--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ  চিডনীৰ বণ্ডি বীচত আজি পুৱাই হাজাৰ হাজাৰ লোকে সম্পূৰ্ণ নগ্ন হৈ ফটো শ্বুটত ভাগ লয়৷ এক মহান উদ্দেশ্যলৈ প্ৰায় ২,৫০০ পুৰুষ-মহিলাই সম্পূৰ্ণ নগ্ন হৈ একেলগে থিয় দিয়ে৷ বিশ্বত কোনো সাগৰতীৰত এনেদৰে একেলগে হাজাৰ হাজাৰ লোকে নগ্ন হৈ ফটো শ্বুট কৰাৰ এয়াই প্ৰথম ঘটনা ৷ আমেৰিকাৰ প্ৰসিদ্ধ ফটোগ্ৰাফাৰ স্পেন্সাৰ টুনিকৰ ফটো শ্বুটৰ বাবেই এনেদৰে প্ৰায় ২,৫০০ ডেকা-গাভৰুৱে নগ্ন হৈ সাগৰতীৰত সমবেত হ’ল৷  

শনিবাৰে পুৱা পোহৰ হোৱাৰ লগে লগেই নগ্ন লোকেৰে ভৰি পৰে  সাগৰৰ পাৰ৷ কিন্তু কিয় একে সময়তে এনেদৰে হাজাৰ হাজাৰ লোক নগ্ন হ’ল?  দৰাচলতে  ছালৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেই এনেদৰে হাজাৰ হাজাৰ লোকে নগ্ন ফটোশ্বুট কৰিলে৷। চিডনীৰ বণ্ডি বীচত  ৰাজহুৱা নগ্নতাৰ অনুমতি দিবলৈ আইন সলনি কৰিব লগা হৈছিল ।

প্ৰতি বছৰে  ছালৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হৈ আহিছে৷ ছালৰ কৰ্কট ৰোগৰ বিষয়ে মানুহ বিশেষ সজাগ নোহোৱাৰ বাবেই ছালত আৰম্ভ হোৱা কৰ্কট ৰোগে সময়ত বহু দূৰলৈ শিপাই গৈ৷ সেয়ে মানুহক সচেতন কৰাৰ বাবে শিল্পী স্পেন্সাৰ টুনিকে এনে অভিনৱ পদক্ষেপ গ্ৰহণ কৰে৷ তেওঁ সকলোকে  নিয়মীয়াকৈ ছাল পৰীক্ষা কৰোৱাবলৈ আহ্বান জনায়৷ ছালত সামান্য বিসংগতি দেখিলেই চিকিৎসকৰ পৰামৰ্শ ল’বলৈও শিল্পীগৰাকীয়ে কয়৷

তেওঁ কয় " ছালে আমাক একত্ৰিত কৰে আৰু আমাক সুৰক্ষা দিয়ে," ।  পুৱা ৫.৩০ বজাত সাগৰৰ পাৰ  পোহৰেৰে ভৰি পৰিছিল আৰু টুনিকৰ আহ্বানত সকলোৱে নগ্ন হৈ ফটো শ্বুটত ভাগ লৈছিল৷ ফটোগ্ৰাফিক শিল্পী স্পেন্সাৰ টুনিকৰ এনে প্ৰচেষ্টাক বহুতে আদৰণি জনাইছে যদিও বহুতে ইয়াক সমালোচনাও কৰিছে৷

বহুতে কৈছে যে ছালৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে আন পন্থাও গ্ৰহণ কৰিব পৰা গ’লহেঁতেন৷  ২০১০ চনতো টুনিকে  চিডনীৰ অপেৰা হাউচত একে ধৰণৰ এটা ফটো শ্বুট কাৰ্যসূচী হাতত লৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ