--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গোলাঘাটৰ নয়নমণি শইকীয়াই উজ্বলাই তুলিলে অসম। ল’ন বল খেলুৱৈগৰাকীয়ে লাভ কৰিছে চলিত বৰ্ষৰ অৰ্জুন বঁটা।

যুৱকল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ে সোমবাৰে ২০২২ বৰ্ষৰ দেশৰ ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। কেইবাগৰাকীও ক্ৰীড়াবিদৰ স’তে অৰ্জুন বঁটা লাভ কৰিছে অসমৰ নয়নমণি শইকীয়াই।

আনহাতে, ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰিছে টেনিছ ষ্টাৰ অচান্ত শৰথ কমলে। ২০২২ বৰ্ষৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমছত টেনিছ ষ্টাৰগৰাকীয়ে তিনিটাকৈ সোণসহ চাৰিটা পদক লাভ কৰিছিল।

অহা ৩০ নৱেম্বৰত এইসমূহ বঁটা প্ৰদান কৰা হ’ব।

সন্মান লাভ কৰা ক্ৰীড়াবিদসকলৰ তালিকাঃ  

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাঃ অচান্ত শৰথ কমল

অৰ্জুন বঁটাঃ সীমা পুনিয়া (এথলেটিকছ), এল্ডহ’জ পল (এথলেটিকছ), অবিনাশ মুকুন্দ চাবলে (এথলেটিকছ), লক্ষ্য সেন (বেডমিণ্টন), এইচ এছ প্ৰণ্ণয় (বেডমিণ্টন), অমিত (বক্সিং), নিখাট জাৰীন (বক্সিং), ভক্তি প্ৰদীপ কুলকাৰ্ণী (দবা), আৰ প্ৰজ্ঞানান্ধা (দবা), দীপ গ্ৰেচ এক্কা (হকী), সুশীলা দেৱী (জুডো), সাক্ষী কুমাৰ (কাবাড্ডী), নয়ণমণি শইকীয়া (লন বল), সাগৰ কৈলাশ অভালকাৰ (মল্লখাম্ব), এলেভেনিল ভালভাৰিয়ান (শ্বুটিং), ওমপ্ৰকাশ মিথাৰ্ভাল (শ্বুটিং), শ্ৰীজা আকুলা (টেবল টেনিছ), বিকাশ ঠাকুৰ (ৱেইটলিফ্টিং), অংশু (মল্লযুঁজ), সৰিতা (মল্লযুঁজ), পাৰৱীন (উশ্বু), মানসী গিৰিচন্দ্ৰ জোশী (পাৰা বেডমিণ্টন), তৰুণ ধিলন (পাৰা বেডমিণ্টন), স্বপ্নীল সঞ্জয় পাটিল (পাৰা চুইমিং), জাৰ্লিন অনিকা জে (বোবা বেডমিণ্টন)

দ্ৰোণাচাৰ্য বঁটাঃ জীৱনজোট সিং তেজা (আৰ্চাৰী), মহম্মদ আলি কামাৰ (বক্সিং), সুমা সিদ্ধাৰ্থ শ্বিৰুৰ (পাৰা শ্বুটিং), সুজীত মান (মল্লযুঁজ)

জীৱনজোৰা সাধনাৰ বঁটাঃ দীনেশ জৱাহৰ লাড (ক্ৰিকেট), বিমল প্ৰফুল্ল ঘোষ (ফুটবল), ৰাজ সিং (মল্লযুঁজ)

জীৱনজোৰা সাধনাৰ ধ্যানচান্দ বঁটাঃ অশ্বিনী অক্কুঞ্জী চি (এথলেটিকছ), ধৰমবীৰ সিং (হকী), বি চি সুৰেশ (কাবাড্ডী), নীৰ বাহাদুৰ গুৰুং (পাৰা এথলেটিকছ)

ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰঃ ট্ৰান্সষ্টাডিয়া এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড, কলিংগ ইনষ্টিউট অৱ ইণ্ড্ৰাষ্ট্ৰিয়েল টেকন’ল’জী, লাডাখ স্কাই এণ্ড স্ল’ব’ৰ্ড এচ’চিয়েছন

মৌলানা আবুল কালাম আজাম ট্ৰফীঃ গুৰু নানক দেৱ ইউনিভাৰ্চিটি, অমৃতসৰ

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক