--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ প্ৰতিষ্ঠাপক তথা পলাতক ব্যৱসায়ী ললিত মোদীয়ে যোৱা বছৰ অভিনেত্ৰী সুস্মিতা সেনৰ সৈতে কিছু ছবি পোষ্ট কৰি সেনৰ প্ৰতি থকা প্ৰেমৰ কথা প্ৰকাশ কৰি যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এতিয়া যেন মোদীয়ে আকৌ এবাৰ প্ৰেম বিচাৰি পাইছে ৯০ৰ দশকৰ আন এগৰাকী ভাৰতীয় ছুপাৰ মডেল উজ্জ্বলা ৰাউটৰ ৰূপত৷

শেহতীয়াকৈ বিখ্যাত অধিবক্তা তথা ভাৰতৰ প্ৰাক্তন চলিচিটৰ জেনেৰেল হৰিশ ছালভে লণ্ডনত তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। ছালভে আৰু তেওঁৰ পত্নী ত্ৰিনাই ব্ৰিটিছ ৰাজধানীত এক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে য’ত ধনাঢ্যসকলকে ধৰি কিছুমান উল্লেখযোগ্য ভাৰতীয় ব্যৱসায়ী, অধিবক্তা, সমাজসেৱকে অংশগ্ৰহণ কৰে। অতিথিসকলৰ ভিতৰত বৰ্তমান লণ্ডনত থকা ললিত মোদীও আছিল।

ৰিচেপচনৰ পৰা শ্বেয়াৰ কৰা ছবিত মোদীক উজ্জ্বলা ৰাউটৰ সৈতে প’জ দিয়া দেখা গৈছে। বহু বাতৰি আৰু সাংবাদিকে তেওঁলোকক কেপচনত উজ্জ্বলাক ললিত মোদীৰ ‘প্ৰেমিকা’ বুলি উল্লেখ কৰি এহাল দম্পতী বুলি চিনাক্ত কৰিছে। এখন ছবিত ললিত মোদীয়ে – ক’লা চুট পিন্ধি – চিৰিৰ ওপৰত প’জ দিয়াৰ বিপৰীতে লেভেণ্ডাৰ গাউন পিন্ধা উজ্জলাই কেইখোজমান তলত বহি প’জ দিছে।

সংবাদ মাধ্যমৰ বাতৰিয়ে ইতিমধ্যে তেওঁলোকক দম্পতী বুলি অভিহিত কৰিছে যদিও এই কথা অস্বীকাৰ বা নিশ্চিত কৰা নাই ললিত মোদী বা উজ্জ্বলা ৰাউটে। তেওঁলোকৰ ছ’চিয়েল মিডিয়াতো ইজনে সিজনৰ বিষয়ে কৰা কোনো উল্লেখ নাই।

৫৯ বছৰীয়া ললিত মোদী ভাৰতত আৰ্থিক জালিয়াতিৰ অপৰাধত পলাই থকা পলাতক। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম আয়ুক্ত হিচাপে সুপৰিচিত মোদী,ধনাঢ্য মোদী ব্যৱসায়িক পৰিয়ালৰ বংশধৰ আৰু গডফ্ৰে ফিলিপছ ইণ্ডিয়াৰ কাৰ্যবাহী সঞ্চালক। ৪৫ বছৰীয়া উজ্জ্বলা ৰাউট ৯০ দশকৰ আগশাৰীৰ মডেল আৰু ১৯৯৬ চনৰ মিছ ইণ্ডিয়াত চূড়ান্ত প্ৰতিযোগী আছিল।তেওঁ ভিক্টোৰিয়া ছিক্ৰেট ফেশ্বন শ্ব’ৰ বাবে খোজ কাঢ়ি যোৱা প্ৰথম ভাৰতীয়সকলৰ ভিতৰত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস