--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জি-২০ সন্মিলনৰ সময়ত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত ২০২৪ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক আমন্ত্ৰণ জনায়৷ 

বুধবাৰে ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে এই তথ্য সদৰী কৰে। প্ৰায় একেসময়তে ভাৰতত কোৱাড সন্মিলনৰ পৰিকল্পনা কৰা হৈছে নেকি বুলি সোধাত গাৰ্চেটিয়ে ইংগিত দিয়ে যে তেওঁ এই বিষয়ে অৱগত নহয়। কোৱাডত ভাৰত, আমেৰিকা যুক্তৰাজ্য, জাপান আৰু অষ্ট্ৰেলিয়া আছে। অহাবছৰ বাৰ্ষিক কোৱাড সন্মিলন আয়োজন কৰিব লাগিব ভাৰতে৷ 

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি এই বছৰৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল। প্ৰতিবছৰে ভাৰতে বিশ্বনেতাসকলক গণৰাজ্য দিৱস উদযাপনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়।

ক’ভিজ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ আৰু ২০২২ত গণৰাজ্য দিৱসৰ কোনো মুখ্য অতিথি নাছিল। ২০২০ত ব্ৰাজিলৰ তদানীন্তন ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰো মুখ্য অতিথি আছিল। ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছা পেৰেডত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতৰ গণৰাজ্য দিৱসত৷ আনহাতে ২০১৮ত আছিয়ানৰ ১০খন দেশৰ নেতাই এই উদযাপনত অংশগ্ৰহণ কৰিছিল।

২০১৭ত আবু ধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান উদযাপনত মুখ্য অতিথি আছিল৷ আনহাতে তদানীন্তন ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰাঙ্কোইচ ওলান্দে ২০১৬ত গণৰাজ্য দিৱসত উপস্থিত আছিল। ২০১৫ত তদানীন্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অ’বামাই পেৰেড উপভোগ কৰিছিল৷ ২০১৪ত তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবে গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল৷ আনহাতে ভূটানৰ ৰজা জিগমে খেছাৰ নামগাইল ৱাংচুকে ২০১৩ত পেৰেডত অংশগ্ৰহণ কৰিছিল।
গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰা আন ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলৰ ভিতৰত আছে নিকোলাছ চাৰ্কোজি, ভ্লাদিমিৰ পুটিন, নেলচন মেণ্ডেলা, জন মেজৰ, মহম্মদ খাটামী আৰু জাক চিৰাক। ১৯৯৩ চনত তদানীন্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী জন মেজৰে উদযাপনত অংশগ্ৰহণ কৰিছিল৷ নেলচন মেণ্ডেলাই ১৯৯৫ত দক্ষিণ আফ্ৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি হিচাপে অংশগ্ৰহণ কৰিছিল৷ আনহাতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী মিয়ুং বাকে ২০১০ত কুচকাৱাজ প্ৰত্যক্ষ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক