--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত আজি ঘোষণা কৰা হ’ল ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰ নাম। বহুতে প্ৰত্যাশা কৰা মতেই কনজাৰ্ভেটিভ পাৰ্টিৰ নেত্ৰী লিজ ট্ৰাছে   ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাকক বিপুল সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত কৰি ব্ৰিটেইনৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। মাত্ৰ সাত বছৰ বয়সতে লিজ ট্ৰাছে এখন নাটকত দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থ্যাচাৰৰ  চৰিত্ৰত অভিনয় কৰিছিল।

আজি তেওঁ বাস্তৱত প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিবলৈ সক্ষম হ’ল। তেওঁ কাইলৈ আনুষ্ঠানিক ভাবে প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব। কাইলৈ তেওঁ  বালমোৰালত ৰাণীক সাক্ষাৎ কৰিব। লিজ ট্ৰাছ হৈছে ব্ৰিটেইনৰ ৰাজনৈতিক ইতিহাসৰ  তৃতীয় গৰাকী মহিলা প্ৰধানমন্ত্ৰী।  পূৰ্বে মাৰ্গেট থ্যাচাৰ আৰু থেৰেছে মেই  ব্ৰিটেইনত মহিলা প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। লক্ষ্যণীয় কথাটো হ’ল ব্ৰিটেইনৰ তিনিওগৰাকী মহিলা প্ৰধানমন্ত্ৰীয়েই কনজাৰ্ভেটিভ পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছে। আনহাতে লিজ ট্ৰাছ  হৈছে যোৱা ছয় বছৰৰ ভিতৰত ব্ৰিটেইনত নিৰ্বাচিত হোৱা  চতুৰ্থগৰাকী প্ৰধানমন্ত্ৰী। 

লিজ ট্ৰাছৰ জন্ম ইংলেণ্ডৰ ৱেষ্ট য়ৰ্কশায়াৰৰ কাউণ্টিৰ চহৰ লিডছত হৈছিল। ট্ৰাছৰ দেউতাক এগৰাকী গণিতৰ অধ্যাপক আছিল  আৰু  মাক আছিল এগৰাকী নাৰ্ছ তথা  শিক্ষয়িত্ৰী।৪৬ বছৰীয়া লিজ ট্ৰাছৰ সম্পূৰ্ণ নাম মেৰী এলিজাবেথ ট্ৰাছ। এলিজাবেথ ট্ৰাছে অক্সফৰ্ড বিশ্ববিদ্যালয়ত দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতি অধ্যয়ন কৰিছিল।শীতল যুদ্ধৰ সময়ত একপক্ষীয় পাৰমাণৱিক নিৰস্ত্ৰীকৰণক সমৰ্থন কৰিছিল  যুৱতী ট্ৰাছে। ট্ৰাছে তেওঁৰ যৌৱনৰ সৰহভাগ সময়  গ্লাছগোৰ  আৰু লিডছত অতিবাহিত কৰিছিল। মাৰ্গাৰেট থ্যাচাৰৰ তেওঁ একান্ত অনুৰাগী আছিল।

ৰাজনৈতিক কেৰিয়াৰ
২০০৬ চনত তেওঁ গ্ৰীণউইচত কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পিছত ২০১০ চনত তেওঁ দক্ষিণ পশ্চিম নৰফোকৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। তেওঁ ৰাজনীতিত এক সুন্দৰ কেৰিয়াৰ লাভ আৰম্ভ কৰিছিল আৰু শিক্ষা, পৰিৱেশ আৰু মহিলা সৱলীকৰণৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নিজকে নিয়োজিত কৰিছিল।

তেওঁ এগৰাকী শিক্ষা মন্ত্ৰী, পৰিৱেশ সচিব , ন্যায় সচিব, কোষাগাৰৰ মুখ্য সচিব, আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য পৰিষদৰ সভাপতি হিচাপে কাম কৰিছে। লিজ ট্ৰাছৰ ৰাজনৈতিক কেৰিয়াৰ এনেধৰণৰ- ২০১২-২০১৪ কনিষ্ঠ মন্ত্ৰী, ২০১৪-২০১৬ পৰিৱেশ সচিব, ২০১৬-২০১৭ ন্যায় দপ্তৰৰ সচিব, ২০১৭-২০১৯ কোষাগাৰৰ মুখ্য সচিব, ২০১৯-২০২১ আন্তৰ্জাতিক বাণিজ্য দপ্তৰৰ সচিব,২০২০ত  মহিলা আৰু সমতা দপ্তৰৰ মন্ত্ৰী, ২০২১ৰ পৰা বৰ্তমানলৈ বৈদেশিক সচিব।

২০১৯  চনত, তেওঁ আন্তৰ্জাতিক বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য পৰিষদৰ সভাপতি হৈছিল ।২০২১ চনত তেওঁ বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন পৰিক্ৰমা বিভাগৰ ৰাজ্যিক সচিব হৈছিল।

ব্যক্তিগত জীৱন
২০০০ চনত লিজ ট্ৰাছে  হিউ অ'লিয়াৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ     ফ্ৰান্সেছ নামৰ ১৬ বছৰীয়া কন্যাৰ লগতে  আৰু লিবাৰ্টি নামৰ ১৩ বছৰীয়া কন্যা এগৰাকীআছে। 
 লিজ ট্ৰাছে ইউকেৰ লোকসকলক আশ্বাস দিছিল যে যদি তেওঁ নিৰ্বাচিত হয়, তেন্তে তেওঁ শক্তি সংকট দূৰ  কৰাত গুৰুত্ব দিব। 

উল্লেখ্য শেহতীয়াকৈ অনুষ্ঠিত ভোটত  লিজ ট্ৰাছে মুঠ ৮১,৩২৬ টা ভোট লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দী ঋষি ছুনাকে ৬০,৩৯৯ টা ভোট লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু