--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উৰ্বশী ৰাউতেলা নহয়, ঋষভ পণ্টৰ স’তে সাঙোৰ খাই পৰিছে আন এগৰাকী অভিনেত্ৰীহে! এইবাৰ ক্ৰিকেট তাৰকাগৰাকীৰ প্ৰেমত হাবু ডুবু খাইছে গীতিকা তিৱাৰী।

নিজৰ এখন ছৱি সামাজিক মাধ্যমত প’ষ্ট কৰি গীতিকাই লিখিছে যে হৃদয়ৰ আহ্বান শুনি তেওঁ অষ্ট্ৰেলিয়ালৈ যোৱা হ’লে, তেন্তে টি২০ বিশ্বকাপত পণ্টে সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন।

অভিনেত্ৰীগৰাকীৰ এই প’ষ্টটোৰ পাছতে ব্যাপক চৰ্চা হৈছে। প্ৰশ্ন উঠিছে- এইবাৰ নতুন প্ৰেমত মত্ত হৈছে নেকি ঋষভ পণ্ট?

কিন্তু কোন এই গীতিকা? তেলেগু চিনেমা জগতৰ নতুন মুখ তেওঁ। ইতিমধ্যে দুখনকৈ চিনেমাত অভিনয় কৰিছে গীতিকাই। ইনষ্টাগ্ৰামতো জনপ্ৰিয়তা লাভ কৰিছে তেওঁ।

সকলোতকৈ মজাৰ বিষয়টো হ’ল উৰ্বশী ৰাউতেলাৰ প্ৰথমখন তেলেগু ছৱিত গীতিকাইও অভিনয় কৰিছিল।

উল্লেখ্য যে যোৱা কেইবামাহ ধৰি উৰ্বশী আৰু ঋষভৰ বিষয়ে ব্যাপক চৰ্চা চলি আছে। ঋষভ পণ্ট সন্দৰ্ভত উৰ্বশীয়ে এটা বিস্ফোৰক ভাষ্য আগবঢ়োৱাৰ পাছতে বিষয়টোক লৈ সামাজিক মাধ্যম উত্তপ্ত হৈ পৰিছিল। কেইবাখনো ক্ৰিকেট মেচতো উৰ্বশীক গেলেৰীত দেখা পোৱা গৈছিল।

তেনে সময়তে নতুনকৈ এইদৰে আন এগৰাকী অভিনেত্ৰীয়ে ঋষভ পণ্টৰ স’তে যুক্ত হৈ পৰাটো লক্ষ্যণীয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক