--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বাহৰেইচত এতিয়াও অব্যাহত আছে কুকুৰনেচীয়া বাঘৰ আতংক। ২৬ আগষ্টৰ নিশা বাঘটোৱে এগৰাকী মহিলাৰ কাষত শুই থকা শিশুক লৈ যায়। 

পিছদিনা ৰাতিপুৱা ঘৰৰ পৰা ৫০০ মিটাৰ দূৰত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। ৪৭ দিনত বাঘৰ জাকে অঞ্চলটোত ৬ টা শিশুসহ ৭ জন লোকক হত্যা কৰিছে। ইয়াৰ ওপৰিও ২২ জন লোক আহত হৈছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ৰাইজক ৰাতি অকলে ওলাই নাযাবলে আহ্বান জনাইছে ।

২৬ আগষ্টৰ নিশা বাহৰৈচৰ খাইৰিঘাট অঞ্চলৰ বাসিন্দা ৰ’লীয়ে ৭ বছৰীয়া পুত্ৰ অয়ংশৰ সৈতে চোতালত শুই আছিল। তাৰ পাছত ৰাতি অয়ংশক এটা বাঘে চোঁচৰাই লৈ যায়। সংবাদ মাধ্যমতৰ মতে মহিলাগৰাকীয়ে কয় যে বাঘটোৱে অয়ংশক কেতিয়া লৈ গৈছিল সেই কথাও তেওঁ নাজানে। সাৰ পাই গম পালে যে তেওঁৰ ল’ৰাটো নিৰুদ্দেশ হৈছে।

ৰ’লিয়ে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লোকে গোটেই ৰাতি তেওঁৰ পুত্ৰক সন্ধান কৰিছিল কিন্তু তেওঁক বিচাৰি নাপালে। ৰাতিপুৱা গাঁৱৰ মানুহে ক’লে যে পুত্ৰৰ মৃতদেহ পথাৰত পৰি আছে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ফৰেনছিক দলটোৱে গাঁওখনত উপস্থিত হৈ তদন্ত চলায়। ইয়াৰ পূৰ্বে ২৫ আগষ্টত গাঁৱৰ এগৰাকী মহিলাক বাঘে লৈ গৈছিল। মহিলাগৰাকী মহাসী অঞ্চলৰ বাসিন্দা আছিল আৰু তেওঁ ঘৰৰ বাৰাণ্ডাত শুই আছিল।

সমগ্ৰ গাঁৱবাসী এতিয়া এই বিষয়ক লৈ চিন্তিত ৷ ইয়াৰ পূৰ্বে কুকুৰনেচীয়া বাঘৰজাঁকটোৱে পাঁচজন শিশুক টানি নিছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু