--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁ আই পি এলত নিজৰ ষ্ট্ৰাইক ৰেটৰ কথা চিন্তা কৰিব নিবিচাৰে। কোহলীয়ে এইবাৰ ‘স্লগ ছুইপ’ খেলা দেখা গৈছে। এই নতুন কৌশল কেনেকৈ পালে ক’লে তেওঁ।

শেহতীয়াকৈ স্পিনাৰৰ বিৰুদ্ধে এই শ্বটটো খেলা দেখা গৈছে কোহলীয়ে। সফলতাও লাভ কৰিছে। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে কয় যে তেওঁ ‘স্লগ ছুইপ’ শ্বটটো লৈছিল কাৰণ তেওঁ নতুন কিবা এটা শিকিব বিচাৰিছিল।

আই পি এলে পোষ্ট কৰা এটা ভিডিঅ’ত কোহলীয়ে কয়, ‘মই এনে এজন ক্ৰিকেটাৰ নহয় যিয়ে বহি বহি এটা বিশেষ শ্বট শিকিব আৰু কেতিয়াও নিজৰ খেল উন্নত কৰাৰ চেষ্টা নকৰে। মোৰ বাবে ৰাণতকৈ মই কিমান ভাল খেলিলোঁ সেয়া বেছি গুৰুত্বপূৰ্ণ। মই অনুশীলনত যিদৰে খেলিছিলো, সেইদৰে খেলপথাৰতো খেলিবলৈ চেষ্টা কৰো।’

কোহলীয়ে লগতে কয়, ‘আপোনাৰ খেলৰ উন্নতিৰ বাবে প্ৰত্যাহ্বান আছে। একেলগে একো উন্নতি নহয়। ষ্টেপ বাই ষ্টেপ হয়। মোৰ খেলখন উন্নত কৰিবলৈ স্লগ ছুইপটো মাৰিবলৈ ধৰিলোঁ। তাৰ বাবে মই নিজকে মানসিকভাৱে প্ৰস্তুত কৰিব লগা হৈছিল।”

কোহলীৰ মতে, ৰিস্ক নোহোৱাকৈ এনে শ্বট খেলা সম্ভৱ নহয়। আউট হোৱাৰ সম্ভাৱনা আছে। কিন্তু তেওঁ নিজকে মানসিকভাৱে ইমান কঠিন কৰি তুলিছে যে এই শ্বটটো খেলিবলৈ তেওঁ লাজ নকৰে।

কোহলীয়ে কয়, ‘মই অলপ ৰিস্ক লৈ ফিল্ডিঙত ফাঁক বিচাৰি এই শ্বটটো খেলিবলৈ চেষ্টা কৰোঁ। এইবাৰ আই পি এলত 'স্লগ ছুইপ' খেলি মই বহুত লাভৱান হৈছো। মই ভাবো এই শ্বটটো ইচ্ছাশক্তি অবিহনে খেলিব নোৱাৰি।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ