--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যাত্ৰীৰ লগতে নিজৰ জীৱনো বিপদাপন্ন কৰি এয়াৰ ইণ্ডিয়াৰ এজন পাইলটে বিমান চলাই থকাৰ সময়তে তেওঁৰ বান্ধীক ককপিটলৈ মতাই নি কথা পতাত মছগুল হোৱাৰ ঘটনাই সমগ্ৰ দেশতে আলোড়ণৰ সৃষ্টি কৰিছিল৷ এই ঘটনাৰ তদন্তৰ পিছতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে শুকুৰবাৰে এয়াৰ ইণ্ডিয়াৰ পাইলট জনক নিলম্বিত কৰাৰ নিৰ্দেশ দিয়ে৷ 

কেৱল সেয়াই নহয়, এয়াৰ ইণ্ডিয়াক ৩০ লাখ টকাৰ জৰিমনাও বিহা হৈছে৷  ২৭ ফেব্ৰুৱাৰীত পাইলটগৰাকীয়ে ককপিটৰ ভিতৰলৈ তেওঁৰ এগৰাকী বান্ধৱীক মতাই নি কথা পতাত ব্যস্ত হৈ পৰিছিল৷  অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰকে এয়াৰলাইনছটোক "সুৰক্ষা সংবেদনশীল সমস্যাটো তৎক্ষণাৎ আৰু কাৰ্যকৰীভাৱে সমাধান নকৰাৰ বাবে" ৩০ লাখ টকাৰ জৰিমনা বিহে৷

উক্ত পাইলটজনৰ অনুজ্ঞাপত্ৰ "বিমান নিয়ম, ১৯৩৭ ৰ অধীনত নিহিত তেওঁৰ কৰ্তৃত্বৰ অপব্যৱহাৰ আৰু প্ৰযোজ্য ডিজিচিএ নিয়মাৱলী উলংঘনৰ  বাবে" তিনি মাহৰ বাবে নিলম্বিত কৰা হৈছে৷ 

২৭ ফেব্ৰুৱাৰীত এয়াৰ ইণ্ডিয়াৰ বিমান খনে আকাশত উৰি আছিল। তীব্ৰ গতিত গৈ থকা বিমান খনৰ পাইলটে  তেওঁৰ বান্ধৱীক হঠাতে মাতি পঠিয়ালে ককপিটলৈ। ককপিটৰ ভিতৰত পাইলট ব্যল্ত হৈ পৰিল বান্ধৱীৰ সৈতে কথা পতাত। তেওঁ যেন পাহৰি গ’ল তেওঁ যে বিমান খন চলাই আছে।  এয়াৰ ইণ্ডিয়াৰ বিমানত ঘটা এই ঘটনাই এতিয়া  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

 ঘটনাটো পোহৰলৈ অহাৰ  পিছতে  পাইলটজনৰ আচৰণ বিধি সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল। 
এয়াৰ ইণ্ডিয়াৰ বিমানখন ডুবাইৰ পৰা দিল্লীলৈ উৰা মাৰিছিল।  বিমানখন উৰা মৰাৰ অলপ পিছতে পাইলটজনে তেওঁৰ বন্ধৱীক  ফোন কৰিছিল। বান্ধৱীগৰাকী  যাত্ৰীসকলৰ মাজত বহি আছিল। উৰণৰ আৰম্ভণিতে তেওঁ ককপিটত প্ৰৱেশ কৰিছিল। বান্ধৱীগৰাকীয়ে  সমগ্ৰ  তিনি ঘণ্টাৰ যাত্ৰাৰ সময়ত পাইলট জনৰ সৈতে  ককপিটতে কথা পাতি আছিল। ডিজিচিএৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এনে কাৰ্য  সম্পূৰ্ণৰূপে পাইলটৰ আদৰ্শ আচৰণ বিধিৰ বিৰোধী । নাম উল্লেখ কৰিব নিবিচৰা বিষয়াজনে কয় যে অভিযুক্ত পাইলটজনে সুৰক্ষাৰ নিয়ম উলংঘা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস