--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁ আই পি এলত নিজৰ ষ্ট্ৰাইক ৰেটৰ কথা চিন্তা কৰিব নিবিচাৰে। কোহলীয়ে এইবাৰ ‘স্লগ ছুইপ’ খেলা দেখা গৈছে। এই নতুন কৌশল কেনেকৈ পালে ক’লে তেওঁ।

শেহতীয়াকৈ স্পিনাৰৰ বিৰুদ্ধে এই শ্বটটো খেলা দেখা গৈছে কোহলীয়ে। সফলতাও লাভ কৰিছে। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে কয় যে তেওঁ ‘স্লগ ছুইপ’ শ্বটটো লৈছিল কাৰণ তেওঁ নতুন কিবা এটা শিকিব বিচাৰিছিল।

আই পি এলে পোষ্ট কৰা এটা ভিডিঅ’ত কোহলীয়ে কয়, ‘মই এনে এজন ক্ৰিকেটাৰ নহয় যিয়ে বহি বহি এটা বিশেষ শ্বট শিকিব আৰু কেতিয়াও নিজৰ খেল উন্নত কৰাৰ চেষ্টা নকৰে। মোৰ বাবে ৰাণতকৈ মই কিমান ভাল খেলিলোঁ সেয়া বেছি গুৰুত্বপূৰ্ণ। মই অনুশীলনত যিদৰে খেলিছিলো, সেইদৰে খেলপথাৰতো খেলিবলৈ চেষ্টা কৰো।’

কোহলীয়ে লগতে কয়, ‘আপোনাৰ খেলৰ উন্নতিৰ বাবে প্ৰত্যাহ্বান আছে। একেলগে একো উন্নতি নহয়। ষ্টেপ বাই ষ্টেপ হয়। মোৰ খেলখন উন্নত কৰিবলৈ স্লগ ছুইপটো মাৰিবলৈ ধৰিলোঁ। তাৰ বাবে মই নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব লগা হৈছিল।”

কোহলীৰ মতে, ৰিস্ক নোহোৱাকৈ এনে শ্বট খেলা সম্ভৱ নহয়। আউট হোৱাৰ সম্ভাৱনা আছে। কিন্তু তেওঁ নিজকে মানসিকভাৱে ইমান কঠিন কৰি তুলিছে যে এই শ্বটটো খেলিবলৈ তেওঁ লাজ নকৰে।

কোহলীয়ে কয়, ‘মই অলপ ৰিস্ক লৈ ফিল্ডিঙত ফাঁক বিচাৰি এই শ্বটটো খেলিবলৈ চেষ্টা কৰোঁ। এইবাৰ আই পি এলত 'স্লগ ছুইপ' খেলি মই বহুত লাভৱান হৈছো। মই ভাবো এই শ্বটটো ইচ্ছাশক্তি অবিহনে খেলিব নোৱাৰি।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু