--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আইপিএলৰ পৰা অৱসৰ ল’লে কিয়েৰণ পোলাৰ্ডে। মুম্বাই ইণ্ডিয়ানছৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰগৰাকীয়ে এই কথা ঘোষণা কৰিছে।

উল্লেখ্য যে সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ তৰফৰ পৰা জনোৱা হৈছিল যে পোলাৰ্ডক পৰৱৰ্তী আইপিএলৰ বাবে দলত ৰখা নহ’ব। তাৰপাছদিনাই পোলাৰ্ডে এখনি বিবৃত্তিৰ জৰিয়তে আইপিএলৰ পৰা অৱসৰ ঘোষণা কৰে।

তেওঁ জনায় যে মুম্বাইৰ বাদে আন কোনো দলত তেওঁ খেলাৰ কথা ভাবিব নোৱাৰে। পোলাৰ্ডৰ এই ঘোষণাৰ পাছতে মুম্বাই ইণ্ডিয়ানছৰ মেনেজমেণ্টে তেওঁ বেটিং কোচ হিচাপে দলটোত যুক্ত কৰিব।

আইপিএলৰ পৰা অৱসৰ ঘোষণা কৰি পোলাৰ্ডে লিখে- “মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিবলৈ এৰাৰ সিদ্ধান্ত লোৱা অত্যন্ত কঠিন আছিল। কিন্তু দলটো এটা পৰিবৰ্তনৰ মাজেৰে গৈছে। সেয়ে আইপিএলৰ পৰা অৱসৰ লৈছো।”

উল্লেখ্য যে কেইবাখনো মেচত মুম্বাই ইণ্ডিয়ানছক জয়ী কৰোৱা পোলাৰ্ডে দলটোৰ স’তে ১৩ বছৰ ধৰি জড়িত হৈ আহিছে। আইপিএলৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচনা কৰা হয় ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰগৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক