--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ পৰা  পোহৰলৈ  আহিছে এক আজৱ ঘটনা৷উত্তৰ প্ৰদেশৰ আলিগড়ত এজাহাৰ লৈ এছ এছ পিৰ কাষ চপা এজন ব্যক্তিয়ে পত্নী সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হোৱাৰ বাবে শংকা প্ৰকাশ কৰিছে। ব্যক্তিজনে অভিযোগ কৰিছে মহিলাগৰাকীয়ে বহু দামী ফোন চলায় আৰু ভিন্ন নামৰ আইডি প্ৰুফ আছে।আনকি মহিলাগৰাকীৰ হিন্দু নাম থকা আইডিও আছে। ব্যক্তিজনে জনোৱা মতে, দুবছৰ পূৰ্বে ফেচবুকৰ জৰিয়তে বন্ধুত্বৰ অন্তত দুয়োৰে বিয়া হৈছিল।ইপিনে তেওঁ ঘটনা সন্দৰ্ভত তেওঁ এছ এছ পিক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।তদুপৰি ব্যক্তিজনে আৰু কয় যে কেইবালাখ টকাও তেওঁৰ একাউণ্টত আছে।


এই সন্দৰ্ভত চি অ’ চিভিল লাইন অশোক কুমাৰ সিঙে কয় যে কোৱাৰ্চিৰ নাগলা পাটোৱাৰীৰ বাসিন্দা ছিৰাজে পত্নী হাছিনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰিছে। স্বামীৰ তৰফৰ পৰা এই সন্দৰ্ভত তথ্য দিয়া হৈছিল। জানিব পৰা মতে দুয়োজনে ফেচবুকৰ জৰিয়তে বন্ধুত্ব কৰি বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পূৰ্বে হাছিনাই বিবাহপাশত আবদ্ধ হৈছিল। প্ৰাক্তন স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ সলনি টকা পাইছিল। যেতিয়ালৈকে টকা আছিল ছিৰাজে টকা খৰচ কৰি থাকিল,তেতিয়ালৈ সকলো ঠিকেই থাকিল কিন্তু এতিয়া পইচা শেষ হ'ল,সেয়ে যাবৰ মন গৈছে। সেইবাবেই মিছা অভিযোগৰ আবেদন দিয়া হৈছে৷ইয়াৰ পূৰ্বে দুয়োজনেই দিল্লীত বাস কৰিছিল। দিল্লী আৰু আলিগড়ত হাছিনাৰ হৈ প্ৰাৰ্থনা পত্ৰ দিয়া হৈছে। দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে আহি প্ৰাৰ্থনা চিঠি দি থাকে।ইতিমধ্যে আবেদনখন পৰীক্ষা কৰা হৈছে। ইয়াৰ পাছতহে বিহীত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে