--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইণ্ডিয়াল প্ৰিমিয়াৰ লীগ, চমুকৈ আইপিএল বিশ্বৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় ক্লাব ক্ৰিকেট প্ৰতিযোগিতা হিচাপে প্ৰমাণিত হৈছে। বৃহৎ পৰিমাণৰ অৰ্থসমৃদ্ধ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে ক্ৰিকেট বিশ্বৰ অধিকাংশ খেলুৱৈয়ে। আইপিএলত দাঙি ধৰা প্ৰদৰ্শনৰ যোগেদিয়েই আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ সুযোগ সৃষ্টি কৰিছে বিদেশৰ কেইবাগৰাকীও খেলুৱৈয়ে। এই বহুল জনপ্ৰিয় ক্ৰিকেট টুৰ্ণামেণ্টখন সম্প্ৰতি আন এক বিষয়ৰ বাবে পুনৰ চৰ্চালৈ আহিছে। এই চৰ্চাৰ আঁৰত আছে নিউজিলেণ্ডৰ প্ৰাক্তন বেটাৰ ৰছ টেইলৰৰ এক চাঞ্চল্যকৰ উক্তি।

শেহতীয়াকৈ টেইলৰে লিখি উলিয়াইছে তেওঁৰ আত্মজীৱন। "ব্লেক এণ্ড হোৱাইট" শীৰ্ষক এই আত্মজীৱনীখন ইতিমধ্যে প্ৰকাশ পাইছে। এই গ্ৰন্থথখনত টেইলৰে উল্লেখ কৰা এক বিশেষ ঘটনাই সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। টেইলৰৰ এই বিশেষ উক্তিটো আইপিএলৰ সৈতে জড়িত হৈ আছে।

কিতাপখনত টেইলৰে লিখিছে যে তেওঁ যেতিয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেলিছিল, দলৰ এগৰাকী মালিকে তেওঁক তিনি-চাৰিটাকৈ চৰ শোধাইইছিল। অৱশ্যে এই চৰকেইটা ধেমালিসূচকেই আছিল নে প্ৰকৃততেই চৰিওৱাহৈছিল সেই সম্পৰ্কে তেওঁ নিশ্চিত নহয় বুলিও উল্লেখ কৰে।

টেইলৰে গ্ৰন্থখনত দিয়া বিৱৰণ অনুসৰি ৰাজস্থান ৰয়েলছে সেইদিনা মোহালিত কিংছ ইলেভেন পাঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল। ৰাজস্থানৰ সন্মুখত মেচখনত জয়ৰ লক্ষ্য আছিল ১৯৫ ৰান। মেচখনত টেইলৰ কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে আউট হয়। বেটিং ব্যৰ্থতাৰ বাবে মেচখনত পৰাজয়ৰ সন্মুখীন হয় ৰাজস্থান ৰয়েলছ।

মেচখনত পৰাজয়ৰ পিছতে ৰাজস্থান ৰয়েলছৰ এগৰাকী স্বত্বাধিকাৰী টেইলৰৰ ওচৰলৈ যায় আৰু টেইলৰকৰ 'ৰছ, আমি আপোনাক হাঁহ পাবলৈ এক মিলিয়ন ডলাৰ পৰিশোধ কৰা নাছিলো' বুলি কৈ তিনি-চাৰিবাৰকৈ চৰ মাৰে। অৱশ্যে টেইলৰে লগতে কৈছে যে চৰ মৰাৰ সময়ত স্বত্বাধিকাৰী গৰাকী হাঁহিমুখেই আছিল আৰু চৰ কেইটাও তেনে কঠোৰ নাছিল।

“কিন্তু মই নিশ্চিত নহয় যে এইয়া সম্পূৰ্ণৰূপে ধেমালি বা অভিনয় আছিল। সেই সময়ত এই বিষয়টো লৈ মই তেনে কোনো বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যোৱা নাছিলো। কিন্তু মই কল্পনাও কৰিব পৰা নাছিলো যে এই ঘটনা এনে বহু পেছাদাৰী ক্ৰীড়া পৰিৱেশত ঘটিছে।"— প্ৰাক্তন কিৱি তাৰকাগৰাকীয়ে লগতে এইদৰে কয়।

উল্লেখ্য যে টেইলৰে আইপিএলৰ ২০০৮ চনৰ উদ্বোধনী বৰ্ষৰ পৰা ২০১০ চনলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ খেলাৰ পিছত ২০১১ চনত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিবদ্ধ হৈছিল। ইয়াৰ পিছত তেওঁ দিল্লী ডেয়াৰডেভিলছৰ লগতে পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া ফ্ৰেন্সাইজিকো প্ৰতিনিধিত্ব কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ