--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যাত্ৰীৰ লগতে নিজৰ জীৱনো বিপদাপন্ন কৰি এয়াৰ ইণ্ডিয়াৰ এজন পাইলটে বিমান চলাই থকাৰ সময়তে তেওঁৰ বান্ধীক ককপিটলৈ মতাই নি কথা পতাত মছগুল হোৱাৰ ঘটনাই সমগ্ৰ দেশতে আলোড়ণৰ সৃষ্টি কৰিছিল৷ এই ঘটনাৰ তদন্তৰ পিছতে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে শুকুৰবাৰে এয়াৰ ইণ্ডিয়াৰ পাইলট জনক নিলম্বিত কৰাৰ নিৰ্দেশ দিয়ে৷ 

কেৱল সেয়াই নহয়, এয়াৰ ইণ্ডিয়াক ৩০ লাখ টকাৰ জৰিমনাও বিহা হৈছে৷  ২৭ ফেব্ৰুৱাৰীত পাইলটগৰাকীয়ে ককপিটৰ ভিতৰলৈ তেওঁৰ এগৰাকী বান্ধৱীক মতাই নি কথা পতাত ব্যস্ত হৈ পৰিছিল৷  অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰকে এয়াৰলাইনছটোক "সুৰক্ষা সংবেদনশীল সমস্যাটো তৎক্ষণাৎ আৰু কাৰ্যকৰীভাৱে সমাধান নকৰাৰ বাবে" ৩০ লাখ টকাৰ জৰিমনা বিহে৷

উক্ত পাইলটজনৰ অনুজ্ঞাপত্ৰ "বিমান নিয়ম, ১৯৩৭ ৰ অধীনত নিহিত তেওঁৰ কৰ্তৃত্বৰ অপব্যৱহাৰ আৰু প্ৰযোজ্য ডিজিচিএ নিয়মাৱলী উলংঘনৰ  বাবে" তিনি মাহৰ বাবে নিলম্বিত কৰা হৈছে৷ 

২৭ ফেব্ৰুৱাৰীত এয়াৰ ইণ্ডিয়াৰ বিমান খনে আকাশত উৰি আছিল। তীব্ৰ গতিত গৈ থকা বিমান খনৰ পাইলটে  তেওঁৰ বান্ধৱীক হঠাতে মাতি পঠিয়ালে ককপিটলৈ। ককপিটৰ ভিতৰত পাইলট ব্যল্ত হৈ পৰিল বান্ধৱীৰ সৈতে কথা পতাত। তেওঁ যেন পাহৰি গ’ল তেওঁ যে বিমান খন চলাই আছে।  এয়াৰ ইণ্ডিয়াৰ বিমানত ঘটা এই ঘটনাই এতিয়া  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

 ঘটনাটো পোহৰলৈ অহাৰ  পিছতে  পাইলটজনৰ আচৰণ বিধি সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল। 
এয়াৰ ইণ্ডিয়াৰ বিমানখন ডুবাইৰ পৰা দিল্লীলৈ উৰা মাৰিছিল।  বিমানখন উৰা মৰাৰ অলপ পিছতে পাইলটজনে তেওঁৰ বন্ধৱীক  ফোন কৰিছিল। বান্ধৱীগৰাকী  যাত্ৰীসকলৰ মাজত বহি আছিল। উৰণৰ আৰম্ভণিতে তেওঁ ককপিটত প্ৰৱেশ কৰিছিল। বান্ধৱীগৰাকীয়ে  সমগ্ৰ  তিনি ঘণ্টাৰ যাত্ৰাৰ সময়ত পাইলট জনৰ সৈতে  ককপিটতে কথা পাতি আছিল। ডিজিচিএৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে এনে কাৰ্য  সম্পূৰ্ণৰূপে পাইলটৰ আদৰ্শ আচৰণ বিধিৰ বিৰোধী । নাম উল্লেখ কৰিব নিবিচৰা বিষয়াজনে কয় যে অভিযুক্ত পাইলটজনে সুৰক্ষাৰ নিয়ম উলংঘা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক