--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহিলা সংৰক্ষণ বিধেয়কক লৈ উত্তাল সংসদ৷ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে বিলখনৰ বিৰোধিতা কৰা নাই৷ কিন্তু কৃতিত্বৰ দাবীদাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কংগ্ৰেছে দাবী কৰিছে যে এই বিলৰ কৃতিত্ব তেওঁলোকৰ, কিন্তু এই দাবীক প্ৰত্যাহ্বান জনাইছে মোদী চৰকাৰে৷

চাও আহক বহু দশকধৰি চৰ্চাত থকা এই বিধেয়কখনৰ ইতিহাস৷ সংসদৰ ইতিহাসে দেখুৱাইছে যে তীব্ৰ ৰাজনৈতিক বিৰোধিতাৰ বাবে তিনি দশকৰো অধিক সময় ধৰি মহিলা সংৰক্ষণ বিধেয়ক স্থবিৰ হৈ আছে।

১৯৮৯ চনত আৰম্ভ। প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ চৰকাৰে পঞ্চায়ত আৰু পৌৰসভাৰ নির্বাচনত এক তৃতীয়াংশ আসন সংৰক্ষিত কৰাৰ প্রস্তাৱ দি বিধেয়কখন উত্থাপন কৰে৷ এই বিধেয়কখন লোকসভাত গৃহীত হ’লেও ৰাজ্যসভাত নহয়।

১৯৯৩ চনত নৰসিংহ ৰাওৰ চৰকাৰে বিধেয়কখন গৃহীত কৰি প্ৰণয়ন কৰে। ইয়াৰ পিছত ১৯৯৬ চনত দেৱেগৌড়া চৰকাৰে প্ৰথমবাৰৰ বাবে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰি লোকসভা আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়ায়।

১৯৯৬ চনতেই এই বিধেয়কখন ‘ব্যক্তিগত সদস্যৰ বিধেয়ক’ হিচাপে চিপিআইৰ সাংসদ গীতা মুখাৰ্জীৰ নেতৃত্বত যুটীয়া সংসদীয় সমিতিলৈ গৈছিল। ডিচেম্বৰ মাহত এই বিধেয়ক সন্দৰ্ভত যুটীয়া সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু লোকসভা ভংগ হোৱাৰ বাবে বিধেয়কখন স্থবিৰ হৈ পৰে।

ইয়াৰ পাছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত কেন্দ্রই মহিলাৰ বাবে আসন সংৰক্ষণৰ উদ্যোগ লৈছিল৷ ১৯৯৮ চনত প্ৰথম বাজপেয়ী চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত উত্থাপন কৰিছিল যদিও সেই বিধেয়ক গৃহীত নহ’ল। ১৯৯৯, ২০০২ আৰু ২০০৩ চনত বাজপেয়ী চৰকাৰে বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰিছিল। কিন্তু কোনো লাভ নহ’ল।






সেই সময়ত সমাজবাদী পাৰ্টি, আৰজেডি, জেডিইউৰ দৰে দলসমূহে মহিলাৰ বাবে সংৰক্ষিত এক তৃতীয়াংশ আসনত অনুসূচিত জাতি আৰু অবিচিৰ বাবে সংৰক্ষণ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছিল। ৰাজনৈতিক সহমতৰ অভাৱত এই বিধেয়কখন সংসদত উত্থাপন কৰিব পৰা নগ’ল।

২০০৮ চনত ইউ পি এৰ যুগত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হয়। প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰিলে মহিলা সংৰক্ষণ বিধেয়ক। সংশ্লিষ্ট সংসদীয় স্থায়ী সমিতিৰ দুবছৰৰ পাছত ৰাজ্যসভাই বিধেয়কখন গৃহীত কৰে। কিন্তু চৰকাৰৰ সমৰ্থক আৰু বিৰোধীৰ এটা অংশৰ আপত্তিৰ বাবে লোকসভাত বিধেয়কখন গৃহীত নহ’ল। ২০১০ চনত ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ উদ্যোগত ৰাজ্যসভাত এই বিধেয়কখনে উচ্চ সদনৰ যুদ্ধক্ষেত্ৰৰ ৰূপ লয়।

এক দশকৰো অধিক সময়ৰ অন্তত মঙলবাৰে পুনৰ লোকসভাত মহিলা সুৰক্ষা বিধেয়ক উত্থাপন কৰিলে কেন্দ্ৰৰ মোডী চৰকাৰে। বিধেয়কখন কাৰ্যকৰী সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতো এইবাৰ প্ৰায়বোৰ পক্ষই বিধেয়কখনক ‘সমৰ্থন’ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল