--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ এয়াৰ কুৱেলিটি অৱ লাইফ ইনডেক্স ২০২৪ৰ প্ৰতিবেদন অনুসৰি দিল্লীৰ নিতৌ বৃদ্ধি পোৱা বায়ু প্ৰদূষণে ইয়াৰ বাসিন্দাসকলৰ আয়ুস হ্ৰাস কৰি আছে, যাৰ ফলত উত্তৰ সমভূমিৰ অন্যতম প্ৰদূষিত অঞ্চল হিচাপে চহৰখনে নিজ পৰিচয় দিছে।

চিকাগো বিশ্ববিদ্যালয়ৰ এনাৰ্জি পলিচি ইনষ্টিটিউটৰ (ইপিআইচি) এক প্ৰতিবেদন অনুসৰি উত্তৰ সমভূমিৰ অন্যতম প্ৰদূষিত অঞ্চল নেশ্যনেল কেপিটেল টেৰিটৰী (এনচিটি) দিল্লীত বসবাস কৰা ১.৮ কোটি লোকে বিশ্ব স্বাস্থ্য সংস্থা ( WHO)ৰ নিৰ্দেশনা অনুসৰি ২০১৫ চনৰ তুলনাত আয়ুস গড়ে ১১.৯ বছৰ হ্ৰাস পোৱাৰ দিশে আগবাঢ়িছে।

আনকি ভাৰতৰ নিজা ৰাষ্ট্ৰীয় মানদণ্ড দৃষ্টিগোচৰ কৰিলে বৰ্তমানৰ প্ৰদূষণৰ মাত্ৰা যদি এনেদৰে অব্যাহত থাকে তেন্তে ইয়াৰ বাসিন্দাসকলৰ আয়ুস ৮.৫ বছৰ হ্ৰাস পাব পাৰে।প্ৰতিবেদনত উল্লেখ কৰা মতে ভাৰতৰ ৰাজধানী আৰু সৰ্বাধিক জনবহুল চহৰ দিল্লীয়েও বিশ্বজুৰি আটাইতকৈ প্ৰদূষিত চহৰ বুলি অভিহিত হৈছে ৷

যদি ভাৰতে ৰাষ্ট্ৰীয় পিএম ২.৫ মানদণ্ড পূৰণ কৰে, দিল্লীৰ বাসিন্দাসকলৰ আয়ুস ৮.৫ বছৰ বৃদ্ধি পাব পাৰে আৰু যদি বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড পূৰণ কৰে তেন্তে দিল্লীৰ বাসিন্দাসকলৰ আয়ুসত প্ৰায় ১২ বছৰ যোগ হ’ব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

পি এম ২.৫ হৈছে এক মিহি কণাযুক্ত পদাৰ্থ যিয়ে শ্বাস-প্ৰশ্বাসৰ গভীৰতালৈ সোমাই শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ই এক উল্লেখযোগ্য স্বাস্থ্যজনিত বিপদ আৰু প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ এক প্ৰধান কাৰক।

উল্লেখ্য যে ভাৰতত বাৰ্ষিক পি এম ২.৫ মানদণ্ড প্ৰতি ঘনমিটাৰত ৪০ মাইক্ৰ’গ্ৰাম নিৰ্ধাৰণ কৰা হৈছে, তথাপিও ৪০ শতাংশতকৈ অধিক জনসংখ্যা এই সীমাৰ ওপৰত বায়ুৰ সংস্পৰ্শলৈ আহিছে।

আনহাতে বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, বুধবাৰে দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ৩৪ ডিগ্ৰী চেলছিয়াছ, যিটো বছৰৰ এই সময়ছোৱাৰ বাবে স্বাভাৱিক। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সন্ধিয়া ৫:৩০ বজাত আৰ্দ্ৰতাৰ মাত্ৰা ৮৫ শতাংশ।

বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰে দিল্লীৰ বাবে “হালধীয়া” সতৰ্কবাণী জাৰি কৰিছে।

আইএমডিৰ ৰঙীন ক'ডযুক্ত সতৰ্কবাণী অনুসৰি "হালধীয়া" সতৰ্কবাণীয়ে অশুভ বতৰ আৰু পৰিস্থিতিৰ অৱনতি ঘটাৰ সম্ভাৱনাৰ ইংগিত দিয়ে, যিয়ে দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে।

আই এম ডিয়ে বৃহস্পতিবাৰে আকাশ ডাৱৰীয়া আৰু মধ্যমীয়া বৰষুণৰ অনুমান কৰিছে আৰু সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ৩৪ আৰু ২৩ ডিগ্ৰী চেলছিয়াছৰ ওচৰত হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু