--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গোলাঘাটৰ নয়নমণি শইকীয়াই উজ্বলাই তুলিলে অসম। ল’ন বল খেলুৱৈগৰাকীয়ে লাভ কৰিছে চলিত বৰ্ষৰ অৰ্জুন বঁটা।

যুৱকল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ে সোমবাৰে ২০২২ বৰ্ষৰ দেশৰ ক্ৰীড়া বঁটাসমূহ ঘোষণা কৰে। কেইবাগৰাকীও ক্ৰীড়াবিদৰ স’তে অৰ্জুন বঁটা লাভ কৰিছে অসমৰ নয়নমণি শইকীয়াই।

আনহাতে, ধ্যান চান্দ খেলৰত্ন বঁটা লাভ কৰিছে টেনিছ ষ্টাৰ অচান্ত শৰথ কমলে। ২০২২ বৰ্ষৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেল্থ গেমছত টেনিছ ষ্টাৰগৰাকীয়ে তিনিটাকৈ সোণসহ চাৰিটা পদক লাভ কৰিছিল।

অহা ৩০ নৱেম্বৰত এইসমূহ বঁটা প্ৰদান কৰা হ’ব।

সন্মান লাভ কৰা ক্ৰীড়াবিদসকলৰ তালিকাঃ  

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাঃ অচান্ত শৰথ কমল

অৰ্জুন বঁটাঃ সীমা পুনিয়া (এথলেটিকছ), এল্ডহ’জ পল (এথলেটিকছ), অবিনাশ মুকুন্দ চাবলে (এথলেটিকছ), লক্ষ্য সেন (বেডমিণ্টন), এইচ এছ প্ৰণ্ণয় (বেডমিণ্টন), অমিত (বক্সিং), নিখাট জাৰীন (বক্সিং), ভক্তি প্ৰদীপ কুলকাৰ্ণী (দবা), আৰ প্ৰজ্ঞানান্ধা (দবা), দীপ গ্ৰেচ এক্কা (হকী), সুশীলা দেৱী (জুডো), সাক্ষী কুমাৰ (কাবাড্ডী), নয়ণমণি শইকীয়া (লন বল), সাগৰ কৈলাশ অভালকাৰ (মল্লখাম্ব), এলেভেনিল ভালভাৰিয়ান (শ্বুটিং), ওমপ্ৰকাশ মিথাৰ্ভাল (শ্বুটিং), শ্ৰীজা আকুলা (টেবল টেনিছ), বিকাশ ঠাকুৰ (ৱেইটলিফ্টিং), অংশু (মল্লযুঁজ), সৰিতা (মল্লযুঁজ), পাৰৱীন (উশ্বু), মানসী গিৰিচন্দ্ৰ জোশী (পাৰা বেডমিণ্টন), তৰুণ ধিলন (পাৰা বেডমিণ্টন), স্বপ্নীল সঞ্জয় পাটিল (পাৰা চুইমিং), জাৰ্লিন অনিকা জে (বোবা বেডমিণ্টন)

দ্ৰোণাচাৰ্য বঁটাঃ জীৱনজোট সিং তেজা (আৰ্চাৰী), মহম্মদ আলি কামাৰ (বক্সিং), সুমা সিদ্ধাৰ্থ শ্বিৰুৰ (পাৰা শ্বুটিং), সুজীত মান (মল্লযুঁজ)

জীৱনজোৰা সাধনাৰ বঁটাঃ দীনেশ জৱাহৰ লাড (ক্ৰিকেট), বিমল প্ৰফুল্ল ঘোষ (ফুটবল), ৰাজ সিং (মল্লযুঁজ)

জীৱনজোৰা সাধনাৰ ধ্যানচান্দ বঁটাঃ অশ্বিনী অক্কুঞ্জী চি (এথলেটিকছ), ধৰমবীৰ সিং (হকী), বি চি সুৰেশ (কাবাড্ডী), নীৰ বাহাদুৰ গুৰুং (পাৰা এথলেটিকছ)

ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰঃ ট্ৰান্সষ্টাডিয়া এণ্টাৰপ্ৰাইজ প্ৰাইভেট লিমিটেড, কলিংগ ইনষ্টিউট অৱ ইণ্ড্ৰাষ্ট্ৰিয়েল টেকন’ল’জী, লাডাখ স্কাই এণ্ড স্ল’ব’ৰ্ড এচ’চিয়েছন

মৌলানা আবুল কালাম আজাম ট্ৰফীঃ গুৰু নানক দেৱ ইউনিভাৰ্চিটি, অমৃতসৰ

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু