--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত শতকেৰে উজলি উঠিল ভেংকটেশ আয়াৰ। দেওবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ বেটাৰগৰাকীয়ে শতক অৰ্জন কৰে। আইপিএলৰ ইতিহাসত কলকাতা নাইট ৰাইডাৰ্ছৰ যিকোনো বেটাৰৰ এইটো দ্বিতীয়টো শতক। ইয়াৰ পূৰ্বে ২০০৮ চনত আই পি এলৰ প্ৰথম বৰ্ষত কলকাতাৰ হৈ ব্ৰেণ্ডন মেককালামে শতক অৰ্জন কৰিছিল।

২০০৮ চনত আই পি এলৰ প্ৰথমখন মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে কলকাতাৰ হৈ মেককালামে শতক কৰিছিল। সেই মেচখনত ১৫৮ ৰানৰ আগ্ৰাসী ইনিংছ আহিছিল নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীৰ বেটৰ পৰা। তাৰ পিছত কলকাতাৰ হৈ আন কোনো বেটছমেনে শতক অৰ্জন কৰিব পৰা নাই। দেওবাৰে ১৫ বছৰৰ পাছত কলকাতাৰ হৈ দ্বিতীয় শতক অৰ্জন কৰে আয়াৰে

টি-২০ ক্ৰিকেটত এয়া আয়াৰৰ প্ৰথম শতক। মুম্বাইৰ বিৰুদ্ধে ৫১টা বলত ১০৪ ৰানৰ ইনিংছ খেলে তেওঁ। ৬টা চাৰি আৰু ৯টা ছয়েৰে ইনিংছটো সজায় তেওঁ।

যোৱা শুকুৰবাৰে ইডেনত কে কে আৰৰ বিৰুদ্ধে আই পি এলৰ প্ৰথম শতক অৰ্জন কৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হেৰী ব্ৰুকে। কলকাতাৰ মেচত ভেংকটেশৰ বেটৰ পৰাই এইবাৰৰ প্রতিযোগিতাৰ দ্বিতীয় শতক আহে।

ভেংকটেশৰ বৰ্তমান ফৰ্ম ভাল। মুম্বাইৰ বিৰুদ্ধে খেলাৰ পাছত আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে বিবেচিত হৈছে তেওঁ। তেওঁৰ মুঠ ৰান হৈছেগৈ ২৩৪ ৰান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে