--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডাল নেজ লৈ জন্ম হ’ল এগৰাকী কন্যাশিশু। এই বিৰল ঘটনাটো সংঘটিত হৈছে মেক্সিকোত। 'জাৰ্ণাল অৱ পেডিয়াট্ৰিক চাৰ্জাৰী’ত প্ৰকাশিত এটা গৱেষণাপত্ৰত প্ৰকাশিত হৈছে ঘটনাটোৰ বিষয়ে।

জানিব পৰামতে, উত্তৰ মেক্সিকোৰ এখন গাঁৱৰ হস্পিতালত অস্ত্ৰোপচাৰৰ মাধ্যমেৰে জন্ম হয় এটি কন্যাশিশুৰ। চিকিৎসকসকলে দেখে যে শিশুটিৰ নিতম্বৰ ঠিক ওপৰত একোছা নোম আৰু তাতে দুই ইঞ্চিৰ এডাল নেজ আছে।

বিষয়টো সন্দৰ্ভত জানিবলৈ এক্সৰে’ কৰে চিকিৎসকসকলে। নিশ্চিত হয় যে নেজডালৰ ভিতৰভাগত কোনো হাড় নাই। সাধাৰণতে কিছু ক্ষেত্ৰত কঁকালৰ তলৰ হাড় বাঢ়ি গৈ এইধৰণৰ অবয়ৱ লয়। ইয়াক ভেচটিয়েল নেজ বোলা হয়।



কিন্তু কন্যাশিশুটিৰ নেজডাল তেনে ধৰণৰ নহয়। সম্পূৰ্ণ নিখুঁট আৰু স্বাভাৱিক নেজডালক লৈ ব্যস্ত হৈ পৰে চিকিৎসকসকল। আনকি নেজডালত স্নায়ু সংবেদনশীলতাও আছে।

চিকিৎসকসকলে জনায় যে নেজডালৰ বাদে কন্যাশিশুটিৰ দেহত কোনো  অস্বাভাৱিকতা নাই। জন্মৰ দুমাহৰ অন্তত কন্যাশিশুটিৰ নেজডাল অস্ত্ৰোপচাৰৰ দ্বাৰা কাটি পেলোৱা হয়।

বিষয়টোৱে সম্প্ৰতি যথেষ্ট কৌতূহলৰ সৃষ্টি কৰিছে। এই পৰ্যন্ত আধুনিক ইতিহাসত মাত্ৰ ৪০টা এনেধৰণৰ ঘটনা সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ