--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ প্ৰতি তেওঁৰ আকৰ্ষণ আনতকৈ পৃথক। ফলত এটা উইকেট পৰিলে তেওঁ বাকীসকলতকৈ অধিক উত্তেজিত হৈ পৰে, দলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰে। এনে ঘটনা দেখি মেথিউ হেডেনে কোহলীক সকীয়াই দিয়ে। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ মতে, কোহলীয়ে কেতিয়াবা সীমা অতিক্ৰম কৰে।

চেন্নাইৰ খেলখনত এটা সিদ্ধান্তক লৈ আম্পায়াৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কোহলীয়ে। পিছত ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আম্পায়াৰৰ সৈতে তেওঁৰ কাজিয়াৰ ভিডিঅ’। খেলৰ সময়ত মন্তব্য দিওঁতে হেডেনে এনে মন্তব্য কৰে।

তেওঁ কয় যে কোহলী- ''আম্পায়াৰৰ স’তে বেছি ব্যস্ত। তেওঁ আৰচিবিৰ অধিনায়ক নহয়। গতিকে তেওঁ আম্পায়াৰৰ সৈতে কথা পতাৰ বা তৰ্ক কৰাৰ প্ৰয়োজন নাই।”

অৱশ্যে হেডেনৰ এই কথাই বিতৰ্কৰ সৃষ্টি কৰিছে। বহু কোহলী সমৰ্থকে তেওঁক সমালোচনা কৰিছে। তেওঁলোকে দাবী কৰে যে কোহলীয়ে ক্ৰিকেট খেলৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই এই কাম কৰিছিল। তেওঁ অধিনায়ক হ’ব নোৱাৰে। কিন্তু খেলপথাৰত নেতৃত্ব দিয়াৰ ক্ষমতা বাকীবোৰতকৈ পৃথক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ