--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিক্টোৰিয়া বেকহাম। ইংলেণ্ডৰ প্ৰাক্তন ফুটবলাৰ ডেভিদ বেকহামৰ পত্নী। ইয়াৰ উপৰিও তেওঁ গ্লেমাৰৰ জগতখনত ফেশ্বন ডিজাইনাৰ হিচাপেও সুপৰিচিত। ৪৯ বছৰ বয়সতো তেওঁৰ সৌন্দৰ্যত সমগ্ৰ বিশ্বই মুগ্ধ হৈ পৰিছে।

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত ভিক্টোৰিয়াই কয় যে তেওঁ কেতিয়াও চকুৰ চেলাউৰী নঁঅকাকৈ স্বামী ডেভিদৰ সন্মুখলৈ যোৱা নাছিল। ভিক্টোৰিয়াই কয়, ‘মই চেলাউৰী ক্ষেত্ৰত অতি বিশেষ সচেতন। চেলাউৰী অংকন নকৰাকৈ মই কেতিয়াও বেকহামৰ সন্মুখলৈ যোৱা নাছিলো। মেকআপ কৰি ভাল পাওঁ।’’

সাক্ষাৎকাৰত ভিক্টোৰিয়াই কয় যে শিশু অৱস্থাত তেওঁৰ চেহেৰাক বহুতে ঠাট্টা কৰিছিল। ভিক্টোৰিয়াই কয় যে সৰুতে বহুতে মোক লৈ হাঁহিছিল। এটা সময়ত এই প্ৰভাৱৰ বাবেই মোৰ মন ভাঙি গ’ল। তেতিয়াৰ পৰাই মই হয়তো মোৰ চেহেৰাৰ প্ৰতি অধিক সাৱধান হৈ পৰিছো।

ভিক্টোৰিয়াই নিজৰ সৌন্দৰ্য্য বজাই ৰাখিবলৈ ব্যৱহাৰ কৰা মইশ্ব’ৰাইজাৰটো তাইৰ তেজৰ পৰা তৈয়াৰ কৰা হৈছে। শৰীৰৰ কোষৰ পৰা তৈয়াৰী মইশ্ব’ৰাইজাৰে তেওঁৰ ছালখন ডাঠ কৰি ৰখাত সহায় কৰে, যিটো কথা ভিক্টোৰিয়াই নিজেই কেইবছৰমান পূৰ্বে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল। বেকহামৰ পত্নীয়ে জনোৱা মতে, মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিলে তেওঁৰ ছালখন কোমল আৰু উজ্জ্বল দেখা যায়। এই মইশ্ব’ৰাইজাৰটো বনাবলৈ প্ৰায় ১২০০ পাউণ্ড (ভাৰতীয় মুদ্ৰাত প্ৰায় ১ লাখ ২৬ হাজাৰ টকা) খৰচ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু