--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ নিলামত দল নিৰ্বাচন কৰিলে দহোটা ফ্ৰেঞ্চাইজিয়ে। বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলে ভাল দাম পালে। চেন্নাই ছুপাৰ কিংছে বেছি খৰচ নকৰাকৈ কেইবাজনো ভাল ক্ৰিকেটাৰ ক্ৰয় কৰিছিল। নিলামত ফ্ৰেঞ্চাইজিসমূহৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত চেন্নাইৰ ওচৰত থাকিব ছানৰাইজাৰ্ছ হায়দৰাবাদ।

মহেন্দ্ৰ সিং ধোনিৰ দলটোৱে ডেৰিল মিচেল, শ্বাৰদুল ঠাকুৰৰ দৰে অল ৰাউণ্ডাৰক লৈছে। বাংলাদেশৰ প্ৰবীণ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানকো চেন্নাইৰ হৈ খেলা দেখা যাব। যোৱা বিশ্বকাপৰ দৃষ্টি আকৰ্ষণ কৰা নিউজিলেণ্ডৰ ৰচিন ৰবিন্দ্ৰ, ভাৰতৰ যুৱ বেটছমেন সমীৰ ৰিজৱিকো ক্ৰয় কৰে চি এছ কেয়ে। তিনিজন বিদেশীকে ধৰি মুঠ ছয়জন ক্ৰিকেটাৰ ক্ৰয় কৰিছিল চি এছ কেয়ে।

নিলামত ক্ৰিকেটাৰ ক্ৰয়ৰ ক্ষেত্ৰত হায়দৰাবাদ চেন্নাইৰ ওচৰত থাকিব। তেওঁলোকে বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়াৰ দুগৰাকী গুৰুত্বপূৰ্ণ ক্ৰিকেটাৰক লৈছে। অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স আৰু চূড়ান্ত নায়ক ট্ৰেভিছ হেডে আগন্তুক আই পি এলত নিজামৰ চহৰৰ হৈ খেলিব। হায়দৰাবাদে শ্ৰীলংকাৰ অল-ৰাউণ্ডাৰ ৱানিন্দু হাছৰংগা আৰু ভাৰতৰ প্ৰবীণ বাওঁহাতৰ বেগী বলাৰ জয়দেৱ উনাদকটকো লাভ কৰে। তিনিজন বিদেশীকে ধৰি ছয়জন ক্ৰিকেটাৰ ক্ৰয় কৰে।

বাকীসকলৰ ভিতৰত মুম্বাই ইণ্ডিয়ান দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ জেৰাল্ড ক’টজী, আফগানিস্তানৰ প্ৰবীণ অলৰাউণ্ডাৰ মহম্মদ নবীক লৈছে। মুম্বাইৰ হৈ খেলি থকা দুগৰাকী শ্ৰীলংকাৰ যুৱ তুৰ্কী নুআন তুছাৰা আৰু দিলশান মাদুশংকাকো দেখা যাব। মুম্বাইয়ে চাৰিজন বিদেশীকে ধৰি মুঠ আঠজন ক্ৰিকেটাৰ ক্ৰয় কৰিছে।

সৌৰভ গাংগুলীৰ দিল্লী কেপিটেলছেও দলটোক ভাৰসাম্য অনাৰ চেষ্টা কৰিছে। দিল্লীয়ে হেৰী ব্ৰুক, চাই হোপৰ দৰে বিদেশী আগ্ৰাসী বেটছমেন ক্ৰয় কৰিছিল। ইয়াৰ উপৰিও তেওঁলোকে পাইছিল ট্ৰিষ্টান ষ্টাবছ, ঝাই ৰিচাৰ্ডছন। ভাৰতীয় ক্ৰিকেটাৰৰ মাজত কোনো ডাঙৰ নাম ক্ৰয় কৰিব নোৱাৰাৰ পাছতো মঙলবাৰৰ নিলামত দিল্লীয়ে ক্ৰয় কৰিছিল চাৰিজন উইকেটকীপাৰ। দিল্লী ফ্ৰেঞ্চাইজিয়ে ক্ৰয় কৰিছে চাৰিজন বিদেশীকে ধৰি মুঠ ৯ গৰাকী ক্ৰিকেটাৰক।

হাৰ্দিক পাণ্ডিয়াক মুকলি কৰি দিয়া গুজৰাট টাইটানছে অষ্ট্ৰেলিয়াৰ বেগী বলাৰ স্পেন্সৰ জনছন আৰু কেকেআৰে উমেশ যাদৱক মুকলি কৰি দিয়ে। হাৰ্দিকৰ অভাৱ পূৰণৰ বাবে গুজৰাটে অলৰাউণ্ডাৰ শ্বাহৰুখ খানক অন্তৰ্ভুক্ত কৰিছে। গুজৰাটে আফগান অলৰাউণ্ডাৰ আজমাতুল্লাহ ওমৰজাইকো লাভ কৰে। দুজন বিদেশী ক্ৰিকেটাৰকে ধৰি মুঠ আঠজন ক্ৰিকেটাৰ ক্ৰয় কৰে।

প্ৰীতি জিণ্টাৰ পঞ্জাব কিংছে এটা ভাল দল গঢ়িবলৈ চেষ্টা কৰিছে। শিখৰ ধাৱনৰ দলটোৱে হৰ্ষল পেটেলৰ দৰে অল ৰাউণ্ডাৰক লৈছে। পঞ্জাবে ক্ৰয় কৰিছে ৰাইলী ৰুছ’, ক্ৰীছ ৱ’কেছৰ দৰে বিদেশী ক্ৰিকেটাৰক। পঞ্জাবে দুজন বিদেশীকে ধৰি মুঠ ৮ গৰাকী ক্ৰিকেটাৰ ক্ৰয় কৰিছিল।

আনকি বিৰাট কোহলীৰ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰেও নিলামত অনুৰাগীৰ আশা পূৰণ কৰিব নোৱাৰিলে। যদিও তেওঁলোকে তিনিজন উল্লেখযোগ্য বিদেশী ক্ৰিকেটাৰ ক্ৰয় কৰিবলৈ সক্ষম হৈছিল। ৱেষ্ট ইণ্ডিজৰ শক্তিশালী বলাৰ আলজাৰী জোচেফ, নিউজিলেণ্ডৰ শক্তিশালী বলাৰ লকি ফাৰ্গুচন আৰু ইংলেণ্ডৰ অলৰাউণ্ডাৰ টম কাৰেন। আৰ চি বিয়ে তিনিজন বিদেশীকে ধৰি মুঠ ছয়জন ক্ৰিকেটাৰ ক্ৰয় কৰে।

নিলামত সৰ্বনিম্ন বাজেট আছিল লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ। কলকাতাৰ উদ্যোগপতি সঞ্জীৱ গোৱেংকাৰ দলে ক্ৰয় কৰিলে শিৱম মাভিক। লোকেশ ৰাহুলৰ দলত উল্লেখযোগ্য নতুন বিদেশী নাম আছে ডেভিদ উইলি আৰু এষ্টন টাৰ্নাৰ। এল এছ জিয়ে দুজন বিদেশীকে ধৰি মুঠ ছয়জন ক্ৰিকেটাৰ ক্ৰয় কৰিছিল।

নিলামত ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ৰাজস্থান ৰয়েলছে। উল্লেখযোগ্য নামসমূহৰ ভিতৰত তেওঁলোকৰ মাত্ৰ ৱেষ্ট ইণ্ডিজ টি-২০ৰ অধিনায়ক ৰাভান পাৱেলহে আছে। ভাৰতীয়ৰ মাজত ৰাজস্থানৰ উল্লেখযোগ্য কৃতিত্ব হৈছে শুভম ডুবে। পাঁচোজন ক্ৰিকেটাৰক কিনিলে - তিনিজন বিদেশী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নির্বাচনী বিশ্লেষকৰ মত: বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নথকাৰ বাবেই পৰাজিত হ’ল জ্ঞানশ্রী, কুংকী
ভাৰতৰ ২২খন ৰাজ্যলৈ প্ৰসাৰিত বিজেপিৰ শাসন
ভাৰতৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব কি?
অতি উত্তম পাচলি জিকা; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
৪ মাহত দেশত ৯৪০০ হোৱাটছ এপ একাউন্ট নিষিদ্ধ, 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰে জড়িত
শ্রেণীকোঠাত সংযোজন কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড, প্ৰযুক্তিৰ দিশত দেশৰ ভিতৰতে নতুন খোজ কানৈ মহাবিদ্যালয়ৰ
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত
GMCHৰ কৰ্মচাৰীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ
মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীৰ উলুবাৰীত অঘটন; এখন Restro & Barৰ নিৰ্মাণ কাৰ্যত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক