--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় তাৰকা শ্বাহৰুখ খান এতিয়া ব্যস্ত নিজ পুত্ৰ-কন্যাৰ ভৱিষ্যত গঢ় দিয়াত ৷ কন্যা সুহানা খানৰ সৈতে তেওঁ ‘কিং’ নামৰ এখন ছবিত কাম কৰি আছে। যিখন হ’ব চুহানাৰ প্ৰথমখন ছবি যিখন ছবিগৃহত মুক্তি পাব। ইয়াৰ উপৰিও তেওঁ পুত্ৰ আৰিয়ান খানক উন্মোচন কৰাতো ব্যস্ত। ‘ষ্টাৰডম’ নামৰ এখন ৱেব ছিৰিজত পৰিচালক হিচাপে আৰম্ভ কৰিছে আৰিয়ানে। ইয়াৰ প্ৰযোজক হৈছে শ্বাহৰুখৰ নিজা কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট (আৰ চি ই)। উল্লেখ্য যে সমগ্ৰ দেশৰ বহু চলচ্চিত্ৰ নিৰ্মাতাই আৰিয়ানক অভিনেতা হিচাপে মুকলি কৰিব বিচাৰিছে। ইয়াৰ বাবে তেওঁ শ্বাহৰুখ খানৰ সৈতে যোগাযোগো কৰিছে।


শ্বাহৰুখ খানে ৩০ বছৰতকৈও অধিক হিন্দী চলচ্চিত্ৰ জগতত কাম কৰি আহিছে। এই সময়ছোৱাত তেওঁ ভাৰতীয় চিনেমাৰ ইতিহাসত এজন ডাঙৰ ছুপাৰষ্টাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। সেয়ে জনসাধাৰণে শ্বাহৰুখৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ বিষয়ে জানিবলৈ আগ্ৰহী। এক প্ৰতিবেদন অনুসৰি বহু প্ৰযোজক আৰু পৰিচালকে শ্বাহৰুখ খানৰ সৈতে যোগাযোগ কৰি আৰিয়ান খানক অভিনেতা ৰূপে মুকলি কৰি দিছে। 


অহা বছৰ ‘ষ্টাৰডম’ ৱেব-ছিৰিজখন প্ৰিমিয়াৰ হ’বলৈ সাজু হৈছে। এই ছিৰিজখনত হিন্দী চলচ্চিত্ৰ জগতৰ অন্তৰ্নিহিত কাহিনী দেখুওৱা হ’ব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ল’ৰাবোৰে এই উদ্যোগটোত নিজৰ নাম উজলাবলৈ কি কৰে, এয়াই তাৰকাত্বৰ কাহিনী। ববী দেওল, লক্ষ্য লালৱানী, ৰাঘৱ জুৱালৰ দৰে অভিনেতাই এই ছিৰিজখনত কাম কৰিছে। ইয়াৰ উপৰিও এই ছিৰিজখনত ৰণবীৰ কাপুৰ, ৰণবীৰ সিং আৰু শ্বাহৰুখ খানৰ দৰে তাৰকাক অতিথি চৰিত্ৰত অভিনয় কৰা দেখা যাব।

আনহাতে ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত শ্বাহৰুখ খানে তেওঁৰ পৰৱৰ্তী ছবি ‘কিং’ৰ শ্বুটিং আৰম্ভ কৰিব পাৰে। তেওঁৰ জী চুহানা খান আৰু অভিষেক বচ্চনেও শ্বাহৰুখৰ সৈতে এই ছবিখনত কাম কৰি আছে। এই ছবিখন শ্বাহৰুখৰ কোম্পানী আৰ চি ই আৰু সিদ্ধাৰ্থ আনন্দৰ প্ৰডাকচন কোম্পানী মাৰ্ফ্লিক্সে যৌথভাৱে নিৰ্মাণ কৰিছে। ‘কিং’ৰ পৰিচালনা কৰিছে ‘কাহানী’ আৰু ‘বদলা’ ছবিৰ সুজয় ঘোষে। এই ছবিখনৰ মুক্তিৰ তাৰিখ এতিয়াও প্ৰকাশ পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ