--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি বিৰাট কোহলীৰ জন্মদিন। ক্ৰিকেটৰ ইতিহাসত এগৰাকী শ্ৰেষ্ঠ বেটাৰ হিচাপে গণ্য হোৱা এই ক্ৰিকেটাৰগৰাকীয়ে এক দশকজুৰি দেশবাসীৰ হৃদস্পন্দনত বাস কৰি আহিছে। অলেখ নাৰীৰো হৃদস্পন্দনক জোকাৰি যায় কোহলীৰ সুঠাম আৰু হেণ্ডচাম চাৱনি, আকৰ্ষণীয় ব্যক্তিত্ব আৰু ক্ৰীড়ানৈপুন্যতাই।

২০ চনত কোহলীয়ে অনুষ্কা শৰ্মাক বিয়া কৰায়। বৰ্তমান বলিউডৰ অভিনেত্ৰীগৰাকীৰ স’তে তেওঁ সুখৰ সংসাৰ পালন কৰি আহিছে।

কিন্তু অনুষ্কা শৰ্মাৰ পূৰ্বে কাৰ কাৰ হৃদয় চুৰ কৰিছিল কিং কোহলীয়ে? কোন কোন অভিনেত্ৰীৰ স’তে নিৰিবিলি মুহূৰ্ত পাৰ কৰিছিল কোহলীয়ে? চাও আহক এই সন্দৰ্ভত এক প্ৰতিবেদন।

২০০৭ চনৰ মিছ ইণ্ডিয়া চাৰাহ জেন ডায়াচ। পোনপ্ৰথমবাৰ বাবে কোহলীৰ প্ৰেমৰ সম্পৰ্ক চাৰাহৰ স’তেই জনাজাত হয়। সুন্দৰী চাৰাহ বয়সত ডাঙৰ হ’লেও প্ৰেমত পৰিছিল কোহলী। কিন্তু দুয়োগৰাকী তাৰকাই নিজ নিজ কেৰিয়াৰ-কৰ্মক্ষেত্ৰত ব্যস্ত আছিল বাবে তেওঁলোকৰ সম্পৰ্ক বিশেষ আগনাবাঢ়িল।

তমন্না ভাটিয়া। দক্ষিণ ভাৰতৰ এগৰাকী অন্যতম আবেদনময়ী অভিনেত্ৰী। ২০১২ চনত এই তমন্নাৰ স’তেই কোহলীৰ প্ৰেমকাহিনী জনাজাত হৈছিল। অৱশ্যে সকলো চৰ্চা তমন্নাই নিজে অস্বীকাৰ কৰিছিল।

দক্ষিণ ভাৰতৰ আন এগৰাকী অভিনেত্ৰী সঞ্জনা গলৰানি। ২০১১ চনত বেংগালুৰু ৰয়েল চেলেঞ্জাৰ্ছত কোহলীয়ে যোগ দিয়াৰ পাছতে সঞ্জনাৰ স’তে সম্পৰ্কৰ কথা চৰ্চালৈ আহে। কিন্তু পাছত সঞ্জনাই সকলো চৰ্চা অস্বীকাৰ কৰি বিৰাটক ‘কেৱল বন্ধু’ হিচাপেহে আখ্যা দিয়ে।

২০১২ চনত ‘তালাছ’ ছৱিৰ যোগেৰে বলিউডত পদাৰ্পন কৰা ব্ৰাজিলৰ অভিনেত্ৰী ইজাবেল লেইটৰ স’তেও কোহলীৰ ব্যাপক চৰ্চা হৈছিল। ২০১২ চনৰ পৰা ২০১৪ চনলৈকে ইজাবেলৰ স’তে কোহলীয়ে মধুৰ মুহূৰ্ত পাৰ কৰিছিল বুলি শুনা যায়। পাছত কোহলীয়েও তেওঁলোকৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল। কৈছিল যে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰেই তেওঁলোক এৰা এৰি হয়।

ইজাবেলৰ স’তে সম্পৰ্কত থাকোতেই আন এগৰাকী সুন্দৰীৰ স’তে বিৰাট কোহলীৰ চৰ্চা চলিছিল। নাম তেওঁৰ ঋত্বিকা সচদেৱ। সেই সময়ত দুয়োকে প্ৰায়ে একেলগে দেখা পোৱা গৈছিল। তাৎপৰ্যপূৰ্ণভাৱে ২০১৫ চনত কোহলীৰ সতীৰ্থ তথা বৰ্তমানৰ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ স’তে ঋত্বিকাৰ বিবাহপাশত আৱদ্ধ হয়। অৰ্থাৎ ৰোহিত-কোহলীৰ সম্পৰ্ক কেৱল খেলপথাৰতে সীমাৱদ্ধ নহয়!

সাক্ষী আগৰৱালা। তামিল অভিনেত্ৰী সাক্ষী আগৰাৱালৰ স’তেও চৰ্চা চলিছিল বিৰাটক লৈ। অৱশ্যে এই চৰ্চা বেছি দিন নিটিকিল।

ইমানখিনি সুন্দৰীৰ ভিৰৰ মাজত অৱশেষত অনুষ্কা শৰ্মাৰ স’তে স্থায়ী সম্পৰ্ক গঢ়ে কোহলীয়ে। ২০১৭ চনৰ ১১ ডিচেম্বৰত দুয়োৰে বিবাহ হৈ যায়। ২০২২ চনত জানুৱাৰীত তেওঁলোকৰ কন্যা ভামিকাৰ জন্ম হয়। বৰ্তমান অনুষ্কাৰ স’তে বিৰাটে সুখী দাম্পত্য জীৱন কটাই আছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement