--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ  চিডনীৰ বণ্ডি বীচত আজি পুৱাই হাজাৰ হাজাৰ লোকে সম্পূৰ্ণ নগ্ন হৈ ফটো শ্বুটত ভাগ লয়৷ এক মহান উদ্দেশ্যলৈ প্ৰায় ২,৫০০ পুৰুষ-মহিলাই সম্পূৰ্ণ নগ্ন হৈ একেলগে থিয় দিয়ে৷ বিশ্বত কোনো সাগৰতীৰত এনেদৰে একেলগে হাজাৰ হাজাৰ লোকে নগ্ন হৈ ফটো শ্বুট কৰাৰ এয়াই প্ৰথম ঘটনা ৷ আমেৰিকাৰ প্ৰসিদ্ধ ফটোগ্ৰাফাৰ স্পেন্সাৰ টুনিকৰ ফটো শ্বুটৰ বাবেই এনেদৰে প্ৰায় ২,৫০০ ডেকা-গাভৰুৱে নগ্ন হৈ সাগৰতীৰত সমবেত হ’ল৷  

শনিবাৰে পুৱা পোহৰ হোৱাৰ লগে লগেই নগ্ন লোকেৰে ভৰি পৰে  সাগৰৰ পাৰ৷ কিন্তু কিয় একে সময়তে এনেদৰে হাজাৰ হাজাৰ লোক নগ্ন হ’ল?  দৰাচলতে  ছালৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবেই এনেদৰে হাজাৰ হাজাৰ লোকে নগ্ন ফটোশ্বুট কৰিলে৷। চিডনীৰ বণ্ডি বীচত  ৰাজহুৱা নগ্নতাৰ অনুমতি দিবলৈ আইন সলনি কৰিব লগা হৈছিল ।

প্ৰতি বছৰে  ছালৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ বহু লোকৰ মৃত্যু হৈ আহিছে৷ ছালৰ কৰ্কট ৰোগৰ বিষয়ে মানুহ বিশেষ সজাগ নোহোৱাৰ বাবেই ছালত আৰম্ভ হোৱা কৰ্কট ৰোগে সময়ত বহু দূৰলৈ শিপাই গৈ৷ সেয়ে মানুহক সচেতন কৰাৰ বাবে শিল্পী স্পেন্সাৰ টুনিকে এনে অভিনৱ পদক্ষেপ গ্ৰহণ কৰে৷ তেওঁ সকলোকে  নিয়মীয়াকৈ ছাল পৰীক্ষা কৰোৱাবলৈ আহ্বান জনায়৷ ছালত সামান্য বিসংগতি দেখিলেই চিকিৎসকৰ পৰামৰ্শ ল’বলৈও শিল্পীগৰাকীয়ে কয়৷

তেওঁ কয় " ছালে আমাক একত্ৰিত কৰে আৰু আমাক সুৰক্ষা দিয়ে," ।  পুৱা ৫.৩০ বজাত সাগৰৰ পাৰ  পোহৰেৰে ভৰি পৰিছিল আৰু টুনিকৰ আহ্বানত সকলোৱে নগ্ন হৈ ফটো শ্বুটত ভাগ লৈছিল৷ ফটোগ্ৰাফিক শিল্পী স্পেন্সাৰ টুনিকৰ এনে প্ৰচেষ্টাক বহুতে আদৰণি জনাইছে যদিও বহুতে ইয়াক সমালোচনাও কৰিছে৷

বহুতে কৈছে যে ছালৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ বাবে আন পন্থাও গ্ৰহণ কৰিব পৰা গ’লহেঁতেন৷  ২০১০ চনতো টুনিকে  চিডনীৰ অপেৰা হাউচত একে ধৰণৰ এটা ফটো শ্বুট কাৰ্যসূচী হাতত লৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক