--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্তৰ্বাসৰ অনলাইন বিজ্ঞাপনত মহিলাৰ মডেলিং নিষিদ্ধ কৰিছে ভাৰতৰ চুবুৰীয়া দেশ চীনে৷মহিলা মডেলসকলে খোলা-মেলা পোছাক   বা নাইটড্ৰেছ পিন্ধি কেমেৰাৰ সন্মুখলৈ আহিব নোৱাৰিব।  আণ্ডাৰৱেৰৰ বিজ্ঞাপনত মহিলাই কোনো ধৰণে অভিনয় কৰিব  নোৱাৰিব৷  চীনৰ চৰকাৰৰ এনে সিদ্ধান্তত এতিয়া বিমোৰত পৰিছে দেশ নৰ  ফেশ্বন কোম্পানীবোৰ৷ বিজ্ঞাপন অবিহনে দেশ তথা বিদেশৰ বজাৰত কিদৰে সামগ্ৰী বিক্ৰী কৰিব তাকেলৈ এতিয়া চিন্তাত পৰিছে কোম্পানীবোৰ৷ 

এনে সময়তে কোম্পানীবোৰে  এটা নতুন বিকল্প উদ্ভাৱন কৰিছে৷ এতিয়াৰে পৰা পুৰুষেই মহিলাই পিন্ধা অন্তৰ্বাস পিন্ধি মডেলিং কৰিব৷ সেই মতে বহু পুৰুষে মহিলাৰ ব্ৰা, পেণ্টি, নাইটি পিন্ধি বিজ্ঞাপনৰ বাবে অভিনয় কৰিছে৷


উল্লেখ্য চীনত  অনলাইন আণ্ডাৰৱেৰ পিন্ধা মহিলাসকলৰ মডেলিঙৰ ওপৰত নিষেধাজ্ঞা দীৰ্ঘদিন ধৰি চলি আহিছে। এনে মডেলিঙৰ বিৰুদ্ধে  নিষেধাজ্ঞা জাৰি কৰিবলৈ এখন আইন  প্ৰণনয়ন কৰা হৈছে৷ এই আইনৰ বাবেই প্ৰথমতে অন্তৰ্বাস নিৰ্মাণ কোম্পানীবোৰ সমস্যাত পৰিছিল। শেষত তেওঁলোকে অনলাইন বিজ্ঞাপনৰ বাবে পুৰুষ মডেলৰ কাষ চপাৰ উপায়টো বাছি লৈছিল।

বহু পুৰুষেও  ধনৰ বিনিময়ত বিজ্ঞাপনত অভিনয় কৰিবলৈ সন্মত হৈছে। শেহতীয়াকৈ  দেখা গৈছে যে লাইভষ্ট্ৰীম কোম্পানীটোৱে পুৰুষক মহিলাৰ অন্তৰ্বাস পিন্ধাই অভিনয় কৰোৱাইছে৷  এনে  ভিডিঅ' চোৱাৰ পিছত বহুলোকে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। বহুতে দাবী কৰিছে যে এনে সিদ্ধান্তই লিংগ বৈষম্যৰ কথা প্ৰকট কৰি তুলিছে৷ বহুতে কৈছে যে পুৰুষেই এতিয়া  মহিলাৰ কাম কাঢ়ি লৈছে৷  অৱশ্যে, কোম্পানীবোৰে যুক্তি দিছে যে এই ক্ষেত্ৰত তেওঁলোকৰ হাত আৰু ভৰি বান্ধি থোৱা হৈছে। যিহেতু নিয়ম অনুসৰি, মহিলা মডেলসকলে এনে বিজ্ঞাপন কৰিব নোৱাৰে, সেয়েহে এয়া  পুৰুষৰ দ্বাৰা কৰোৱা হৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক