--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আইপিএলৰ পৰা অৱসৰ ল’লে কিয়েৰণ পোলাৰ্ডে। মুম্বাই ইণ্ডিয়ানছৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰগৰাকীয়ে এই কথা ঘোষণা কৰিছে।

উল্লেখ্য যে সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ তৰফৰ পৰা জনোৱা হৈছিল যে পোলাৰ্ডক পৰৱৰ্তী আইপিএলৰ বাবে দলত ৰখা নহ’ব। তাৰপাছদিনাই পোলাৰ্ডে এখনি বিবৃত্তিৰ জৰিয়তে আইপিএলৰ পৰা অৱসৰ ঘোষণা কৰে।

তেওঁ জনায় যে মুম্বাইৰ বাদে আন কোনো দলত তেওঁ খেলাৰ কথা ভাবিব নোৱাৰে। পোলাৰ্ডৰ এই ঘোষণাৰ পাছতে মুম্বাই ইণ্ডিয়ানছৰ মেনেজমেণ্টে তেওঁ বেটিং কোচ হিচাপে দলটোত যুক্ত কৰিব।

আইপিএলৰ পৰা অৱসৰ ঘোষণা কৰি পোলাৰ্ডে লিখে- “মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিবলৈ এৰাৰ সিদ্ধান্ত লোৱা অত্যন্ত কঠিন আছিল। কিন্তু দলটো এটা পৰিবৰ্তনৰ মাজেৰে গৈছে। সেয়ে আইপিএলৰ পৰা অৱসৰ লৈছো।”

উল্লেখ্য যে কেইবাখনো মেচত মুম্বাই ইণ্ডিয়ানছক জয়ী কৰোৱা পোলাৰ্ডে দলটোৰ স’তে ১৩ বছৰ ধৰি জড়িত হৈ আহিছে। আইপিএলৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচনা কৰা হয় ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰগৰাকীৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু