--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিও নুমোৱা নাই ক্ষোভৰ অগনি৷ ন্যায়প্ৰাপ্তিৰ বাবে এতিয়াও বাট চাই ৰৈছে যৌন নিৰ্যাতনৰ বলি হোৱা ভাৰতীয় মহিলা মল্লযোদ্ধাই৷ 

অভিযুক্ত বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল মল্লযোদ্ধাসকলে৷ আদায় কৰিছিল দেশবাসীৰ প্ৰভূত সমৰ্থন আৰু সহযোগিতা৷ কিন্তু, মূৰকত ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল তেওঁলোক৷ 

আৰু এতিয়া ব্ৰীজভূষণৰ অনুগতক ভাৰতীয় মল্লযুদ্ধ ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত কৰাত ক্ষোভত ফাটি পৰিছে সাক্ষী মালিক, ভিনেশ ফোগাট আৰু বজৰং পুনিয়া৷

ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী সাক্ষী মালিক আজি এখন সংবাদমেলক আৱেগিক হৈ পৰা দেখা গ’ল৷ সাক্ষীয়ে কয় যে তেওঁ মল্লযুদ্ধৰ কেৰিয়াৰ ত্যাগ কৰিবলৈ গৈ আছে৷ ব্ৰীজভূষণ শৰণ সিঙৰ অনুগত সঞ্জয় সিঙে ৰেছলিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবেও সাক্ষীয়ে হতাশা ব্যক্ত কৰে। 

বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত বহুপ্ৰতীক্ষিত ডব্লিউএফআই নিৰ্বাচনত সঞ্জয় সিঙে কমনৱেলথ গেমছৰ প্ৰাক্তন স্বৰ্ণপদক বিজয়ী অনিতা শ্বেওৰানক ভোটত পৰাস্ত কৰে।

সাক্ষীয়ে লগতে কয় যে যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ব্ৰীজভূষণ শৰণ সিঙৰ পৰিয়াল আৰু ঘনিষ্ঠ সহযোগীসকলক অনুমতি নিদিয়াৰ বাবে ক্ৰীড়া মন্ত্ৰণালয়ে মল্লযোদ্ধাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই। সাক্ষীয়ে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ মল্লযুদ্ধ ফেডাৰেচনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সঞ্জয় সিং ব্ৰীজভূষণ শৰণ সিঙৰ সোঁহাত।

টকিঅ’ অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়াৰ সৈতে সংবাদমেল সম্বোধন কৰা সাক্ষী মালিক ভাগি পৰে৷ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অশ্ৰুধাৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক