--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বিৰুদ্ধে স্মৰণীয় জয়ৰ পাছত আনন্দ উদযাপন ছৌদি আৰবৰ। এই জয়ৰ তিনিদিন হ'ল যদিও তাত থকা মানুহে এতিয়াও আনন্দ উদযাপন কৰি আছে। মঙলবাৰে (২২ নৱেম্বৰ) জয়লাভ কৰাৰ পাছত ছৌদি আৰৱ চৰকাৰে পাছদিনা বুধবাৰে চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰে। এতিয়া সকলো খেলুৱৈকে এটা ডাঙৰ উপহাৰ দিয়া হ’ব। ছৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন চালাম আল ছৌদে এই গাড়ী দিয়াৰ কথা ঘোষণা কৰিছে।

মহম্মদ বিন চালাম আল ছাউদে ঘোষণা কৰে যে সকলো খেলুৱৈকে ৰ’লছ ৰয়ছ ফেণ্টম গাড়ীৰে সন্মানিত কৰা হ’ব। দক্ষিণ আমেৰিকাৰ দল আৰ্জেণ্টিনাক ২-১ গ’লত পৰাস্ত কৰে ছৌদি আৰৱৰ দলটোৱে। লিয়নেল মেছিৰ গ’ল সত্ত্বেও আৰ্জেণ্টিনাৰ দলটোৱে খেলখনত জয় লাভ কৰিব নোৱাৰিলে। হাফটাইমলৈকে দলটোৱে ১-০ গ’লত অগ্ৰগতি লাভ কৰিছিল যদিও দ্বিতীয়াৰ্ধত ছৌদি আৰবে পুনৰ উভতি আহি মেচখনত জয়লাভ কৰে।

গাড়ীখনৰ দাম কিমান?

ভাৰতত ৰ’লছ ৰয়েচ ফেণ্টমৰ মূল্য ৮.৯৯ কোটি টকাৰ পৰা আৰম্ভ হৈ ১০.৪৮ কোটি টকালৈকে যায়। ছৌদি আৰবে আৰ্জেণ্টিনাৰ ৩৬খন মেচৰ জয়ৰ ধাৰা বন্ধ কৰি দিলে। বিশ্বৰ ৫১ নম্বৰৰ দল ছৌদি আৰবে এক গুৰুত্বপূৰ্ণ জয়ৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰে।

মেছিৰ গ’লত পানী

আৰ্জেণ্টিনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ লিয়নেল মেছিয়ে এটা গ’ল দিয়ে। ১০ মিনিটত লিয়নেল মেছিয়ে এই গ’লটো দি নিজৰ দলটোক ১-০ গ’লত আগুৱাই লৈ যায়। ফিফা বিশ্বকাপৰ ইতিহাসত এইটো আছিল মেছিৰ সপ্তমটো গ’ল। অৱশ্যে ৫ মিনিটৰ পাছত ছৌদি আৰবে অগ্ৰগতি লাভ কৰাৰ লগতে ৪৮ মিনিটত ছৌদি আৰৱৰ হৈ ছালেহ আলছেহৰীয়ে আৰু ৫৩ মিনিটত চেলেম আলদাৱছাৰীয়ে গ’ল দিয়ে। ইয়াৰ পিছত দুয়োটা দলৰ কোনো এটাই গ’ল দিব নোৱাৰিলে।

চৌদি আৰৱৰ গ’লৰক্ষকে কৰিলে ডাঙৰ কাম 

শেষৰ কেইমিনিটমানত ছৌদি আৰৱৰ গ’লৰক্ষক এম আল ওৱাইছে তীক্ষ্ণ হৈ কেইবাটাও ছেভ কৰে। প্ৰথম কেইমিনিটমানৰ ভিতৰতে আৰ্জেণ্টিনাই তিনিটা গ’ল দিছিল যদিও সকলোকে অফছাইড বুলি ৰায় দিয়া হৈছিল। আৰ্জেণ্টিনাৰ দলটো অফছাইডত ধৰা পৰে। এই পৰাজয়ৰ লগে লগে আৰ্জেণ্টিনাৰ একেৰাহে ৩৬খন মেচৰ জয়ৰ ধাৰা ভাঙি গ’ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক