--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱী অতি ৰহস্যময়। প্ৰকৃতিৰ কিছুমান আজৱ সৃষ্টিয়ে মনুষ্য জাতিক সদায়ে অবাক কৰি আহিছে। এই পৃথিৱীত এটা জনগোষ্ঠীয়ে বাস কৰে যাৰ ভৰিৰ আঙুলি মাত্ৰ দুটা। তেওঁলোকৰ ভৰি দেখাত সাইলাখ উটপক্ষীৰ ঠেঙৰ দৰে। এই জনগোষ্ঠীৰ নাম ভাডোমা জনগোষ্ঠী। দক্ষিণ আফ্ৰিকাৰ জিম্বাবুৱেৰ জাম্বেছি নদী উপত্যকাৰ এখন সৰু নদীৰ পাৰত ভাডোমা জনগোষ্ঠীৰ লোকসকলে বাস কৰে। জিম্বাবুৱেৰ কানিয়েম্বা অঞ্চলৰ এই জনজাতীয় গোটটোৱে মূলতঃ চিকাৰ আৰু ফল-মূল সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰে।

এই জনগোষ্ঠীৰ জন্ম হোৱা প্ৰতি চাৰিটা সন্তানৰ ভিতৰত এজনৰ ভৰিৰ আঙুলি দুটা থাকে। ভৰিৰ বুঢ়া আঙুলি আৰু কনিষ্ঠ আঙুলি বাহিৰে তেওঁলোকৰ ভৰিৰ মাজৰ তিনিটা আঙুলি নাথাকে। ভৰিৰ পটাখনো দেখাত অদ্ভূত প্ৰকৃতিৰ, যেন সেয়া মানুহৰ ভৰি নহয়, উটপক্ষীৰ ঠেং হে।

ভৰিৰ আকৃতি উটপক্ষীৰ দৰে হোৱা বাবে ইহঁতক ‘উটপক্ষী-শৈলী’ৰ জনগোষ্ঠী বুলিও কোৱা কয়।

এই শাৰীৰিক প্ৰতিবন্ধকতা থকা স্বত্বেও ভাডোমা জনগোষ্ঠীৰ লোকসকলে নিজকে অক্ষম বুলি নাভাবে। তেওঁলোকৰ মতে এই ধৰণৰ ভৰিৰ আঙুলি থকা বাবে তেওঁলোকে দ্ৰুত আৰু মসৃণভাৱে গছত উঠিব পাৰে।

ভাডোমা জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়েই ‘লবষ্টাৰ ক্ল’ চিনড্ৰম’ নামৰ জিনীয় ৰোগত আক্ৰান্ত। এই জিনীয় ৰোগৰ বাবে তেওঁলোকৰ ভৰিৰ আকৃতি এনে হয়।

এই জনগোষ্ঠীৰ লোকসকলে স্থানীয় ডেমা ভাষা কয়। এই জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে যে তেওঁলোক বান্দৰলাঠি নামেৰে জনাজাত আফ্ৰিকাৰ এবিধ বৃহৎ গছৰ বংশধৰ।

তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে গছৰ পৰা মাটিত নামি চিকাৰ আৰু ফল সংগ্ৰহ কৰিবলৈ আহিছিল। বৰ্তমান আফ্ৰিকাত বাস কৰা কেৱলমাত্ৰ এই জনগোষ্ঠীটোৱেই কৃষিৰ লগত জড়িত নহয়।

এই জনগোষ্ঠীৰ লোকসকলে নিজৰ বংশৰ বাহিৰত বিয়া কৰোৱা নিষিদ্ধ। ফলত ভৰিৰ আঙুলিৰ এই বিৰল গাঁথনিগত বৈশিষ্ট্য আন কোনো গোটলৈ বিয়পি পৰা নাই।

পাৰ্বত্সংকুল চেওৱাৰে অঞ্চলত ভদোমা জনগোষ্ঠীৰ লোকসকলে যাযাবৰী জীৱন কটায়। বৰ্তমান সেই অঞ্চলত পশু চোৰাং চিকাৰ বৃদ্ধি পোৱাৰ বাবে এই জনগোষ্ঠীৰ লোকসকলে চোৰাং চিকাৰীৰ বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ