--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত আজি ঘোষণা কৰা হ’ল ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰ নাম। বহুতে প্ৰত্যাশা কৰা মতেই কনজাৰ্ভেটিভ পাৰ্টিৰ নেত্ৰী লিজ ট্ৰাছে   ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাকক বিপুল সংখ্যক ভোটৰ ব্যৱধানত পৰাজিত কৰি ব্ৰিটেইনৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। মাত্ৰ সাত বছৰ বয়সতে লিজ ট্ৰাছে এখন নাটকত দেশ খনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থ্যাচাৰৰ  চৰিত্ৰত অভিনয় কৰিছিল।

আজি তেওঁ বাস্তৱত প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিবলৈ সক্ষম হ’ল। তেওঁ কাইলৈ আনুষ্ঠানিক ভাবে প্ৰধানমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব। কাইলৈ তেওঁ  বালমোৰালত ৰাণীক সাক্ষাৎ কৰিব। লিজ ট্ৰাছ হৈছে ব্ৰিটেইনৰ ৰাজনৈতিক ইতিহাসৰ  তৃতীয় গৰাকী মহিলা প্ৰধানমন্ত্ৰী।  পূৰ্বে মাৰ্গেট থ্যাচাৰ আৰু থেৰেছে মেই  ব্ৰিটেইনত মহিলা প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। লক্ষ্যণীয় কথাটো হ’ল ব্ৰিটেইনৰ তিনিওগৰাকী মহিলা প্ৰধানমন্ত্ৰীয়েই কনজাৰ্ভেটিভ পাৰ্টিৰ পৰা নিৰ্বাচিত হৈছে। আনহাতে লিজ ট্ৰাছ  হৈছে যোৱা ছয় বছৰৰ ভিতৰত ব্ৰিটেইনত নিৰ্বাচিত হোৱা  চতুৰ্থগৰাকী প্ৰধানমন্ত্ৰী। 

লিজ ট্ৰাছৰ জন্ম ইংলেণ্ডৰ ৱেষ্ট য়ৰ্কশায়াৰৰ কাউণ্টিৰ চহৰ লিডছত হৈছিল। ট্ৰাছৰ দেউতাক এগৰাকী গণিতৰ অধ্যাপক আছিল  আৰু  মাক আছিল এগৰাকী নাৰ্ছ তথা  শিক্ষয়িত্ৰী।৪৬ বছৰীয়া লিজ ট্ৰাছৰ সম্পূৰ্ণ নাম মেৰী এলিজাবেথ ট্ৰাছ। এলিজাবেথ ট্ৰাছে অক্সফৰ্ড বিশ্ববিদ্যালয়ত দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতি অধ্যয়ন কৰিছিল।শীতল যুদ্ধৰ সময়ত একপক্ষীয় পাৰমাণৱিক নিৰস্ত্ৰীকৰণক সমৰ্থন কৰিছিল  যুৱতী ট্ৰাছে। ট্ৰাছে তেওঁৰ যৌৱনৰ সৰহভাগ সময়  গ্লাছগোৰ  আৰু লিডছত অতিবাহিত কৰিছিল। মাৰ্গাৰেট থ্যাচাৰৰ তেওঁ একান্ত অনুৰাগী আছিল।

ৰাজনৈতিক কেৰিয়াৰ
২০০৬ চনত তেওঁ গ্ৰীণউইচত কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পিছত ২০১০ চনত তেওঁ দক্ষিণ পশ্চিম নৰফোকৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। তেওঁ ৰাজনীতিত এক সুন্দৰ কেৰিয়াৰ লাভ আৰম্ভ কৰিছিল আৰু শিক্ষা, পৰিৱেশ আৰু মহিলা সৱলীকৰণৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত নিজকে নিয়োজিত কৰিছিল।

তেওঁ এগৰাকী শিক্ষা মন্ত্ৰী, পৰিৱেশ সচিব , ন্যায় সচিব, কোষাগাৰৰ মুখ্য সচিব, আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য পৰিষদৰ সভাপতি হিচাপে কাম কৰিছে। লিজ ট্ৰাছৰ ৰাজনৈতিক কেৰিয়াৰ এনেধৰণৰ- ২০১২-২০১৪ কনিষ্ঠ মন্ত্ৰী, ২০১৪-২০১৬ পৰিৱেশ সচিব, ২০১৬-২০১৭ ন্যায় দপ্তৰৰ সচিব, ২০১৭-২০১৯ কোষাগাৰৰ মুখ্য সচিব, ২০১৯-২০২১ আন্তৰ্জাতিক বাণিজ্য দপ্তৰৰ সচিব,২০২০ত  মহিলা আৰু সমতা দপ্তৰৰ মন্ত্ৰী, ২০২১ৰ পৰা বৰ্তমানলৈ বৈদেশিক সচিব।

২০১৯  চনত, তেওঁ আন্তৰ্জাতিক বাণিজ্য বিভাগৰ ৰাজ্যিক সচিব আৰু বাণিজ্য পৰিষদৰ সভাপতি হৈছিল ।২০২১ চনত তেওঁ বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন পৰিক্ৰমা বিভাগৰ ৰাজ্যিক সচিব হৈছিল।

ব্যক্তিগত জীৱন
২০০০ চনত লিজ ট্ৰাছে  হিউ অ'লিয়াৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ     ফ্ৰান্সেছ নামৰ ১৬ বছৰীয়া কন্যাৰ লগতে  আৰু লিবাৰ্টি নামৰ ১৩ বছৰীয়া কন্যা এগৰাকীআছে। 
 লিজ ট্ৰাছে ইউকেৰ লোকসকলক আশ্বাস দিছিল যে যদি তেওঁ নিৰ্বাচিত হয়, তেন্তে তেওঁ শক্তি সংকট দূৰ  কৰাত গুৰুত্ব দিব। 

উল্লেখ্য শেহতীয়াকৈ অনুষ্ঠিত ভোটত  লিজ ট্ৰাছে মুঠ ৮১,৩২৬ টা ভোট লাভ কৰিছে। তেওঁৰ নিকটতম প্ৰতিদ্বন্দী ঋষি ছুনাকে ৬০,৩৯৯ টা ভোট লাভ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহিলা দলে ইংলেণ্ডৰ ভূমিত ৰচিলে ইতিহাস ; প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচত জয়ী ভাৰতীয় মহিলা দল
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে