--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ চনত ভাৰতৰ ভিতৰতে সৰ্বাধিক আয়কৰ আদায় দিয়া চেলিব্ৰিটিৰ তালিকা এতিয়া প্ৰকাশ পাইছে আৰু ইয়াত অভিনেতা শ্বাহৰুখ খান শীৰ্ষত আছে। ফৰ্চুন ইণ্ডিয়াত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যুৱ অভিনেতাগৰাকীয়ে ৯২ কোটি টকাৰ কৰ আদায় দিয়াৰ তথ্য প্ৰকাশ পাইছে। শ্বাহৰুখ খানৰ পিছত বিজয়, ছলমান খান আৰু অমিতাভ বচ্চনৰ দৰে নাম সন্নিবিষ্ট আছে। ভাৰতৰ সৰ্বাধিক কৰ আদায় কৰা তালিকাত আছে চেলিব্ৰিটি ক্ৰিকেটাৰ বিৰাট কোহলীও, তেওঁৰ বছৰি আয়কৰ ৬৬ কোটি টকা ৷


শেহতীয়াকৈ বলীউডৰ অভিনেতা শ্বাহৰুখ খানে হুৰুণ ইণ্ডিয়া ২০২৪ৰ আটাইতকৈ ধনী অভিনেতাৰ তালিকাত শীৰ্ষস্থানত থাকে। কিন্তু এতিয়া সৰ্বাধিক কৰ আদায় দিয়াৰ তালিকাত আগবাঢ়িছে কিং খান। দৰাচলতে শেহতীয়াকৈ ফৰ্চুন ইণ্ডিয়াই সৰ্বাধিক কৰ আদায় দিয়া ভাৰতীয় চেলিব্ৰিটিৰ তালিকা প্ৰকাশ কৰে, য’ত ক্ৰীড়া আৰু মনোৰঞ্জন জগতৰ তাৰকাৰ নাম প্ৰকাশ পায়। এই তালিকাত শ্বাহৰুখ খানে প্ৰথম স্থান লাভ কৰিছে। 

২০২৩ চনত শ্বাহৰুখ খানে পাথান, জৱান, ডাংকিৰ দৰে হিট ছবি দি বক্স অফিচত ২০০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ছবিৰ পৰা উপাৰ্জনৰ উপৰিও ইয়াৰ ভিতৰত ব্ৰেণ্ড ভেঞ্চাৰৰ পৰা পোৱা উপাৰ্জন আৰু তেওঁৰ ব্যৱসায়ও অন্তৰ্ভুক্ত। উল্লেখ্য যে কিং খানে প্ৰডাকচন হাউচ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ক্ৰিকেট টিম কেকেআৰৰ পৰা বিপুল উপাৰ্জন কৰিছে, যাৰ বাবে তেওঁৰ সম্পত্তিৰ পৰিমাণ ৭৩০০ কোটি টকালৈ বৃদ্ধি পালে। কিন্তু শ্বাহৰুখ খান কেনেকৈ ইমান বিলাসী সম্পত্তিৰ মালিক হ’ল জানেনে?


‘জৱান’ ছবিখনৰ বাবে শ্বাহৰুখ খানে ১০০ কোটি টকা মাচুল হিচাপে লোৱাৰ লগতে লাভৰ ৬০ শতাংশও লৈছিল। লগতে শেষৰখন ছবি ‘ডাংকি’ৰ বাবে ২৮ কোটি টকা মাননি লয় ৷ 

শ্বাহৰুখ খান আৰু তেওঁৰ পত্নী গৌৰী খানে একেলগে এটা সফল প্ৰডাকচন হাউচ চলায়। ২০০২ চনৰ পৰা আৰম্ভ হোৱা এই প্ৰডাকচন হাউচটোৰ নাম ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট। প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানে এই প্ৰডাকচন হাউছৰ পৰা প্ৰতি বছৰে ৫০০ কোটি টকা উপাৰ্জন কৰে।

আই পি এল ক্ৰিকেট দল কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী কিং খান। অভিনেত্ৰী জুহি চাওলাৰ সৈতে দলটোৰ সহ স্বত্বাধিকাৰ । সংবাদ মাধ্যম অনুসৰি আইপিএলত প্ৰতি বছৰে কেকেআৰে ২৫০ৰ পৰা ২৭০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰে ১০০ কোটি টকা খেলুৱৈ ক্ৰয় আৰু পৰিচালনাৰ বাবে ব্যয় কৰা হয়। এইদৰে কেকেআৰে ১৫০ কোটিতকৈ অধিক উপাৰ্জন কৰে। কেকেআৰত শ্বাহৰুখ খানৰ ৫৫ শতাংশ অংশীদাৰিত্ব আছে আৰু তেওঁ দলটোৰ পৰা প্ৰতি বছৰে ৭০ৰ পৰা ৮০ কোটি টকা উপাৰ্জন কৰে।


ছবিৰ উপৰিও শ্বাহৰুখ খানে বিজ্ঞাপনৰ যোগেদিও ধন উপাৰ্জন কৰে। উল্লেখ্য যে কিং খানে প্ৰতিদিনে বিজ্ঞাপন শ্বুটৰ বাবে ৩.৫ৰ পৰা ৪ কোটি টকা উপাৰ্জন কৰে।

এইদৰে শ্বাহৰুখ খানে ৭৩০০ কোটি টকাৰ বিশাল সম্পত্তি অৰ্জন কৰিছে। যোৱা বছৰ ফৰ্বছ ইণ্ডিয়াই এখন তালিকা প্ৰকাশ কৰিছিল য’ত শ্বাহৰুখ খানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৬৩০০ কোটি টকা আছিল। অৰ্থাৎ এবছৰত শ্বাহৰুখ খানৰ সম্পত্তি ১০০০ কোটি টকা বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু