--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী কেপিটেলছৰ অনুশীলনত সতীৰ্থ ত্ৰিষ্টান ষ্টাবছক বল কৰা নাই কুলদীপ যাদৱে। বাওঁহাতৰ স্পিনাৰগৰাকীয়ে নিজৰ সতীৰ্থক নেটত সোমাবলৈ দিবলৈ অস্বীকাৰ কৰে। একাধিক অনুৰোধ নাকচ কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীক কুলদীপে বল নিদিয়াৰ কাৰণ নাজানে দিল্লী কেপিটেলছ কৰ্তৃপক্ষইও।

কিছুদিন পূৰ্বে ষ্টাবছে কৈছিল যে কুলদীপে কেতিয়াও তেওঁক নেটত বলিং কৰিব নিবিচাৰে। আই পি এললৈ অহাৰ প্ৰস্তুতিৰ বাবে দুখ প্ৰকাশ কৰিছে ষ্টাবছে। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো কুলদীপে ক’বলৈ মান্তি নহ’ল। তেওঁ ক'লে, "কুলদীপে মোক বলিং কৰিব নিবিচাৰে। কেইবাবাৰো তাৰ বল নেটত খেলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু মই বেট ধৰিলে কুলদীপে আৰু বল নকৰে। যেন এটা গোপন কথা লুকুৱাব বিচাৰে।’’

আগন্তুক টি-২০ বিশ্বকাপৰ কথা ভাবি এই কাম কৰিছে নেকি কুলদীপে? ষ্টাবছে ক'লে, "কুলদীপে কেতিয়াও তেনেকৈ  একো কোৱা নাছিল। এইটোও এটা কাৰণ হ’ব পাৰে। ইয়াত আমি একেলগে খেলি আছো। কিন্তু মই বিশ্বকাপত প্ৰতিদ্বন্দ্বী হিচাপে খেলিম।’’

প্ৰটিয়াৰ সতীৰ্থগৰাকীয়ে কুলদীপক নেটত বলিং কৰাটো নিবিচাৰিলেও দিল্লী কেপিটেলছৰ মাজত কোনো বিতৰ্ক নাই যদিও ৰহস্যৰ সৃষ্টি হৈছে। দিল্লীৰ প্ৰশিক্ষক ৰিকি পণ্টিঙৰ মতে কুলদীপ এতিয়া বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বাওঁহাতৰ স্পিনাৰ। জাতীয় স্বাৰ্থৰ বাবে ই নিজৰ যিকোনো বিশেষ অস্ত্ৰ লুকুৱাব পাৰে। হয়তো তেওঁ এই মুহূৰ্তত আন দেশৰ ক্ৰিকেটাৰক নিজৰ স্পিনৰ লগত অভ্যস্ত হ’বলৈ নিবিচাৰে। কাৰণ বলাৰসকলে সাধাৰণতে নেটত নতুন অস্ত্ৰ এটা চেষ্টা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকা-ইৰানৰ যুদ্ধক লৈ ৰাষ্ট্ৰসংঘৰ আশংকা; দাৰিদ্র্য সীমাৰেখাৰ তললৈ যাব বিশ্বৰ ৩ কোটি লোক
ইৰানী সেনাৰ আক্ৰমণত বিধ্বস্ত মার্কিন সামৰিক ঘাটি
আধাৰ কাৰ্ড এতিয়াৰে পৰা জন্মৰ তাৰিখৰ প্ৰমাণ নহয়: UIDAI-ৰ নতুন নিৰ্দেশনা
নয়দাত চাইবাৰ প্ৰৱঞ্চকৰ জাল: 'ডিজিটেল এৰেষ্ট'ৰ ভয় দেখুৱাই বৃদ্ধৰ পৰা লুটিলে ৮৫ লাখ টকা
নিমাতীৰ এশ বিঘা মাটিত হোৱা নাই খেতি
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ