--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ সজীৱ হৈ উঠিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্তৰ ড্ৰাগছ কাণ্ডৰ প্ৰসংগ।   শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছ গোচৰত চিবিআইয়ে শুকুৰবাৰে এনচিবিৰ প্ৰাক্তন বিষয়া সমীৰ ৱানখেডেক আটক কৰে। বিষয়াজনৰ বিৰুদ্ধে ড্ৰাগছ-অন-ক্ৰুজ গোচৰত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ  নকৰাৰ বাবে ২৫ কোটি টকা উৎকোচ বিচৰা বুলি অভিযোগ উঠিছিল।

এনে অভিযোগৰ পিছতে  তেওঁৰ সগতে আৰু আন চাৰিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। আৰিয়ান খানক ২০২১ চনৰ ২ অক্টোবৰত কৰ্ডেলিয়া ক্ৰুজ জাহাজত ড্ৰাগছ লগত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ড্ৰাগছ-অন-ক্ৰুজ গোচৰত অভিযোগনামা দাখিল কৰা এনচিবিয়ে আৰিয়ান খানক পিছত ক্লিন শ্বীট দিছিল।  আনহাতে এছআইটিয়ে দাবী কৰিছিল যে ৱানখেডেৰ নেতৃত্বত চলা  তদন্তত ত্ৰুটি আছিল।

এইবুলি  অভিযোগ কৰা হৈছিল যে আইআৰএছ বিষয়া ৱানখেডে আৰু আনসকলে আৰিয়ান খানক  ড্ৰাগছৰ গোচৰটোত গ্ৰেপ্তাৰ নকৰিবলৈ ২৫ কোটি টকা উৎকোচ দাবী কৰিছিল। চিবিআইয়ে তথ্য লাভ কৰিছিল যে বিষয়া জন আৰু তেওঁৰ সহযোগীয়ে আগতীয়াকৈ ৫০ লাখ টকা সংগ্ৰহ কৰিছিল।

আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ সময়ত মুম্বাইৰ নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোৰ নেতৃত্ব দিয়া ৱানখেডেক যোৱা বছৰ মে’ মাহত চেন্নাইৰ কৰদাতা সেৱা সঞ্চালকালয়লৈ বদলি কৰা হৈছিল। চিবিআইয়ে ৱানখেডেক গ্ৰেপ্তাৰ কৰাৰ কোনো খবৰ অৱশ্যে এতিয়ালৈকে পোৱা হোৱা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস