--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জি-২০ সন্মিলনৰ সময়ত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত ২০২৪ৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনক আমন্ত্ৰণ জনায়৷ 

বুধবাৰে ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে এই তথ্য সদৰী কৰে। প্ৰায় একেসময়তে ভাৰতত কোৱাড সন্মিলনৰ পৰিকল্পনা কৰা হৈছে নেকি বুলি সোধাত গাৰ্চেটিয়ে ইংগিত দিয়ে যে তেওঁ এই বিষয়ে অৱগত নহয়। কোৱাডত ভাৰত, আমেৰিকা যুক্তৰাজ্য, জাপান আৰু অষ্ট্ৰেলিয়া আছে। অহাবছৰ বাৰ্ষিক কোৱাড সন্মিলন আয়োজন কৰিব লাগিব ভাৰতে৷ 

ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি এই বছৰৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল। প্ৰতিবছৰে ভাৰতে বিশ্বনেতাসকলক গণৰাজ্য দিৱস উদযাপনত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায়।

ক’ভিজ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ আৰু ২০২২ত গণৰাজ্য দিৱসৰ কোনো মুখ্য অতিথি নাছিল। ২০২০ত ব্ৰাজিলৰ তদানীন্তন ৰাষ্ট্ৰপতি জাইৰ বোলচোনাৰো মুখ্য অতিথি আছিল। ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছা পেৰেডত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতৰ গণৰাজ্য দিৱসত৷ আনহাতে ২০১৮ত আছিয়ানৰ ১০খন দেশৰ নেতাই এই উদযাপনত অংশগ্ৰহণ কৰিছিল।

২০১৭ত আবু ধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান উদযাপনত মুখ্য অতিথি আছিল৷ আনহাতে তদানীন্তন ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ফ্ৰাঙ্কোইচ ওলান্দে ২০১৬ত গণৰাজ্য দিৱসত উপস্থিত আছিল। ২০১৫ত তদানীন্তন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক অ’বামাই পেৰেড উপভোগ কৰিছিল৷ ২০১৪ত তদানীন্তন জাপানৰ প্ৰধানমন্ত্ৰী শিনজো আবে গণৰাজ্য দিৱসৰ মুখ্য অতিথি আছিল৷ আনহাতে ভূটানৰ ৰজা জিগমে খেছাৰ নামগাইল ৱাংচুকে ২০১৩ত পেৰেডত অংশগ্ৰহণ কৰিছিল।
গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰা আন ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীসকলৰ ভিতৰত আছে নিকোলাছ চাৰ্কোজি, ভ্লাদিমিৰ পুটিন, নেলচন মেণ্ডেলা, জন মেজৰ, মহম্মদ খাটামী আৰু জাক চিৰাক। ১৯৯৩ চনত তদানীন্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী জন মেজৰে উদযাপনত অংশগ্ৰহণ কৰিছিল৷ নেলচন মেণ্ডেলাই ১৯৯৫ত দক্ষিণ আফ্ৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি হিচাপে অংশগ্ৰহণ কৰিছিল৷ আনহাতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী মিয়ুং বাকে ২০১০ত কুচকাৱাজ প্ৰত্যক্ষ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement