--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পদস্খলিত ইমৰান খান। পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসনৰ পৰা অপসাৰিত হোৱাৰ পাছত এতিয়া মান-মৰ্যাদাও যেন হেৰুৱাবলগীয়া হৈছে ইমৰাণ খানে। স্থান হেৰুৱালে মান হেৰুওৱাৰ দৰে অৱস্থা হৈছে ইমৰান খানৰ। গাদীচ্যুত হোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলিও চৰ্চা চলিছে। তাৰ সমান্তৰালভাৱে তেওঁ কটাক্ষ আৰু কৌতুকৰ বিষয় কৰি তুলিছে একাংশই।

সমগ্ৰ বিশ্বপাকিস্তানৰ ৰাজনৈতিক পট পৰিৱৰ্তনক লৈ ব্যাপক চৰ্চা চলাই থকাৰ সময়তে ইমৰাণ খানৰ ভৱিষ্যতক লৈ বিভিন্নজনে কৌতুকপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। দেশৰ এগৰাকী জনপ্ৰিয় আৰজে মীৰে ইমৰাণ খানৰ এখন আলোকচিত্ৰ শ্বেয়াৰ কৰি কৰা মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছেআলোকচিত্ৰখনত মীৰক ইমৰানৰ সাক্ষাৎকাৰ লোৱা দেখা গৈছে। ইমৰানৰ ওঁঠত হাঁহি। তাৰ কেপচনত মীৰে লিখিছে, এতিয়াৰ পৰা আন নহ’লেও আপুনি অন্ততঃ আই পি এলৰ ধাৰাভাষ্য কৰিব পাৰিবনহয় জানো?

মীৰৰ এই পোষ্টক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে আৰু নেটিজেনসকলৰ মাজক ইয়াক লৈ সৰস আলোচনা চলা দেখিবলৈ পোৱা গৈছে। মন কৰিবলগীয়া কথাটো হৈছে যে, আইপিএলত পাক খেলুৱৈক স্থান দিয়াৰ পৰা বিৰত হৈ আহিছে বিচিচিআই। কোনো প্ৰাক্তন তাৰকায়ো এই আইপিএলত ধাৰাভাষ্যকাৰ বা অন্য ৰূপত এতিয়া ভাগ ল’ব নোৱাৰে। পিছে মীৰৰ এই ৰসিকতাই সকলোকে স্পৰ্শ কৰা দেখা গৈছে।

ইমৰাণ খানৰ প্ৰতি কটু মনন্ত্য পিছে ইমানতে অন্ত পৰা নাই। পাকিস্তানৰ বিৰোধী দলৰ নেত্ৰী মৰিয়ম শ্বৰীফে তেওঁক মানসিক ৰোগী আখ্যা দিছিল। কেৱল এয়াই নহয়, বাংলাদেশৰ প্ৰখ্যাত লেখিকা তছলিমা নাছৰিনেও তেওঁ তীক্ষ্ণ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছিল। তছলিমাই তেওঁৰ তৃতীয় পত্নী বুশ্ৰা বিবি সন্দৰ্ভত কৰিছিল কটু মন্তব্য।

শনিবাৰে ইমৰাণক কটাক্ষ কৰি তছলিমাই কৈছিল,  তেওঁ এতিয়া তৃতীয় পত্নীক বিবাহ বিচ্ছেদ দিব পৰা হৈছে। ইমৰাণৰ তৃতীয় পত্নীক তেওঁৰ আধ্যাত্মিক দিশ নিৰ্দেশক বুলি অভিহিত কৰি তেওঁ ইমৰাণ খানক কটাক্ষ কৰে। তেওঁ কয় যে, ‘এতিয়া ইমৰাণ খানে তৃতীয় পত্নীক বিচ্ছেদ দিব পাৰে আৰু এটা ভৱিষ্যৎবাণী কৰা মাইকী ভাটৌক বিয়া কৰাব পাৰে, যিয়ে কব যে, ইমৰাণ খানৰ কেতিয়াও মৃত্যু নহয়।

 তেওঁ মন্তব্য কৰে যে, ইমৰাণ খানে বুশ্ৰা বিবিক এইবাবেই বিয়া কৰাইছিল যে, তেওঁ ইমৰাণক প্ৰধানমন্ত্ৰীৰ আসনলৈ যোৱাৰ বাবে আধ্যাত্মিক দিশ নিৰ্দেশনা দিছিল। ইমৰাণ খানে এইবাবেই বিয়া কৰাইছিল যে, তেওঁৰ ঐশ্বৰিক শক্তি থকা বুলি তেওঁ বিশ্বাস কৰিছিল আৰু বুশ্ৰাই ভৱিষ্যৎবাণী কৰিছিল যে, ইমৰাণ খান পাকিস্তানৰ প্ৰধানমন্ত্ৰী হব। কিন্তু তেওঁ যে, নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিব সেই কথাৰ পূৰ্বানুমান বুশ্ৰাই কৰিব পাৰিছিল নে? নিশ্চয়কৈ পৰা নাছিল।

বিশ্ববাসীৰ সন্মুখত লজ্জাজনক পৰিণতিৰ সন্মুখীন হোৱা ইমৰাণ খানক এনেদৰে তছলিমাই কটাক্ষ কৰাটো তাৎপৰ্যপূ্ৰ্ণ বিবেচিত হৈছে। উল্লেখ্য যে, ইমৰাণ খানৰ পত্নী বুশ্ৰা বিবি খানক লৈ নানা প্ৰচাৰ-অপ্ৰচাৰ চলি আহিছে। তেওঁৰ হাতত কলা যাদু আছে বুলি বিভিন্ন সংবাদ মাধ্যমে প্ৰচাৰ কৰি আহিছিল। ইমৰাণ খানৰ চৰকাৰ সংকটৰ সন্মুখীন হোৱাৰ সময়তো বুশ্ৰাই কলা যাদু কৰি চৰকাৰ ৰক্ষাৰ চেষ্টা কৰা বুলি ব্যাপক চৰ্চা চলিছিল।

এতিয়া এনেদৰেই স্থান হেৰুৱাই মানো হেৰুৱাবলগীয়া হৈছে ইমৰাণ খানে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক