--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি বিৰাট কোহলীৰ জন্মদিন। ক্ৰিকেটৰ ইতিহাসত এগৰাকী শ্ৰেষ্ঠ বেটাৰ হিচাপে গণ্য হোৱা এই ক্ৰিকেটাৰগৰাকীয়ে এক দশকজুৰি দেশবাসীৰ হৃদস্পন্দনত বাস কৰি আহিছে। অলেখ নাৰীৰো হৃদস্পন্দনক জোকাৰি যায় কোহলীৰ সুঠাম আৰু হেণ্ডচাম চাৱনি, আকৰ্ষণীয় ব্যক্তিত্ব আৰু ক্ৰীড়ানৈপুন্যতাই।

২০ চনত কোহলীয়ে অনুষ্কা শৰ্মাক বিয়া কৰায়। বৰ্তমান বলিউডৰ অভিনেত্ৰীগৰাকীৰ স’তে তেওঁ সুখৰ সংসাৰ পালন কৰি আহিছে।

কিন্তু অনুষ্কা শৰ্মাৰ পূৰ্বে কাৰ কাৰ হৃদয় চুৰ কৰিছিল কিং কোহলীয়ে? কোন কোন অভিনেত্ৰীৰ স’তে নিৰিবিলি মুহূৰ্ত পাৰ কৰিছিল কোহলীয়ে? চাও আহক এই সন্দৰ্ভত এক প্ৰতিবেদন।

২০০৭ চনৰ মিছ ইণ্ডিয়া চাৰাহ জেন ডায়াচ। পোনপ্ৰথমবাৰ বাবে কোহলীৰ প্ৰেমৰ সম্পৰ্ক চাৰাহৰ স’তেই জনাজাত হয়। সুন্দৰী চাৰাহ বয়সত ডাঙৰ হ’লেও প্ৰেমত পৰিছিল কোহলী। কিন্তু দুয়োগৰাকী তাৰকাই নিজ নিজ কেৰিয়াৰ-কৰ্মক্ষেত্ৰত ব্যস্ত আছিল বাবে তেওঁলোকৰ সম্পৰ্ক বিশেষ আগনাবাঢ়িল।

তমন্না ভাটিয়া। দক্ষিণ ভাৰতৰ এগৰাকী অন্যতম আবেদনময়ী অভিনেত্ৰী। ২০১২ চনত এই তমন্নাৰ স’তেই কোহলীৰ প্ৰেমকাহিনী জনাজাত হৈছিল। অৱশ্যে সকলো চৰ্চা তমন্নাই নিজে অস্বীকাৰ কৰিছিল।

দক্ষিণ ভাৰতৰ আন এগৰাকী অভিনেত্ৰী সঞ্জনা গলৰানি। ২০১১ চনত বেংগালুৰু ৰয়েল চেলেঞ্জাৰ্ছত কোহলীয়ে যোগ দিয়াৰ পাছতে সঞ্জনাৰ স’তে সম্পৰ্কৰ কথা চৰ্চালৈ আহে। কিন্তু পাছত সঞ্জনাই সকলো চৰ্চা অস্বীকাৰ কৰি বিৰাটক ‘কেৱল বন্ধু’ হিচাপেহে আখ্যা দিয়ে।

২০১২ চনত ‘তালাছ’ ছৱিৰ যোগেৰে বলিউডত পদাৰ্পন কৰা ব্ৰাজিলৰ অভিনেত্ৰী ইজাবেল লেইটৰ স’তেও কোহলীৰ ব্যাপক চৰ্চা হৈছিল। ২০১২ চনৰ পৰা ২০১৪ চনলৈকে ইজাবেলৰ স’তে কোহলীয়ে মধুৰ মুহূৰ্ত পাৰ কৰিছিল বুলি শুনা যায়। পাছত কোহলীয়েও তেওঁলোকৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰিছিল। কৈছিল যে পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰেই তেওঁলোক এৰা এৰি হয়।

ইজাবেলৰ স’তে সম্পৰ্কত থাকোতেই আন এগৰাকী সুন্দৰীৰ স’তে বিৰাট কোহলীৰ চৰ্চা চলিছিল। নাম তেওঁৰ ঋত্বিকা সচদেৱ। সেই সময়ত দুয়োকে প্ৰায়ে একেলগে দেখা পোৱা গৈছিল। তাৎপৰ্যপূৰ্ণভাৱে ২০১৫ চনত কোহলীৰ সতীৰ্থ তথা বৰ্তমানৰ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ স’তে ঋত্বিকাৰ বিবাহপাশত আৱদ্ধ হয়। অৰ্থাৎ ৰোহিত-কোহলীৰ সম্পৰ্ক কেৱল খেলপথাৰতে সীমাৱদ্ধ নহয়!

সাক্ষী আগৰৱালা। তামিল অভিনেত্ৰী সাক্ষী আগৰাৱালৰ স’তেও চৰ্চা চলিছিল বিৰাটক লৈ। অৱশ্যে এই চৰ্চা বেছি দিন নিটিকিল।

ইমানখিনি সুন্দৰীৰ ভিৰৰ মাজত অৱশেষত অনুষ্কা শৰ্মাৰ স’তে স্থায়ী সম্পৰ্ক গঢ়ে কোহলীয়ে। ২০১৭ চনৰ ১১ ডিচেম্বৰত দুয়োৰে বিবাহ হৈ যায়। ২০২২ চনত জানুৱাৰীত তেওঁলোকৰ কন্যা ভামিকাৰ জন্ম হয়। বৰ্তমান অনুষ্কাৰ স’তে বিৰাটে সুখী দাম্পত্য জীৱন কটাই আছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু