--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে জেমছ এণ্ডাৰছনে। অহা জুলাই মাহত লৰ্ডছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট হ’ব তেওঁৰ শেষ টেষ্ট।

 ৪১ বছৰীয়া বলাৰগৰাকীয়ে ২০০৩ চনত জিম্বাবুৱেৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায়। ২০০২ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰা বিশ্বৰ একমাত্ৰ বেগী বলাৰ।

ছ’চিয়েল মিডিয়াত অৱসৰৰ কথা ঘোষণা কৰি এণ্ডাৰছনে লিখিছে, “সকলোৰে বাবে মোৰ এটা বিশেষ বাৰ্তা আছে। অহা গ্ৰীষ্মকালত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মোৰ ক্ৰিকেট কেৰিয়াৰৰ শেষ টেষ্ট মেচ হ’ব। ২০ বছৰ ধৰি দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা। সৰুৰে পৰা ক্ৰিকেট খেলি ভাল পাওঁ। ইংলেণ্ডৰ হৈ খেলাৰ সেই মুহূৰ্তবোৰ মই মিছ কৰিম। কিন্তু মই ভাবো এইটোৱেই পিছুৱাই যোৱাৰ সৰ্বোত্তম সময়।’’

ইংলেণ্ডৰ হৈ এণ্ডাৰছনে ১৮৭খন টেষ্ট, ১৯৪খন এদিনীয়া মেচ আৰু ১৯খন টি-২০ মেচ খেলিছে। ২০১৫ চনৰ পিছত অৱশ্যে তেওঁ দেশৰ হৈ বগা বল ক্ৰিকেট খেলা নাছিল। টেষ্টত ৭০০ উইকেটৰ লগতে এদিনীয়াত ২৬৯টা আৰু টি-২০ত ১৮টা উইকেট লাভ কৰিছে। বছৰৰ আৰম্ভণিতে টেষ্ট শৃংখলা খেলিবলৈ ভাৰত ভ্ৰমণ কৰিছিল এণ্ডাৰছনে। ভাৰত ভ্ৰমণত ষষ্ঠবাৰৰ বাবে তেওঁ চাৰিখন টেষ্ট খেলাৰ সুযোগ লাভ কৰিছিল। ৪১ বছৰীয়া শক্তিশালী বলাৰগৰাকীয়ে ১০টা উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ