--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই পৃথিৱী অতি ৰহস্যময়। প্ৰকৃতিৰ কিছুমান আজৱ সৃষ্টিয়ে মনুষ্য জাতিক সদায়ে অবাক কৰি আহিছে। এই পৃথিৱীত এটা জনগোষ্ঠীয়ে বাস কৰে যাৰ ভৰিৰ আঙুলি মাত্ৰ দুটা। তেওঁলোকৰ ভৰি দেখাত সাইলাখ উটপক্ষীৰ ঠেঙৰ দৰে। এই জনগোষ্ঠীৰ নাম ভাডোমা জনগোষ্ঠী। দক্ষিণ আফ্ৰিকাৰ জিম্বাবুৱেৰ জাম্বেছি নদী উপত্যকাৰ এখন সৰু নদীৰ পাৰত ভাডোমা জনগোষ্ঠীৰ লোকসকলে বাস কৰে। জিম্বাবুৱেৰ কানিয়েম্বা অঞ্চলৰ এই জনজাতীয় গোটটোৱে মূলতঃ চিকাৰ আৰু ফল-মূল সংগ্ৰহ কৰি জীৱিকা নিৰ্বাহ কৰে।

এই জনগোষ্ঠীৰ জন্ম হোৱা প্ৰতি চাৰিটা সন্তানৰ ভিতৰত এজনৰ ভৰিৰ আঙুলি দুটা থাকে। ভৰিৰ বুঢ়া আঙুলি আৰু কনিষ্ঠ আঙুলি বাহিৰে তেওঁলোকৰ ভৰিৰ মাজৰ তিনিটা আঙুলি নাথাকে। ভৰিৰ পটাখনো দেখাত অদ্ভূত প্ৰকৃতিৰ, যেন সেয়া মানুহৰ ভৰি নহয়, উটপক্ষীৰ ঠেং হে।

ভৰিৰ আকৃতি উটপক্ষীৰ দৰে হোৱা বাবে ইহঁতক ‘উটপক্ষী-শৈলী’ৰ জনগোষ্ঠী বুলিও কোৱা কয়।

এই শাৰীৰিক প্ৰতিবন্ধকতা থকা স্বত্বেও ভাডোমা জনগোষ্ঠীৰ লোকসকলে নিজকে অক্ষম বুলি নাভাবে। তেওঁলোকৰ মতে এই ধৰণৰ ভৰিৰ আঙুলি থকা বাবে তেওঁলোকে দ্ৰুত আৰু মসৃণভাৱে গছত উঠিব পাৰে।

ভাডোমা জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়েই ‘লবষ্টাৰ ক্ল’ চিনড্ৰম’ নামৰ জিনীয় ৰোগত আক্ৰান্ত। এই জিনীয় ৰোগৰ বাবে তেওঁলোকৰ ভৰিৰ আকৃতি এনে হয়।

এই জনগোষ্ঠীৰ লোকসকলে স্থানীয় ডেমা ভাষা কয়। এই জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে যে তেওঁলোক বান্দৰলাঠি নামেৰে জনাজাত আফ্ৰিকাৰ এবিধ বৃহৎ গছৰ বংশধৰ।

তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে গছৰ পৰা মাটিত নামি চিকাৰ আৰু ফল সংগ্ৰহ কৰিবলৈ আহিছিল। বৰ্তমান আফ্ৰিকাত বাস কৰা কেৱলমাত্ৰ এই জনগোষ্ঠীটোৱেই কৃষিৰ লগত জড়িত নহয়।

এই জনগোষ্ঠীৰ লোকসকলে নিজৰ বংশৰ বাহিৰত বিয়া কৰোৱা নিষিদ্ধ। ফলত ভৰিৰ আঙুলিৰ এই বিৰল গাঁথনিগত বৈশিষ্ট্য আন কোনো গোটলৈ বিয়পি পৰা নাই।

পাৰ্বত্সংকুল চেওৱাৰে অঞ্চলত ভদোমা জনগোষ্ঠীৰ লোকসকলে যাযাবৰী জীৱন কটায়। বৰ্তমান সেই অঞ্চলত পশু চোৰাং চিকাৰ বৃদ্ধি পোৱাৰ বাবে এই জনগোষ্ঠীৰ লোকসকলে চোৰাং চিকাৰীৰ বিভিন্ন অত্যাচাৰৰ সন্মুখীন হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু