--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ সজীৱ হৈ উঠিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্তৰ ড্ৰাগছ কাণ্ডৰ প্ৰসংগ।   শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছ গোচৰত চিবিআইয়ে শুকুৰবাৰে এনচিবিৰ প্ৰাক্তন বিষয়া সমীৰ ৱানখেডেক আটক কৰে। বিষয়াজনৰ বিৰুদ্ধে ড্ৰাগছ-অন-ক্ৰুজ গোচৰত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ  নকৰাৰ বাবে ২৫ কোটি টকা উৎকোচ বিচৰা বুলি অভিযোগ উঠিছিল।

এনে অভিযোগৰ পিছতে  তেওঁৰ সগতে আৰু আন চাৰিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল। আৰিয়ান খানক ২০২১ চনৰ ২ অক্টোবৰত কৰ্ডেলিয়া ক্ৰুজ জাহাজত ড্ৰাগছ লগত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। ড্ৰাগছ-অন-ক্ৰুজ গোচৰত অভিযোগনামা দাখিল কৰা এনচিবিয়ে আৰিয়ান খানক পিছত ক্লিন শ্বীট দিছিল।  আনহাতে এছআইটিয়ে দাবী কৰিছিল যে ৱানখেডেৰ নেতৃত্বত চলা  তদন্তত ত্ৰুটি আছিল।

এইবুলি  অভিযোগ কৰা হৈছিল যে আইআৰএছ বিষয়া ৱানখেডে আৰু আনসকলে আৰিয়ান খানক  ড্ৰাগছৰ গোচৰটোত গ্ৰেপ্তাৰ নকৰিবলৈ ২৫ কোটি টকা উৎকোচ দাবী কৰিছিল। চিবিআইয়ে তথ্য লাভ কৰিছিল যে বিষয়া জন আৰু তেওঁৰ সহযোগীয়ে আগতীয়াকৈ ৫০ লাখ টকা সংগ্ৰহ কৰিছিল।

আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ সময়ত মুম্বাইৰ নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোৰ নেতৃত্ব দিয়া ৱানখেডেক যোৱা বছৰ মে’ মাহত চেন্নাইৰ কৰদাতা সেৱা সঞ্চালকালয়লৈ বদলি কৰা হৈছিল। চিবিআইয়ে ৱানখেডেক গ্ৰেপ্তাৰ কৰাৰ কোনো খবৰ অৱশ্যে এতিয়ালৈকে পোৱা হোৱা নাই। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ