--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বাহৰেইচত এতিয়াও অব্যাহত আছে কুকুৰনেচীয়া বাঘৰ আতংক। ২৬ আগষ্টৰ নিশা বাঘটোৱে এগৰাকী মহিলাৰ কাষত শুই থকা শিশুক লৈ যায়। 

পিছদিনা ৰাতিপুৱা ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। ৪৭ দিনত বাঘৰ জাকে অঞ্চলটোত ৬ টা শিশুসহ ৭ জন লোকক হত্যা কৰিছে। ইয়াৰ ওপৰিও ২২ জন লোক আহত হৈছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ৰাইজক ৰাতি অকলে ওলাই নাযাবলে আহ্বান জনাইছে ।

২৬ আগষ্টৰ নিশা বাহৰৈচৰ খাইৰিঘাট অঞ্চলৰ বাসিন্দা ৰ’লীয়ে ৭ বছৰীয়া পুত্ৰ অয়ংশৰ সৈতে চোতালত শুই আছিল। তাৰ পাছত ৰাতি অয়ংশক এটা বাঘে চোঁচৰাই লৈ যায়। সংবাদ মাধ্যমতৰ মতে মহিলাগৰাকীয়ে কয় যে বাঘটোৱে অয়ংশক কেতিয়া লৈ গৈছিল সেই কথাও তেওঁ নাজানে। সাৰ পাই গম পালে যে তেওঁৰ ল’ৰাটো নিৰুদ্দেশ হৈছে।

ৰ’লিয়ে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লোকে গোটেই ৰাতি তেওঁৰ পুত্ৰক সন্ধান কৰিছিল কিন্তু তেওঁক বিচাৰি নাপালে। ৰাতিপুৱা গাঁৱৰ মানুহে ক’লে যে পুত্ৰৰ মৃতদেহ পথাৰত পৰি আছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ফৰেনছিক দলটোৱে গাঁওখনত উপস্থিত হৈ তদন্ত চলায়। ইয়াৰ পূৰ্বে ২৫ আগষ্টত গাঁৱৰ এগৰাকী মহিলাক বাঘে লৈ গৈছিল। মহিলাগৰাকী মহাসী অঞ্চলৰ বাসিন্দা আছিল আৰু তেওঁ ঘৰৰ বাৰাণ্ডাত শুই আছিল।

সমগ্ৰ গাঁৱবাসী এতিয়া এই বিষয়ক লৈ চিন্তিত ৷ ইয়াৰ পূৰ্বে কুকুৰনেচীয়া বাঘৰজাঁকটোৱে পাঁচজন শিশুক টানি নিছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ