--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত দুবছৰ ধৰি আই পি এলত দহটা দলে খেলি আহিছে। তাৰ আগতে মাত্ৰ এবাৰহে অনুষ্ঠিত হৈছিল দহ দলৰ আই পি এল। ২০১১ চনত পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া আৰু কোচি টাস্কাৰছ কেৰালাই খেলিছিল। পিছৰ বছৰ চুক্তি ভংগৰ বাবে কোচিক অযোগ্য ঘোষণা কৰা হয়। ১৩ বছৰৰ পাছত শান্তকুমাৰন শ্ৰীসান্তে সেই দলৰ পৰা ধন বিচাৰিছে৷

কোচিত থকা সময়ছোৱাত শ্ৰীসান্তে ব্ৰেণ্ডন মেককালাম, মহেলা জয়ৱৰ্ধনে, ৰবীন্দ্ৰ জাডেজাকে ধৰি বহু বিখ্যাত ক্ৰিকেটাৰৰ সৈতে খেলিছিল। শেহতীয়াকৈ ইউটিউবৰ এটা অনুষ্ঠানলৈ আহি কৈছিল, "ক্ৰিকেটাৰৰ বাবে তেওঁলোকে বহুত টকা দিব লাগে।"

শ্ৰীসান্তে লগতে কয়, “মই তেওঁলোকৰ পৰা বহুত টকা পাওঁ। মুৰলীধৰণ ছাৰ, মহেলাক সুধিলে গম পাব কিমান টকা বাকী আছে। মেককালাম, জাডেজাইও পাবলৈ আছে।"

শ্ৰীসান্তে ভাবিলে যে ইমান দিনে বাতিল কৰা দলটোৰ পৰা কোনেও কিয় প্ৰাপ্য ধন দাবী কৰা নাই। যিসকলৰ টকা বাকী আছে তেওঁলোকক মাত মাতিবলৈ অনুৰোধ জনায়।

শ্ৰীসান্তে ক’লে, “প্লিজ আমাক টকাখিনি দিয়ক। ব’ৰ্ডে আপোনাক টকা দিছে। যেতিয়াই আমাক টকা দিব, প্ৰতি বছৰে ১৮ শতাংশ সুত দিব।’’ ইয়াৰ পিছত শ্ৰীসান্তে ধেমালিতে ক'লে, "মই ভাবো যে যিদিনা তেওঁলোকে ধন দিব, সেইদিনা মোৰ ল'ৰাৰ বিয়া হৈ যাব।"

শ্ৰীসান্তে কয়, প্ৰথম অৱস্থাত কোচিয়ে আই পি এলত তিনি বছৰ খেলিব বুলি কোৱাটো ঠিকেই আছিল। কিন্তু কিবা কাৰণত প্ৰথম বছৰৰ পিছত চুক্তিখন বাতিল হ’ল। শ্ৰীসান্তৰ দাবী, "মই নাজানো কিয় ইমান দিনে কোনেও একো কোৱা নাই।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু