--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ভাৰতীয় মহিলাই এটা নহয়, দুটা নহয়, তিনিটা নহয় একেলগে জন্ম দিলে ৫টাকৈ সন্তান। এই ঘটনাই চিকিৎসকৰ চকুও কপালত তুলিছে। ঝাৰখণ্ডৰ ৰিমছ ৰাঁচীৰ মহিলা আৰু প্ৰসৱ বিভাগত ইটখোৰি চত্ৰৰ এগৰাকী মহিলাই জন্ম দিলে পাঁচটা সন্তান। কেঁচুৱাকেইটা এন আই চি ইউত চিকিৎসকৰ তত্বাৱধানত আছে। 

ড° শশী বালা সিঙৰ নেতৃত্বত মহিলাগৰাকীৰ সফল প্ৰসৱ কৰোৱা হয়। পাঁচটা সন্তান একেলগে জন্ম হোৱা খবৰত সকলো আচৰিত হৈছে। পাঁচোটা শিশু সুস্থ আৰু নিৰীক্ষণৰ বাবে নৱজাতকৰ নিবিড় যত্ন ইউনিট (এন আই চি ইউ)ত ৰখা হৈছে। ৰিমছ ৰাঁচীয়ে নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই তথ্য দিছে।

চিকিৎসকে জনোৱা মতে, আটাইকেইটা শিশু প্ৰি-মেচিউৰ। মাত্ৰ ২৬-২৭ সপ্তাহতে জন্ম হৈছে সিহঁতৰ। এনে পৰিস্থিতিত শিশুকেইটিৰ অৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি থকা হৈছে। শিশুকেইটিৰ সঠিক যত্ন লোৱা হৈছে। ইয়াৰ পূৰ্বে আন এগৰাকী মহিলাই ৰিমছত চাৰিটা সন্তান জন্ম দিছিল। তেওঁৰ সকলো সন্তান সুস্থ হৈ উঠিছিল। আশা কৰা হৈছে যে এই ৫টা শিশুও সোনকালে সুস্থ হৈ উঠিব।

উল্লেখ্য যে একেলগে বহুকেইটা সন্তান জন্ম দিয়াৰ ঘটনা এয়াই প্ৰথম নহয়। বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা এনে খবৰ আহি থাকে। ২০১৪ চনত মণিপুৰৰ এগৰাকী মহিলাইও ৫টা সন্তান জন্ম দিছিল। কিন্তু সেই সময়ত ৫ সন্তানৰ মাজত এগৰাকী কন্যাৰ মৃত্যু হয়। ২০২৩ চনত বাংলাদেশৰ জামালপুৰত এগৰাকী মহিলাই একেলগে ৪ গৰাকী কন্যা সন্তান জন্ম দিছে।

সেইদৰে, ২০১৯ চনত উত্তৰ প্ৰদেশৰ গোণ্ডা অঞ্চলত এগৰাকী মহিলাই একেলগে ৪টা সন্তান জন্ম দিছিল। যোৱা বছৰ ওড়িশাৰ এগৰাকী মহিলাইও একেলগে ৪টা সন্তান জন্ম দিছিল। মৰক্কোৰ এগৰাকী মহিলাই যোৱা বছৰ একেলগে ৯টা সন্তান জন্ম দি এক অভিলেখ গঢ়ি তুলিছিল। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস