয়ে যোৱা বছৰ অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে কিছু ছবি পোষ্ট কৰি সেনৰ প্ৰতি থকা প্ৰেমৰ কথা প্ৰকাশ কৰি যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এতিয়া যেন মোদীয়ে আকৌ এবাৰ প্ৰেম বিচাৰি পাইছে ৯০ৰ দশকৰ আন এগৰাকী ভাৰতীয় ছুপাৰ মডেল উজ্জ্বলা ৰাউটৰ ৰূপত৷

শেহতীয়াকৈ বিখ্যাত অধিবক্তা তথা ভাৰতৰ প্ৰাক্তন চলিচিটৰ জেনেৰেল হৰিশ ছালভে লণ্ডনত তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। ছালভে আৰু তেওঁৰ পত্নী ত্ৰিনাই ব্ৰিটিছ ৰাজধানীত এক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে য’ত ধনাঢ্যসকলকে ধৰি কিছুমান উল্লেখযোগ্য ভাৰতীয় ব্যৱসায়ী, অধিবক্তা, সমাজসেৱকে অংশগ্ৰহণ কৰে। অতিথিসকলৰ ভিতৰত বৰ্তমান লণ্ডনত থকা ললিত মোদীও আছিল।

ৰিচেপচনৰ পৰা শ্বেয়াৰ কৰা ছবিত মোদীক উজ্জ্বলা ৰাউটৰ সৈতে প’জ দিয়া দেখা গৈছে। বহু বাতৰি আৰু সাংবাদিকে তেওঁলোকক কেপচনত উজ্জ্বলাক ললিত মোদীৰ ‘প্ৰেমিকা’ বুলি উল্লেখ কৰি এহাল দম্পতী বুলি চিনাক্ত কৰিছে। এখন ছবিত ললিত মোদীয়ে – ক’লা চুট পিন্ধি – চিৰিৰ ওপৰত প’জ দিয়াৰ বিপৰীতে লেভেণ্ডাৰ গাউন পিন্ধা উজ্জলাই কেইখোজমান তলত বহি প’জ দিছে।

সংবাদ মাধ্যমৰ বাতৰিয়ে ইতিমধ্যে তেওঁলোকক দম্পতী বুলি অভিহিত কৰিছে যদিও এই কথা অস্বীকাৰ বা নিশ্চিত কৰা নাই ললিত মোদী বা উজ্জ্বলা ৰাউটে। তেওঁলোকৰ ছ’চিয়েল মিডিয়াতো ইজনে সিজনৰ বিষয়ে কৰা কোনো উল্লেখ নাই।

৫৯ বছৰীয়া ললিত মোদী ভাৰতত আৰ্থিক জালিয়াতিৰ অপৰাধত পলাই থকা পলাতক। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম আয়ুক্ত হিচাপে সুপৰিচিত মোদী,ধনাঢ্য মোদী ব্যৱসায়িক পৰিয়ালৰ বংশধৰ আৰু গডফ্ৰে ফিলিপছ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক। ৪৫ বছৰীয়া উজ্জ্বলা ৰাউট ৯০ দশকৰ আগশাৰীৰ মডেল আৰু ১৯৯৬ চনৰ মিছ ইণ্ডিয়াত চূড়ান্ত প্ৰতিযোগী আছিল।তেওঁ ভিক্টোৰিয়া ছিক্ৰেট ফেশ্বন শ্ব’ৰ বাবে খোজ কাঢ়ি যোৱা প্ৰথম ভাৰতীয়সকলৰ ভিতৰত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ