--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডাল নেজ লৈ জন্ম হ’ল এগৰাকী কন্যাশিশু। এই বিৰল ঘটনাটো সংঘটিত হৈছে মেক্সিকোত। 'জাৰ্ণাল অৱ পেডিয়াট্ৰিক চাৰ্জাৰী’ত প্ৰকাশিত এটা গৱেষণাপত্ৰত প্ৰকাশিত হৈছে ঘটনাটোৰ বিষয়ে।

জানিব পৰামতে, উত্তৰ মেক্সিকোৰ এখন গাঁৱৰ হস্পিতালত অস্ত্ৰোপচাৰৰ মাধ্যমেৰে জন্ম হয় এটি কন্যাশিশুৰ। চিকিৎসকসকলে দেখে যে শিশুটিৰ নিতম্বৰ ঠিক ওপৰত একোছা নোম আৰু তাতে দুই ইঞ্চিৰ এডাল নেজ আছে।

বিষয়টো সন্দৰ্ভত জানিবলৈ এক্সৰে’ কৰে চিকিৎসকসকলে। নিশ্চিত হয় যে নেজডালৰ ভিতৰভাগত কোনো হাড় নাই। সাধাৰণতে কিছু ক্ষেত্ৰত কঁকালৰ তলৰ হাড় বাঢ়ি গৈ এইধৰণৰ অবয়ৱ লয়। ইয়াক ভেচটিয়েল নেজ বোলা হয়।



কিন্তু কন্যাশিশুটিৰ নেজডাল তেনে ধৰণৰ নহয়। সম্পূৰ্ণ নিখুঁট আৰু স্বাভাৱিক নেজডালক লৈ ব্যস্ত হৈ পৰে চিকিৎসকসকল। আনকি নেজডালত স্নায়ু সংবেদনশীলতাও আছে।

চিকিৎসকসকলে জনায় যে নেজডালৰ বাদে কন্যাশিশুটিৰ দেহত কোনো  অস্বাভাৱিকতা নাই। জন্মৰ দুমাহৰ অন্তত কন্যাশিশুটিৰ নেজডাল অস্ত্ৰোপচাৰৰ দ্বাৰা কাটি পেলোৱা হয়।

বিষয়টোৱে সম্প্ৰতি যথেষ্ট কৌতূহলৰ সৃষ্টি কৰিছে। এই পৰ্যন্ত আধুনিক ইতিহাসত মাত্ৰ ৪০টা এনেধৰণৰ ঘটনা সংঘটিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক