--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ নিলামত দল নিৰ্বাচন কৰিলে দহোটা ফ্ৰেঞ্চাইজিয়ে। বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলে ভাল দাম পালে। চেন্নাই ছুপাৰ কিংছে বেছি খৰচ নকৰাকৈ কেইবাজনো ভাল ক্ৰিকেটাৰ ক্ৰয় কৰিছিল। নিলামত ফ্ৰেঞ্চাইজিসমূহৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত চেন্নাইৰ ওচৰত থাকিব ছানৰাইজাৰ্ছ হায়দৰাবাদ।

মহেন্দ্ৰ সিং ধোনিৰ দলটোৱে ডেৰিল মিচেল, শ্বাৰদুল ঠাকুৰৰ দৰে অল ৰাউণ্ডাৰক লৈছে। বাংলাদেশৰ প্ৰবীণ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানকো চেন্নাইৰ হৈ খেলা দেখা যাব। যোৱা বিশ্বকাপৰ দৃষ্টি আকৰ্ষণ কৰা নিউজিলেণ্ডৰ ৰচিন ৰবিন্দ্ৰ, ভাৰতৰ যুৱ বেটছমেন সমীৰ ৰিজৱিকো ক্ৰয় কৰে চি এছ কেয়ে। তিনিজন বিদেশীকে ধৰি মুঠ ছয়জন ক্ৰিকেটাৰ ক্ৰয় কৰিছিল চি এছ কেয়ে।

নিলামত ক্ৰিকেটাৰ ক্ৰয়ৰ ক্ষেত্ৰত হায়দৰাবাদ চেন্নাইৰ ওচৰত থাকিব। তেওঁলোকে বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ দুগৰাকী গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰক লৈছে। অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স আৰু চূড়ান্ত নায়ক ট্ৰেভিছ হেডে আগন্তুক আই পি এলত নিজামৰ চহৰৰ হৈ খেলিব। হায়দৰাবাদে শ্ৰীলংকাৰ অল-ৰাউণ্ডাৰ ৱানিন্দু হাছৰংগা আৰু ভাৰতৰ প্ৰবীণ বাওঁহাতৰ বেগী বলাৰ জয়দেৱ উনাদকটকো লাভ কৰে। তিনিজন বিদেশীকে ধৰি ছয়জন ক্ৰিকেটাৰ ক্ৰয় কৰে।

বাকীসকলৰ ভিতৰত মুম্বাই ইণ্ডিয়ান দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ জেৰাল্ড ক’টজী, আফগানিস্তানৰ প্ৰবীণ অলৰাউণ্ডাৰ মহম্মদ নবীক লৈছে। মুম্বাইৰ হৈ খেলি থকা দুগৰাকী শ্ৰীলংকাৰ যুৱ তুৰ্কী নুআন তুছাৰা আৰু দিলশান মাদুশংকাকো দেখা যাব। মুম্বাইয়ে চাৰিজন বিদেশীকে ধৰি মুঠ আঠজন ক্ৰিকেটাৰ ক্ৰয় কৰিছে।

সৌৰভ গাংগুলীৰ দিল্লী কেপিটেলছেও দলটোক ভাৰসাম্য অনাৰ চেষ্টা কৰিছে। দিল্লীয়ে হেৰী ব্ৰুক, চাই হোপৰ দৰে বিদেশী আগ্ৰাসী বেটছমেন ক্ৰয় কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকে পাইছিল ট্ৰিষ্টান ষ্টাবছ, ঝাই ৰিচাৰ্ডছন। ভাৰতীয় ক্ৰিকেটাৰৰ মাজত কোনো ডাঙৰ নাম ক্ৰয় কৰিব নোৱাৰাৰ পাছতো মঙলবাৰৰ নিলামত দিল্লীয়ে ক্ৰয় কৰিছিল চাৰিজন উইকেটকীপাৰ। দিল্লী ফ্ৰেঞ্চাইজিয়ে ক্ৰয় কৰিছে চাৰিজন বিদেশীকে ধৰি মুঠ ৯ গৰাকী ক্ৰিকেটাৰক।

হাৰ্দিক পাণ্ডিয়াক মুকলি কৰি দিয়া গুজৰাট টাইটানছে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ স্পেন্সৰ জনছন আৰু কেকেআৰে উমেশ যাদৱক মুকলি কৰি দিয়ে। হাৰ্দিকৰ অভাৱ পূৰণৰ বাবে গুজৰাটে অলৰাউণ্ডাৰ শ্বাহৰুখ খানক অন্তৰ্ভুক্ত কৰিছে। গুজৰাটে আফগান অলৰাউণ্ডাৰ আজমাতুল্লাহ ওমৰজাইকো লাভ কৰে। দুজন বিদেশী ক্ৰিকেটাৰকে ধৰি মুঠ আঠজন ক্ৰিকেটাৰ ক্ৰয় কৰে।

প্ৰীতি জিণ্টাৰ পঞ্জাব কিংছে এটা ভাল দল গঢ়িবলৈ চেষ্টা কৰিছে। শিখৰ ধাৱনৰ দলটোৱে হৰ্ষল পেটেলৰ দৰে অল ৰাউণ্ডাৰক লৈছে। পঞ্জাবে ক্ৰয় কৰিছে ৰাইলী ৰুছ’, ক্ৰীছ ৱ’কেছৰ দৰে বিদেশী ক্ৰিকেটাৰক। পঞ্জাবে দুজন বিদেশীকে ধৰি মুঠ ৮ গৰাকী ক্ৰিকেটাৰ ক্ৰয় কৰিছিল।

আনকি বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰেও নিলামত অনুৰাগীৰ আশা পূৰণ কৰিব নোৱাৰিলে। যদিও তেওঁলোকে তিনিজন উল্লেখযোগ্য বিদেশী ক্ৰিকেটাৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। ৱেষ্ট ইণ্ডিজৰ শক্তিশালী বলাৰ আলজাৰী জোচেফ, নিউজিলেণ্ডৰ শক্তিশালী বলাৰ লকি ফাৰ্গুচন আৰু ইংলেণ্ডৰ অলৰাউণ্ডাৰ টম কাৰেন। আৰ চি বিয়ে তিনিজন বিদেশীকে ধৰি মুঠ ছয়জন ক্ৰিকেটাৰ ক্ৰয় কৰে।

নিলামত সৰ্বনিম্ন বাজেট আছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ। কলকাতাৰ উদ্যোগপতি সঞ্জীৱ গোৱেংকাৰ দলে ক্ৰয় কৰিলে শিৱম মাভিক। লোকেশ ৰাহুলৰ দলত উল্লেখযোগ্য নতুন বিদেশী নাম আছে ডেভিদ উইলি আৰু এষ্টন টাৰ্নাৰ। এল এছ জিয়ে দুজন বিদেশীকে ধৰি মুঠ ছয়জন ক্ৰিকেটাৰ ক্ৰয় কৰিছিল।

নিলামত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ৰাজস্থান ৰয়েলছে। উল্লেখযোগ্য নামসমূহৰ ভিতৰত তেওঁলোকৰ মাত্ৰ ৱেষ্ট ইণ্ডিজ টি-২০ৰ অধিনায়ক ৰাভান পাৱেলহে আছে। ভাৰতীয়ৰ মাজত ৰাজস্থানৰ উল্লেখযোগ্য কৃতিত্ব হৈছে শুভম ডুবে। পাঁচোজন ক্ৰিকেটাৰক কিনিলে - তিনিজন বিদেশী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু