--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজিও নুমোৱা নাই ক্ষোভৰ অগনি৷ ন্যায়প্ৰাপ্তিৰ বাবে এতিয়াও বাট চাই ৰৈছে যৌন নিৰ্যাতনৰ বলি হোৱা ভাৰতীয় মহিলা মল্লযোদ্ধাই৷ 

অভিযুক্ত বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল মল্লযোদ্ধাসকলে৷ আদায় কৰিছিল দেশবাসীৰ প্ৰভূত সমৰ্থন আৰু সহযোগিতা৷ কিন্তু, মূৰকত ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল তেওঁলোক৷ 

আৰু এতিয়া ব্ৰীজভূষণৰ অনুগতক ভাৰতীয় মল্লযুদ্ধ ফেডাৰেচনৰ সভাপতি নিৰ্বাচিত কৰাত ক্ষোভত ফাটি পৰিছে সাক্ষী মালিক, ভিনেশ ফোগাট আৰু বজৰং পুনিয়া৷

ৰিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী সাক্ষী মালিক আজি এখন সংবাদমেলক আৱেগিক হৈ পৰা দেখা গ’ল৷ সাক্ষীয়ে কয় যে তেওঁ মল্লযুদ্ধৰ কেৰিয়াৰ ত্যাগ কৰিবলৈ গৈ আছে৷ ব্ৰীজভূষণ শৰণ সিঙৰ অনুগত সঞ্জয় সিঙে ৰেছলিং ফেডাৰেচন অব্ ইণ্ডিয়াৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবেও সাক্ষীয়ে হতাশা ব্যক্ত কৰে। 

বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত বহুপ্ৰতীক্ষিত ডব্লিউএফআই নিৰ্বাচনত সঞ্জয় সিঙে কমনৱেলথ গেমছৰ প্ৰাক্তন স্বৰ্ণপদক বিজয়ী অনিতা শ্বেওৰানক ভোটত পৰাস্ত কৰে।

সাক্ষীয়ে লগতে কয় যে যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ব্ৰীজভূষণ শৰণ সিঙৰ পৰিয়াল আৰু ঘনিষ্ঠ সহযোগীসকলক অনুমতি নিদিয়াৰ বাবে ক্ৰীড়া মন্ত্ৰণালয়ে মল্লযোদ্ধাসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই। সাক্ষীয়ে উল্লেখ কৰে যে উত্তৰ প্ৰদেশ মল্লযুদ্ধ ফেডাৰেচনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সঞ্জয় সিং ব্ৰীজভূষণ শৰণ সিঙৰ সোঁহাত।

টকিঅ’ অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়াৰ সৈতে সংবাদমেল সম্বোধন কৰা সাক্ষী মালিক ভাগি পৰে৷ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অশ্ৰুধাৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু