--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰিকেট দলৰ আগন্তুক জিম্বাবোৱে ভ্ৰমণত প্ৰশিক্ষকৰ দায়িত্ব দিয়া হৈছে ভিভিএছ লক্ষ্মণক। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব জয় শ্বাহে এক বিবৃতি যোগে এই কথা সদৰী কৰিছে। উল্লেখ্য যে লক্ষ্মণ বৰ্তমান বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বীৰ দায়িত্বৰ লগতে ভাৰতৰ ১৯ অনুৰ্ধ দল আৰু ভাৰত ‘এ’ দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছে।

২৭ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়া কাপৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে বুলি জয় শ্বাহে উল্লেখ কৰিছে। অৱশ্যে লক্ষ্মণে ইয়াৰ পূৰ্বেও ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব বহন কৰিছিল। যোৱা জুন মাহত আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত লক্ষ্মণ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বত আছিল।

ভাৰতৰ জিম্বাবোৱে ভ্ৰমণ ২২ আগষ্টত অন্ত পৰিব আৰু তাৰ পাঁচ দিন পাছতেই ইউ এ ই- ত এছিয়া কাপ আৰম্ভ হ’ব। সেয়েহে ভাৰতীয় দলৰ নিয়মীয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় ভাৰতৰ এছিয়া কাপৰ বাবে ঘোষিত দলটোৰ সৈতে ব্যস্ত থাকিব।

বিচিচিআইৰ সচিব জয় শ্বাহে বিবৃতিটোত কয় যে তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে জিম্বাবোৱেত ভিভিএছ লক্ষ্মণ ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব। দ্ৰাবিড়ে এছিয়া কাপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে ২৩ আগষ্টত ইউ.এ.ই.ত উপস্থিত হ'ব। যিহেতু দুয়োটা ইভেণ্টৰ মাজত ব্যৱধান কম, সেয়ে লক্ষ্মণক জিম্বাবোৱে ভ্ৰমণৰ বাবে ভাৰতীয় দলৰ দায়িত্ব দিয়া হৈছে বুলি শ্বাহে লগতে কয়।

উল্লেখ্য যে জিম্বাবোৱে ভ্ৰমণ কৰিবলগীয়া দলটোত এছিয়া কাপত খেলিবলগীয়া দুগৰাকীহে ক্ৰিকেটাৰ আছে। অপেনাৰ কে এল ৰাহুল আৰু দীপক হুডাৰ বাবে এছিয়া কাপৰ বাবে নিৰ্বাচিত হোৱা আনকেইগৰাকী ক্ৰিকেটাৰক জিম্বাবোৱে ভ্ৰমণৰ বাবে বিশ্ৰাম দিয়া হৈছে।

শ্বাহে জানিবলৈ দিয়া মতে ২২ আগষ্টত জিম্বাবোৱেৰ বিৰুদ্ধে শৃংখলাৰ পাছতে কে এল ৰাহুল আৰু দীপক হুডা এছিয়া কাপৰ বাবে হাৰাৰেৰ পৰা পোনে পোনে ডুবাইলৈ উৰা মাৰিব। কে এল ৰাহুলে আঘাতৰ পৰা আৰোগ্য হোৱাৰ পিছত দীৰ্ঘদিনৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে।

প্ৰথম অৱস্থাত জিম্বাবোৱে ভ্ৰমণৰ বাবে ৰাহুল নিশ্চিত নাছিল যদিও চিকিৎসকে তেওঁক সম্পূৰ্ণ ফিট বুলি ঘোষণা কৰাৰ পিছত দলত অন্তৰ্ভুক্ত কৰা হৈছিল। তদুপৰি পোন প্ৰথমে জিম্বাবোৱে শৃংখলাৰ বাবে শিখৰ ধাৱানক অধিনায়কত্বৰ দায়িত্ব দিয়া হৈছিল যদিও ৰাহুল দললৈ ঘূৰি অহাৰ পিছত ধাৱানৰ স্থানত ৰাহুলৰ হাতত অধিনায়কৰ বাব অৰ্পণ কৰা হয়। জিম্বাবোৱেৰ বিৰুদ্ধে তিনিখনীয়া শৃংখলাৰ এদিনীয়া মেচকেইখন ক্ৰমে ১৮, ২০ আৰু ২২ আগষ্টত হাৰাৰেত অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক