--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিক্টোৰিয়া বেকহাম। ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ ডেভিদ বেকহামৰ পত্নী। ইয়াৰ উপৰিও তেওঁ গ্লেমাৰৰ জগতখনত ফেশ্বন ডিজাইনাৰ হিচাপেও সুপৰিচিত। ৪৯ বছৰ বয়সতো তেওঁৰ সৌন্দৰ্যত সমগ্ৰ বিশ্বই মুগ্ধ হৈ পৰিছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ভিক্টোৰিয়াই কয় যে তেওঁ কেতিয়াও চকুৰ চেলাউৰী নঁঅকাকৈ স্বামী ডেভিদৰ সন্মুখলৈ যোৱা নাছিল। ভিক্টোৰিয়াই কয়, ‘মই চেলাউৰী ক্ষেত্ৰত অতি বিশেষ সচেতন। চেলাউৰী অংকন নকৰাকৈ মই কেতিয়াও বেকহামৰ সন্মুখলৈ যোৱা নাছিলো। মেকআপ কৰি ভাল পাওঁ।’’

সাক্ষাৎকাৰত ভিক্টোৰিয়াই কয় যে শিশু অৱস্থাত তেওঁৰ চেহেৰাক বহুতে ঠাট্টা কৰিছিল। ভিক্টোৰিয়াই কয় যে সৰুতে বহুতে মোক লৈ হাঁহিছিল। এটা সময়ত এই প্ৰভাৱৰ বাবেই মোৰ মন ভাঙি গ’ল। তেতিয়াৰ পৰাই মই হয়তো মোৰ চেহেৰাৰ প্ৰতি অধিক সাৱধান হৈ পৰিছো।

ভিক্টোৰিয়াই নিজৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা মইশ্ব’ৰাইজাৰটো তাইৰ তেজৰ পৰা তৈয়াৰ কৰা হৈছে। শৰীৰৰ কোষৰ পৰা তৈয়াৰী মইশ্ব’ৰাইজাৰে তেওঁৰ ছালখন ডাঠ কৰি ৰখাত সহায় কৰে, যিটো কথা ভিক্টোৰিয়াই নিজেই কেইবছৰমান পূৰ্বে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল। বেকহামৰ পত্নীয়ে জনোৱা মতে, মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিলে তেওঁৰ ছালখন কোমল আৰু উজ্জ্বল দেখা যায়। এই মইশ্ব’ৰাইজাৰটো বনাবলৈ প্ৰায় ১২০০ পাউণ্ড (ভাৰতীয় মুদ্ৰাত প্ৰায় ১ লাখ ২৬ হাজাৰ টকা) খৰচ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement