--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মাজনিশাৰ অন্তিম নাটকীয় মুহূৰ্তত আস্থাৰ ভোটত পৰাজয়। তাৰ পাছতে প্ৰধানমন্ত্ৰীৰ আবাস ত্যাগ কৰিৱে ইমৰান খানে। গাদীচ্যুত ইমৰাণ খানে ইছলামাবাদ ত্যাগৰ পাছতে দেশখনৰ ৰাজনৈতিক ইতিহাসত এক নতুন পৃষ্ঠাৰ সংযোজন ঘটিল। আস্থাৰ ভোটত পৰাজিত হৈ গাদীচ্যুত হোৱা প্ৰথমজন পাক প্ৰধানমন্ত্ৰীত পৰিণত হৈছে। এতিয়া পাকিস্তানৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এই পট পৰিৱৰ্তনে ভাৰতত কি প্ৰভাৱ পেলাব সেয়া এক লক্ষ্যণীয় বিষয় হৈ পৰিছে। ভাৰতত প্ৰাক্তন ক্ৰিকেটাৰজন শক্তিহীন হৈ পৰাৰ ফলত পৰিব পৰা প্ৰভাৱৰ বিষয়ে নতুন দিল্লীয়ে কি কয়?

পাকিস্তানৰ শেহতীয়া ৰাজনৈতিক আৰু ক্ষমতাৰ পৰিৱৰ্তনৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে নতুন নতুন দিল্লীয়ে। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্কৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ ওপৰত ইয়াৰ প্ৰভাৱ ৰখাৰ বিষয়ে বহুত জল্পনা-কল্পনা চলি আছে। আন্তৰ্জাতিক সম্পৰ্ক বিশেষজ্ঞসকলৰ মতে, পাকিস্তানৰ গণতান্ত্ৰিক পৰিস্থিতিত একাধিক ত্ৰুটি আছে কিন্তু ই এতিয়াও দেশখন গণতন্ত্ৰিক ব্যৱস্থাৰে পৰিচালিত হৈ আছে। আস্থাৰ ভোট প্ৰক্ৰিয়াৰ জৰিয়তে দেশখনে তেনে এক উদাহৰণ দাঙি ধৰা বুলি প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে লক্ষ্য কৰিছে যে, চৰম বিতৰ্ক আৰু প্ৰৱল নাটকীয়তাৰ পাছতো ইমৰান খানক অৱশেষত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে ক্ষমতাচ্যুত কৰা হৈছে। এই ঘটনাৰ পাছত বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে গণতান্ত্ৰিক পৰিৱেশ পাকিস্তানলৈ লাহে লাহে ঘূৰি আহিছে।

পাকিস্তানৰ ৰাজনীতিত ভাৰত সদায়েই এক গুৰুত্বপূৰ্ণ কাৰক হৈ আহিছে। একেদৰে ভাৰতৰ ৰাজনীতিতো পাকিস্তানৰ প্ৰভাৱ স্পষ্টভাৱে প্ৰকট। মন কৰিবলগীয়া যে, যেতিয়া ইমৰান খানে ভাৰতৰ বৈদেশিক নীতিৰ প্ৰশংসা কৰিছিল, সেয়া তেওঁৰ নিজৰ স্বাৰ্থৰ অনুকূলে কৰা মন্তব্য আছিল যদিও এই বিষয়টোৱে ভাৰতৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। নতুন দিল্লীয়েও ইমৰানৰ পাছৰ যুগত ভাৰতৰ প্ৰতি পাকিস্তান সেনাৰ মনোভাৱৰ গুৰুত্বসহকাৰে বিচাৰ কৰি আছে।

চাৰি বছৰ আগতে, নৱাজ শ্বৰীফ ভাৰতৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিবলৈ সদায় আগ্ৰহী আছিল। কিন্তু, পিছত, ইমৰান খানৰ ভাৰতৰ সৈতে সম্পৰ্ক তেওঁৰ মন্তব্যৰ বাবে যথেষ্ট তিক্ত হৈ পৰে। ইমৰান খানৰ বাবে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনাৰ দুৱাৰ মুকলি কৰাটোও এক সমস্যা হৈ পৰিছিল। ইমৰান খানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কেইবাবাৰো আক্ৰমণ কৰা দেখা গৈছিল। এতিয়া নৱাজ শ্বৰীফৰ ভাতৃ শ্বেহবাজ শ্বৰীফ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ দিশে অগ্ৰসৰ হৈছে। এতিয়া এই পট পৰিৱৰ্তনে নতুন দিল্লীৰ সৈতে ইছলামাবাদৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলি ধাৰণা কৰা হৈছে।

পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন ১১ এপ্ৰিলত অনুষ্ঠিত হ'ব। শ্বেহবাজ শ্বৰীফ, পাকিস্তানৰ তিনিবাৰৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ। তেওঁ বৰ্তমান পিএমএল-এন (পাকিস্তান মুছলিম লীগ-নাৱাজ)ৰ সভাপতি। তেওঁ একেৰাহে তিনিবাৰ পাকিস্তানৰ পাঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। যদিও আন্তৰ্জাতিক পৰ্যায়ত তেওঁৰ সেই খ্যাতি নাই, তেওঁ এজন বিচক্ষণ ৰাজনীতিবিদ হিচাপে পৰিচিত। শ্বেহবাজে ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ ক্ষেত্ৰতো আগভাগ লৈছিল। আৰু তেওঁৰ ৰাজনৈতিক বিচক্ষণতাই ইমৰাণ খানক শাসনত তিষ্ঠি থকাৰ সুযোগ নিদিলে বুলি চৰ্চা চলিছে। তেওঁ শক্তিশালীভাৱে বিৰোধীক নেতৃত্ব দি দেশখনৰ ৰাজনৈতিক পট পৰিৱৰ্তন সম্ভৱ কৰি তোলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক