--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত দুবছৰ ধৰি আই পি এলত দহটা দলে খেলি আহিছে। তাৰ আগতে মাত্ৰ এবাৰহে অনুষ্ঠিত হৈছিল দহ দলৰ আই পি এল। ২০১১ চনত পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া আৰু কোচি টাস্কাৰছ কেৰালাই খেলিছিল। পিছৰ বছৰ চুক্তি ভংগৰ বাবে কোচিক অযোগ্য ঘোষণা কৰা হয়। ১৩ বছৰৰ পাছত শান্তকুমাৰন শ্ৰীসান্তে সেই দলৰ পৰা ধন বিচাৰিছে৷

কোচিত থকা সময়ছোৱাত শ্ৰীসান্তে ব্ৰেণ্ডন মেককালাম, মহেলা জয়ৱৰ্ধনে, ৰবীন্দ্ৰ জাডেজাকে ধৰি বহু বিখ্যাত ক্ৰিকেটাৰৰ সৈতে খেলিছিল। শেহতীয়াকৈ ইউটিউবৰ এটা অনুষ্ঠানলৈ আহি কৈছিল, "ক্ৰিকেটাৰৰ বাবে তেওঁলোকে বহুত টকা দিব লাগে।"

শ্ৰীসান্তে লগতে কয়, “মই তেওঁলোকৰ পৰা বহুত টকা পাওঁ। মুৰলীধৰণ ছাৰ, মহেলাক সুধিলে গম পাব কিমান টকা বাকী আছে। মেককালাম, জাডেজাইও পাবলৈ আছে।"

শ্ৰীসান্তে ভাবিলে যে ইমান দিনে বাতিল কৰা দলটোৰ পৰা কোনেও কিয় প্ৰাপ্য ধন দাবী কৰা নাই। যিসকলৰ টকা বাকী আছে তেওঁলোকক মাত মাতিবলৈ অনুৰোধ জনায়।

শ্ৰীসান্তে ক’লে, “প্লিজ আমাক টকাখিনি দিয়ক। ব’ৰ্ডে আপোনাক টকা দিছে। যেতিয়াই আমাক টকা দিব, প্ৰতি বছৰে ১৮ শতাংশ সুত দিব।’’ ইয়াৰ পিছত শ্ৰীসান্তে ধেমালিতে ক'লে, "মই ভাবো যে যিদিনা তেওঁলোকে ধন দিব, সেইদিনা মোৰ ল'ৰাৰ বিয়া হৈ যাব।"

শ্ৰীসান্তে কয়, প্ৰথম অৱস্থাত কোচিয়ে আই পি এলত তিনি বছৰ খেলিব বুলি কোৱাটো ঠিকেই আছিল। কিন্তু কিবা কাৰণত প্ৰথম বছৰৰ পিছত চুক্তিখন বাতিল হ’ল। শ্ৰীসান্তৰ দাবী, "মই নাজানো কিয় ইমান দিনে কোনেও একো কোৱা নাই।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ