--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে জেমছ এণ্ডাৰছনে। অহা জুলাই মাহত লৰ্ডছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট হ’ব তেওঁৰ শেষ টেষ্ট।

 ৪১ বছৰীয়া বলাৰগৰাকীয়ে ২০০৩ চনত জিম্বাবুৱেৰ বিৰুদ্ধে টেষ্ট খেলত অভিষেক ঘটায়। ২০০২ চনত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰা বিশ্বৰ একমাত্ৰ বেগী বলাৰ।

ছ’চিয়েল মিডিয়াত অৱসৰৰ কথা ঘোষণা কৰি এণ্ডাৰছনে লিখিছে, “সকলোৰে বাবে মোৰ এটা বিশেষ বাৰ্তা আছে। অহা গ্ৰীষ্মকালত লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্ট মোৰ ক্ৰিকেট কেৰিয়াৰৰ শেষ টেষ্ট মেচ হ’ব। ২০ বছৰ ধৰি দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা। সৰুৰে পৰা ক্ৰিকেট খেলি ভাল পাওঁ। ইংলেণ্ডৰ হৈ খেলাৰ সেই মুহূৰ্তবোৰ মই মিছ কৰিম। কিন্তু মই ভাবো এইটোৱেই পিছুৱাই যোৱাৰ সৰ্বোত্তম সময়।’’

ইংলেণ্ডৰ হৈ এণ্ডাৰছনে ১৮৭খন টেষ্ট, ১৯৪খন এদিনীয়া মেচ আৰু ১৯খন টি-২০ মেচ খেলিছে। ২০১৫ চনৰ পিছত অৱশ্যে তেওঁ দেশৰ হৈ বগা বল ক্ৰিকেট খেলা নাছিল। টেষ্টত ৭০০ উইকেটৰ লগতে এদিনীয়াত ২৬৯টা আৰু টি-২০ত ১৮টা উইকেট লাভ কৰিছে। বছৰৰ আৰম্ভণিতে টেষ্ট শৃংখলা খেলিবলৈ ভাৰত ভ্ৰমণ কৰিছিল এণ্ডাৰছনে। ভাৰত ভ্ৰমণত ষষ্ঠবাৰৰ বাবে তেওঁ চাৰিখন টেষ্ট খেলাৰ সুযোগ লাভ কৰিছিল। ৪১ বছৰীয়া শক্তিশালী বলাৰগৰাকীয়ে ১০টা উইকেট দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু