--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী কেপিটেলছৰ অনুশীলনত সতীৰ্থ ত্ৰিষ্টান ষ্টাবছক বল কৰা নাই কুলদীপ যাদৱে। বাওঁহাতৰ স্পিনাৰগৰাকীয়ে নিজৰ সতীৰ্থক নেটত সোমাবলৈ দিবলৈ অস্বীকাৰ কৰে। একাধিক অনুৰোধ নাকচ কৰা হৈছে। দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰগৰাকীক কুলদীপে বল নিদিয়াৰ কাৰণ নাজানে দিল্লী কেপিটেলছ কৰ্তৃপক্ষইও।

কিছুদিন পূৰ্বে ষ্টাবছে কৈছিল যে কুলদীপে কেতিয়াও তেওঁক নেটত বলিং কৰিব নিবিচাৰে। আই পি এললৈ অহাৰ প্ৰস্তুতিৰ বাবে দুখ প্ৰকাশ কৰিছে ষ্টাবছে। বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো কুলদীপে ক’বলৈ মান্তি নহ’ল। তেওঁ ক'লে, "কুলদীপে মোক বলিং কৰিব নিবিচাৰে। কেইবাবাৰো তাৰ বল নেটত খেলিবলৈ চেষ্টা কৰিলোঁ। কিন্তু মই বেট ধৰিলে কুলদীপে আৰু বল নকৰে। যেন এটা গোপন কথা লুকুৱাব বিচাৰে।’’

আগন্তুক টি-২০ বিশ্বকাপৰ কথা ভাবি এই কাম কৰিছে নেকি কুলদীপে? ষ্টাবছে ক'লে, "কুলদীপে কেতিয়াও তেনেকৈ  একো কোৱা নাছিল। এইটোও এটা কাৰণ হ’ব পাৰে। ইয়াত আমি একেলগে খেলি আছো। কিন্তু মই বিশ্বকাপত প্ৰতিদ্বন্দ্বী হিচাপে খেলিম।’’

প্ৰটিয়াৰ সতীৰ্থগৰাকীয়ে কুলদীপক নেটত বলিং কৰাটো নিবিচাৰিলেও দিল্লী কেপিটেলছৰ মাজত কোনো বিতৰ্ক নাই যদিও ৰহস্যৰ সৃষ্টি হৈছে। দিল্লীৰ প্ৰশিক্ষক ৰিকি পণ্টিঙৰ মতে কুলদীপ এতিয়া বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বাওঁহাতৰ স্পিনাৰ। জাতীয় স্বাৰ্থৰ বাবে ই নিজৰ যিকোনো বিশেষ অস্ত্ৰ লুকুৱাব পাৰে। হয়তো তেওঁ এই মুহূৰ্তত আন দেশৰ ক্ৰিকেটাৰক নিজৰ স্পিনৰ লগত অভ্যস্ত হ’বলৈ নিবিচাৰে। কাৰণ বলাৰসকলে সাধাৰণতে নেটত নতুন অস্ত্ৰ এটা চেষ্টা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
ৰে'ল যাত্ৰীসকলৰ বাবে সুখবৰ! এতিয়াৰে পৰা ৰে'লৰ ভিতৰতো ATM ৰ পৰা উলিয়াব পাৰিব নগদ ধন
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক