--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উৰ্বশী ৰাউতেলা নহয়, ঋষভ পণ্টৰ স’তে সাঙোৰ খাই পৰিছে আন এগৰাকী অভিনেত্ৰীহে! এইবাৰ ক্ৰিকেট তাৰকাগৰাকীৰ প্ৰেমত হাবু ডুবু খাইছে গীতিকা তিৱাৰী।

নিজৰ এখন ছৱি সামাজিক মাধ্যমত প’ষ্ট কৰি গীতিকাই লিখিছে যে হৃদয়ৰ আহ্বান শুনি তেওঁ অষ্ট্ৰেলিয়ালৈ যোৱা হ’লে, তেন্তে টি২০ বিশ্বকাপত পণ্টে সুন্দৰ প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন।

অভিনেত্ৰীগৰাকীৰ এই প’ষ্টটোৰ পাছতে ব্যাপক চৰ্চা হৈছে। প্ৰশ্ন উঠিছে- এইবাৰ নতুন প্ৰেমত মত্ত হৈছে নেকি ঋষভ পণ্ট?

কিন্তু কোন এই গীতিকা? তেলেগু চিনেমা জগতৰ নতুন মুখ তেওঁ। ইতিমধ্যে দুখনকৈ চিনেমাত অভিনয় কৰিছে গীতিকাই। ইনষ্টাগ্ৰামতো জনপ্ৰিয়তা লাভ কৰিছে তেওঁ।

সকলোতকৈ মজাৰ বিষয়টো হ’ল উৰ্বশী ৰাউতেলাৰ প্ৰথমখন তেলেগু ছৱিত গীতিকাইও অভিনয় কৰিছিল।

উল্লেখ্য যে যোৱা কেইবামাহ ধৰি উৰ্বশী আৰু ঋষভৰ বিষয়ে ব্যাপক চৰ্চা চলি আছে। ঋষভ পণ্ট সন্দৰ্ভত উৰ্বশীয়ে এটা বিস্ফোৰক ভাষ্য আগবঢ়োৱাৰ পাছতে বিষয়টোক লৈ সামাজিক মাধ্যম উত্তপ্ত হৈ পৰিছিল। কেইবাখনো ক্ৰিকেট মেচতো উৰ্বশীক গেলেৰীত দেখা পোৱা গৈছিল।

তেনে সময়তে নতুনকৈ এইদৰে আন এগৰাকী অভিনেত্ৰীয়ে ঋষভ পণ্টৰ স’তে যুক্ত হৈ পৰাটো লক্ষ্যণীয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু