--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত শতকেৰে উজলি উঠিল ভেংকটেশ আয়াৰ। দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ বেটাৰগৰাকীয়ে শতক অৰ্জন কৰে। আইপিএলৰ ইতিহাসত কলকাতা নাইট ৰাইডাৰ্ছৰ যিকোনো বেটাৰৰ এইটো দ্বিতীয়টো শতক। ইয়াৰ পূৰ্বে ২০০৮ চনত আই পি এলৰ প্ৰথম বৰ্ষত কলকাতাৰ হৈ ব্ৰেণ্ডন মেককালামে শতক অৰ্জন কৰিছিল।

২০০৮ চনত আই পি এলৰ প্ৰথমখন মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে কলকাতাৰ হৈ মেককালামে শতক কৰিছিল। সেই মেচখনত ১৫৮ ৰানৰ আগ্ৰাসী ইনিংছ আহিছিল নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীৰ বেটৰ পৰা। তাৰ পিছত কলকাতাৰ হৈ আন কোনো বেটছমেনে শতক অৰ্জন কৰিব পৰা নাই। দেওবাৰে ১৫ বছৰৰ পাছত কলকাতাৰ হৈ দ্বিতীয় শতক অৰ্জন কৰে আয়াৰে

টি-২০ ক্ৰিকেটত এয়া আয়াৰৰ প্ৰথম শতক। মুম্বাইৰ বিৰুদ্ধে ৫১টা বলত ১০৪ ৰানৰ ইনিংছ খেলে তেওঁ। ৬টা চাৰি আৰু ৯টা ছয়েৰে ইনিংছটো সজায় তেওঁ।

যোৱা শুকুৰবাৰে ইডেনত কে কে আৰৰ বিৰুদ্ধে আই পি এলৰ প্ৰথম শতক অৰ্জন কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হেৰী ব্ৰুকে। কলকাতাৰ মেচত ভেংকটেশৰ বেটৰ পৰাই এইবাৰৰ প্রতিযোগিতাৰ দ্বিতীয় শতক আহে।

ভেংকটেশৰ বৰ্তমান ফৰ্ম ভাল। মুম্বাইৰ বিৰুদ্ধে খেলাৰ পাছত আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে বিবেচিত হৈছে তেওঁ। তেওঁৰ মুঠ ৰান হৈছেগৈ ২৩৪ ৰান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ