--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত ভাৰতৰ ভিতৰতে সৰ্বাধিক আয়কৰ আদায় দিয়া চেলিব্ৰিটিৰ তালিকা এতিয়া প্ৰকাশ পাইছে আৰু ইয়াত অভিনেতা শ্বাহৰুখ খান শীৰ্ষত আছে। ফৰ্চুন ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যুৱ অভিনেতাগৰাকীয়ে ৯২ কোটি টকাৰ কৰ আদায় দিয়াৰ তথ্য প্ৰকাশ পাইছে। শ্বাহৰুখ খানৰ পিছত বিজয়, ছলমান খান আৰু অমিতাভ বচ্চনৰ দৰে নাম সন্নিবিষ্ট আছে। ভাৰতৰ সৰ্বাধিক কৰ আদায় কৰা তালিকাত আছে চেলিব্ৰিটি ক্ৰিকেটাৰ বিৰাট কোহলীও, তেওঁৰ বছৰি আয়কৰ ৬৬ কোটি টকা


শেহতীয়াকৈ বলীউডৰ অভিনেতা শ্বাহৰুখ খানে হুৰুণ ইণ্ডিয়া ২০২৪ৰ আটাইতকৈ ধনী অভিনেতাৰ তালিকাত শীৰ্ষস্থানত থাকে। কিন্তু এতিয়া সৰ্বাধিক কৰ আদায় দিয়াৰ তালিকাত আগবাঢ়িছে কিং খান। দৰাচলতে শেহতীয়াকৈ ফৰ্চুন ইণ্ডিয়াই সৰ্বাধিক কৰ আদায় দিয়া ভাৰতীয় চেলিব্ৰিটিৰ তালিকা প্ৰকাশ কৰে, য’ত ক্ৰীড়া আৰু মনোৰঞ্জন জগতৰ তাৰকাৰ নাম প্ৰকাশ পায়। এই তালিকাত শ্বাহৰুখ খানে প্ৰথম স্থান লাভ কৰিছে। 

২০২৩ চনত শ্বাহৰুখ খানে পাথান, জৱান, ডাংকিৰ দৰে হিট ছবি দি বক্স অফিচত ২০০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ছবিৰ পৰা উপাৰ্জনৰ উপৰিও ইয়াৰ ভিতৰত ব্ৰেণ্ড ভেঞ্চাৰৰ পৰা পোৱা উপাৰ্জন আৰু তেওঁৰ ব্যৱসায়ও অন্তৰ্ভুক্ত। উল্লেখ্য যে কিং খানে প্ৰডাকচন হাউচ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ক্ৰিকেট টিম কেকেআৰৰ পৰা বিপুল উপাৰ্জন কৰিছে, যাৰ বাবে তেওঁৰ সম্পত্তিৰ পৰিমাণ ৭৩০০ কোটি টকালৈ বৃদ্ধি পালে। কিন্তু শ্বাহৰুখ খান কেনেকৈ ইমান বিলাসী সম্পত্তিৰ মালিক হ’ল জানেনে?


‘জৱান’ ছবিখনৰ বাবে শ্বাহৰুখ খানে ১০০ কোটি টকা মাচুল হিচাপে লোৱাৰ লগতে লাভৰ ৬০ শতাংশও লৈছিল। লগতে শেষৰখন ছবি ‘ডাংকি’ৰ বাবে ২৮ কোটি টকা মাননি লয় ৷ 

শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খানে একেলগে এটা সফল প্ৰডাকচন হাউচ চলায়। ২০০২ চনৰ পৰা আৰম্ভ হোৱা এই প্ৰডাকচন হাউচটোৰ নাম ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট। প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানে এই প্ৰডাকচন হাউছৰ পৰা প্ৰতি বছৰে ৫০০ কোটি টকা উপাৰ্জন কৰে।

আই পি এল ক্ৰিকেট দল কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী কিং খান। অভিনেত্ৰী জুহি চাওলাৰ সৈতে দলটোৰ সহ স্বত্বাধিকাৰ । সংবাদ মাধ্যম অনুসৰি আইপিএলত প্ৰতি বছৰে কেকেআৰে ২৫০ৰ পৰা ২৭০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰে ১০০ কোটি টকা খেলুৱৈ ক্ৰয় আৰু পৰিচালনাৰ বাবে ব্যয় কৰা হয়। এইদৰে কেকেআৰে ১৫০ কোটিতকৈ অধিক উপাৰ্জন কৰে। কেকেআৰত শ্বাহৰুখ খানৰ ৫৫ শতাংশ অংশীদাৰিত্ব আছে আৰু তেওঁ দলটোৰ পৰা প্ৰতি বছৰে ৭০ৰ পৰা ৮০ কোটি টকা উপাৰ্জন কৰে।


ছবিৰ উপৰিও শ্বাহৰুখ খানে বিজ্ঞাপনৰ যোগেদিও ধন উপাৰ্জন কৰে। উল্লেখ্য যে কিং খানে প্ৰতিদিনে বিজ্ঞাপন শ্বুটৰ বাবে ৩.৫ৰ পৰা ৪ কোটি টকা উপাৰ্জন কৰে।

এইদৰে শ্বাহৰুখ খানে ৭৩০০ কোটি টকাৰ বিশাল সম্পত্তি অৰ্জন কৰিছে। যোৱা বছৰ ফৰ্বছ ইণ্ডিয়াই এখন তালিকা প্ৰকাশ কৰিছিল য’ত শ্বাহৰুখ খানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬৩০০ কোটি টকা আছিল। অৰ্থাৎ এবছৰত শ্বাহৰুখ খানৰ সম্পত্তি ১০০০ কোটি টকা বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ