--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ এয়াৰ কুৱেলিটি অৱ লাইফ ইনডেক্স ২০২৪ৰ প্ৰতিবেদন অনুসৰি দিল্লীৰ নিতৌ বৃদ্ধি পোৱা বায়ু প্ৰদূষণে ইয়াৰ বাসিন্দাসকলৰ আয়ুস হ্ৰাস কৰি আছে, যাৰ ফলত উত্তৰ সমভূমিৰ অন্যতম প্ৰদূষিত অঞ্চল হিচাপে চহৰখনে নিজ পৰিচয় দিছে।

চিকাগো বিশ্ববিদ্যালয়ৰ এনাৰ্জি পলিচি ইনষ্টিটিউটৰ (ইপিআইচি) এক প্ৰতিবেদন অনুসৰি উত্তৰ সমভূমিৰ অন্যতম প্ৰদূষিত অঞ্চল নেশ্যনেল কেপিটেল টেৰিটৰী (এনচিটি) দিল্লীত বসবাস কৰা ১.৮ কোটি লোকে বিশ্ব স্বাস্থ্য সংস্থা ( WHO)ৰ নিৰ্দেশনা অনুসৰি ২০১৫ চনৰ তুলনাত আয়ুস গড়ে ১১.৯ বছৰ হ্ৰাস পোৱাৰ দিশে আগবাঢ়িছে।

আনকি ভাৰতৰ নিজা ৰাষ্ট্ৰীয় মানদণ্ড দৃষ্টিগোচৰ কৰিলে বৰ্তমানৰ প্ৰদূষণৰ মাত্ৰা যদি এনেদৰে অব্যাহত থাকে তেন্তে ইয়াৰ বাসিন্দাসকলৰ আয়ুস ৮.৫ বছৰ হ্ৰাস পাব পাৰে।প্ৰতিবেদনত উল্লেখ কৰা মতে ভাৰতৰ ৰাজধানী আৰু সৰ্বাধিক জনবহুল চহৰ দিল্লীয়েও বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত চহৰ বুলি অভিহিত হৈছে ৷

যদি ভাৰতে ৰাষ্ট্ৰীয় পিএম ২.৫ মানদণ্ড পূৰণ কৰে, দিল্লীৰ বাসিন্দাসকলৰ আয়ুস ৮.৫ বছৰ বৃদ্ধি পাব পাৰে আৰু যদি বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড পূৰণ কৰে তেন্তে দিল্লীৰ বাসিন্দাসকলৰ আয়ুসত প্ৰায় ১২ বছৰ যোগ হ’ব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

পি এম ২.৫ হৈছে এক মিহি কণাযুক্ত পদাৰ্থ যিয়ে শ্বাস-প্ৰশ্বাসৰ গভীৰতালৈ সোমাই শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ই এক উল্লেখযোগ্য স্বাস্থ্যজনিত বিপদ আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ এক প্ৰধান কাৰক।

উল্লেখ্য যে ভাৰতত বাৰ্ষিক পি এম ২.৫ মানদণ্ড প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম নিৰ্ধাৰণ কৰা হৈছে, তথাপিও ৪০ শতাংশতকৈ অধিক জনসংখ্যা এই সীমাৰ ওপৰত বায়ুৰ সংস্পৰ্শলৈ আহিছে।

আনহাতে বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বুধবাৰে দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ৩৪ ডিগ্ৰী চেলছিয়াছ, যিটো বছৰৰ এই সময়ছোৱাৰ বাবে স্বাভাৱিক। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সন্ধিয়া ৫:৩০ বজাত আৰ্দ্ৰতাৰ মাত্ৰা ৮৫ শতাংশ।

বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰে দিল্লীৰ বাবে “হালধীয়া” সতৰ্কবাণী জাৰি কৰিছে।

আইএমডিৰ ৰঙীন ক'ডযুক্ত সতৰ্কবাণী অনুসৰি "হালধীয়া" সতৰ্কবাণীয়ে অশুভ বতৰ আৰু পৰিস্থিতিৰ অৱনতি ঘটাৰ সম্ভাৱনাৰ ইংগিত দিয়ে, যিয়ে দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে।

আই এম ডিয়ে বৃহস্পতিবাৰে আকাশ ডাৱৰীয়া আৰু মধ্যমীয়া বৰষুণৰ অনুমান কৰিছে আৰু সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ৩৪ আৰু ২৩ ডিগ্ৰী চেলছিয়াছৰ ওচৰত হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ