--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহিলা সংৰক্ষণ বিধেয়কক লৈ উত্তাল সংসদ৷ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে বিলখনৰ বিৰোধিতা কৰা নাই৷ কিন্তু কৃতিত্বৰ দাবীদাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কংগ্ৰেছে দাবী কৰিছে যে এই বিলৰ কৃতিত্ব তেওঁলোকৰ, কিন্তু এই দাবীক প্ৰত্যাহ্বান জনাইছে মোদী চৰকাৰে৷

চাও আহক বহু দশকধৰি চৰ্চাত থকা এই বিধেয়কখনৰ ইতিহাস৷ সংসদৰ ইতিহাসে দেখুৱাইছে যে তীব্ৰ ৰাজনৈতিক বিৰোধিতাৰ বাবে তিনি দশকৰো অধিক সময় ধৰি মহিলা সংৰক্ষণ বিধেয়ক স্থবিৰ হৈ আছে।

১৯৮৯ চনত আৰম্ভ। প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ চৰকাৰে পঞ্চায়ত আৰু পৌৰসভাৰ নির্বাচনত এক তৃতীয়াংশ আসন সংৰক্ষিত কৰাৰ প্রস্তাৱ দি বিধেয়কখন উত্থাপন কৰে৷ এই বিধেয়কখন লোকসভাত গৃহীত হ’লেও ৰাজ্যসভাত নহয়।

১৯৯৩ চনত নৰসিংহ ৰাওৰ চৰকাৰে বিধেয়কখন গৃহীত কৰি প্ৰণয়ন কৰে। ইয়াৰ পিছত ১৯৯৬ চনত দেৱেগৌড়া চৰকাৰে প্ৰথমবাৰৰ বাবে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰি লোকসভা আৰু বিভিন্ন ৰাজ্যৰ বিধানসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়ায়।

১৯৯৬ চনতেই এই বিধেয়কখন ‘ব্যক্তিগত সদস্যৰ বিধেয়ক’ হিচাপে চিপিআইৰ সাংসদ গীতা মুখাৰ্জীৰ নেতৃত্বত যুটীয়া সংসদীয় সমিতিলৈ গৈছিল। ডিচেম্বৰ মাহত এই বিধেয়ক সন্দৰ্ভত যুটীয়া সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু লোকসভা ভংগ হোৱাৰ বাবে বিধেয়কখন স্থবিৰ হৈ পৰে।

ইয়াৰ পাছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত কেন্দ্রই মহিলাৰ বাবে আসন সংৰক্ষণৰ উদ্যোগ লৈছিল৷ ১৯৯৮ চনত প্ৰথম বাজপেয়ী চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক লোকসভাত উত্থাপন কৰিছিল যদিও সেই বিধেয়ক গৃহীত নহ’ল। ১৯৯৯, ২০০২ আৰু ২০০৩ চনত বাজপেয়ী চৰকাৰে বিধেয়কখন গৃহীত কৰাৰ চেষ্টা কৰিছিল। কিন্তু কোনো লাভ নহ’ল।






সেই সময়ত সমাজবাদী পাৰ্টি, আৰজেডি, জেডিইউৰ দৰে দলসমূহে মহিলাৰ বাবে সংৰক্ষিত এক তৃতীয়াংশ আসনত অনুসূচিত জাতি আৰু অবিচিৰ বাবে সংৰক্ষণ প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছিল। ৰাজনৈতিক সহমতৰ অভাৱত এই বিধেয়কখন সংসদত উত্থাপন কৰিব পৰা নগ’ল।

২০০৮ চনত ইউ পি এৰ যুগত সংসদত এখন নতুন বিধেয়ক উত্থাপন কৰা হয়। প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰকাৰে ৰাজ্যসভাত উত্থাপন কৰিলে মহিলা সংৰক্ষণ বিধেয়ক। সংশ্লিষ্ট সংসদীয় স্থায়ী সমিতিৰ দুবছৰৰ পাছত ৰাজ্যসভাই বিধেয়কখন গৃহীত কৰে। কিন্তু চৰকাৰৰ সমৰ্থক আৰু বিৰোধীৰ এটা অংশৰ আপত্তিৰ বাবে লোকসভাত বিধেয়কখন গৃহীত নহ’ল। ২০১০ চনত ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ উদ্যোগত ৰাজ্যসভাত এই বিধেয়কখনে উচ্চ সদনৰ যুদ্ধক্ষেত্ৰৰ ৰূপ লয়।

এক দশকৰো অধিক সময়ৰ অন্তত মঙলবাৰে পুনৰ লোকসভাত মহিলা সুৰক্ষা বিধেয়ক উত্থাপন কৰিলে কেন্দ্ৰৰ মোডী চৰকাৰে। বিধেয়কখন কাৰ্যকৰী সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতো এইবাৰ প্ৰায়বোৰ পক্ষই বিধেয়কখনক ‘সমৰ্থন’ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement