--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ভাৰতীয় মহিলাই এটা নহয়, দুটা নহয়, তিনিটা নহয় একেলগে জন্ম দিলে ৫টাকৈ সন্তান। এই ঘটনাই চিকিৎসকৰ চকুও কপালত তুলিছে। ঝাৰখণ্ডৰ ৰিমছ ৰাঁচীৰ মহিলা আৰু প্ৰসৱ বিভাগত ইটখোৰি চত্ৰৰ এগৰাকী মহিলাই জন্ম দিলে পাঁচটা সন্তান। কেঁচুৱাকেইটা এন আই চি ইউত চিকিৎসকৰ তত্বাৱধানত আছে। 

ড° শশী বালা সিঙৰ নেতৃত্বত মহিলাগৰাকীৰ সফল প্ৰসৱ কৰোৱা হয়। পাঁচটা সন্তান একেলগে জন্ম হোৱা খবৰত সকলো আচৰিত হৈছে। পাঁচোটা শিশু সুস্থ আৰু নিৰীক্ষণৰ বাবে নৱজাতকৰ নিবিড় যত্ন ইউনিট (এন আই চি ইউ)ত ৰখা হৈছে। ৰিমছ ৰাঁচীয়ে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই তথ্য দিছে।

চিকিৎসকে জনোৱা মতে, আটাইকেইটা শিশু প্ৰি-মেচিউৰ। মাত্ৰ ২৬-২৭ সপ্তাহতে জন্ম হৈছে সিহঁতৰ। এনে পৰিস্থিতিত শিশুকেইটিৰ অৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি থকা হৈছে। শিশুকেইটিৰ সঠিক যত্ন লোৱা হৈছে। ইয়াৰ পূৰ্বে আন এগৰাকী মহিলাই ৰিমছত চাৰিটা সন্তান জন্ম দিছিল। তেওঁৰ সকলো সন্তান সুস্থ হৈ উঠিছিল। আশা কৰা হৈছে যে এই ৫টা শিশুও সোনকালে সুস্থ হৈ উঠিব।

উল্লেখ্য যে একেলগে বহুকেইটা সন্তান জন্ম দিয়াৰ ঘটনা এয়াই প্ৰথম নহয়। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা এনে খবৰ আহি থাকে। ২০১৪ চনত মণিপুৰৰ এগৰাকী মহিলাইও ৫টা সন্তান জন্ম দিছিল। কিন্তু সেই সময়ত ৫ সন্তানৰ মাজত এগৰাকী কন্যাৰ মৃত্যু হয়। ২০২৩ চনত বাংলাদেশৰ জামালপুৰত এগৰাকী মহিলাই একেলগে ৪ গৰাকী কন্যা সন্তান জন্ম দিছে।

সেইদৰে, ২০১৯ চনত উত্তৰ প্ৰদেশৰ গোণ্ডা অঞ্চলত এগৰাকী মহিলাই একেলগে ৪টা সন্তান জন্ম দিছিল। যোৱা বছৰ ওড়িশাৰ এগৰাকী মহিলাইও একেলগে ৪টা সন্তান জন্ম দিছিল। মৰক্কোৰ এগৰাকী মহিলাই যোৱা বছৰ একেলগে ৯টা সন্তান জন্ম দি এক অভিলেখ গঢ়ি তুলিছিল। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ