--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্তৰ্বাসৰ অনলাইন বিজ্ঞাপনত মহিলাৰ মডেলিং নিষিদ্ধ কৰিছে ভাৰতৰ চুবুৰীয়া দেশ চীনে৷মহিলা মডেলসকলে খোলা-মেলা পোছাক   বা নাইটড্ৰেছ পিন্ধি কেমেৰাৰ সন্মুখলৈ আহিব নোৱাৰিব।  আণ্ডাৰৱেৰৰ বিজ্ঞাপনত মহিলাই কোনো ধৰণে অভিনয় কৰিব  নোৱাৰিব৷  চীনৰ চৰকাৰৰ এনে সিদ্ধান্তত এতিয়া বিমোৰত পৰিছে দেশ নৰ  ফেশ্বন কোম্পানীবোৰ৷ বিজ্ঞাপন অবিহনে দেশ তথা বিদেশৰ বজাৰত কিদৰে সামগ্ৰী বিক্ৰী কৰিব তাকেলৈ এতিয়া চিন্তাত পৰিছে কোম্পানীবোৰ৷ 

এনে সময়তে কোম্পানীবোৰে  এটা নতুন বিকল্প উদ্ভাৱন কৰিছে৷ এতিয়াৰে পৰা পুৰুষেই মহিলাই পিন্ধা অন্তৰ্বাস পিন্ধি মডেলিং কৰিব৷ সেই মতে বহু পুৰুষে মহিলাৰ ব্ৰা, পেণ্টি, নাইটি পিন্ধি বিজ্ঞাপনৰ বাবে অভিনয় কৰিছে৷


উল্লেখ্য চীনত  অনলাইন আণ্ডাৰৱেৰ পিন্ধা মহিলাসকলৰ মডেলিঙৰ ওপৰত নিষেধাজ্ঞা দীৰ্ঘদিন ধৰি চলি আহিছে। এনে মডেলিঙৰ বিৰুদ্ধে  নিষেধাজ্ঞা জাৰি কৰিবলৈ এখন আইন  প্ৰণনয়ন কৰা হৈছে৷ এই আইনৰ বাবেই প্ৰথমতে অন্তৰ্বাস নিৰ্মাণ কোম্পানীবোৰ সমস্যাত পৰিছিল। শেষত তেওঁলোকে অনলাইন বিজ্ঞাপনৰ বাবে পুৰুষ মডেলৰ কাষ চপাৰ উপায়টো বাছি লৈছিল।

বহু পুৰুষেও  ধনৰ বিনিময়ত বিজ্ঞাপনত অভিনয় কৰিবলৈ সন্মত হৈছে। শেহতীয়াকৈ  দেখা গৈছে যে লাইভষ্ট্ৰীম কোম্পানীটোৱে পুৰুষক মহিলাৰ অন্তৰ্বাস পিন্ধাই অভিনয় কৰোৱাইছে৷  এনে  ভিডিঅ' চোৱাৰ পিছত বহুলোকে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। বহুতে দাবী কৰিছে যে এনে সিদ্ধান্তই লিংগ বৈষম্যৰ কথা প্ৰকট কৰি তুলিছে৷ বহুতে কৈছে যে পুৰুষেই এতিয়া  মহিলাৰ কাম কাঢ়ি লৈছে৷  অৱশ্যে, কোম্পানীবোৰে যুক্তি দিছে যে এই ক্ষেত্ৰত তেওঁলোকৰ হাত আৰু ভৰি বান্ধি থোৱা হৈছে। যিহেতু নিয়ম অনুসৰি, মহিলা মডেলসকলে এনে বিজ্ঞাপন কৰিব নোৱাৰে, সেয়েহে এয়া  পুৰুষৰ দ্বাৰা কৰোৱা হৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ