--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাৰ বিৰুদ্ধে স্মৰণীয় জয়ৰ পাছত আনন্দ উদযাপন ছৌদি আৰবৰ। এই জয়ৰ তিনিদিন হ'ল যদিও তাত থকা মানুহে এতিয়াও আনন্দ উদযাপন কৰি আছে। মঙলবাৰে (২২ নৱেম্বৰ) জয়লাভ কৰাৰ পাছত ছৌদি আৰৱ চৰকাৰে পাছদিনা বুধবাৰে চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰে। এতিয়া সকলো খেলুৱৈকে এটা ডাঙৰ উপহাৰ দিয়া হ’ব। ছৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বিন চালাম আল ছৌদে এই গাড়ী দিয়াৰ কথা ঘোষণা কৰিছে।

মহম্মদ বিন চালাম আল ছাউদে ঘোষণা কৰে যে সকলো খেলুৱৈকে ৰ’লছ ৰয়ছ ফেণ্টম গাড়ীৰে সন্মানিত কৰা হ’ব। দক্ষিণ আমেৰিকাৰ দল আৰ্জেণ্টিনাক ২-১ গ’লত পৰাস্ত কৰে ছৌদি আৰৱৰ দলটোৱে। লিয়নেল মেছিৰ গ’ল সত্ত্বেও আৰ্জেণ্টিনাৰ দলটোৱে খেলখনত জয় লাভ কৰিব নোৱাৰিলে। হাফটাইমলৈকে দলটোৱে ১-০ গ’লত অগ্ৰগতি লাভ কৰিছিল যদিও দ্বিতীয়াৰ্ধত ছৌদি আৰবে পুনৰ উভতি আহি মেচখনত জয়লাভ কৰে।

গাড়ীখনৰ দাম কিমান?

ভাৰতত ৰ’লছ ৰয়েচ ফেণ্টমৰ মূল্য ৮.৯৯ কোটি টকাৰ পৰা আৰম্ভ হৈ ১০.৪৮ কোটি টকালৈকে যায়। ছৌদি আৰবে আৰ্জেণ্টিনাৰ ৩৬খন মেচৰ জয়ৰ ধাৰা বন্ধ কৰি দিলে। বিশ্বৰ ৫১ নম্বৰৰ দল ছৌদি আৰবে এক গুৰুত্বপূৰ্ণ জয়ৰে বিশ্বকাপৰ অভিযান আৰম্ভ কৰে।

মেছিৰ গ’লত পানী

আৰ্জেণ্টিনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ লিয়নেল মেছিয়ে এটা গ’ল দিয়ে। ১০ মিনিটত লিয়নেল মেছিয়ে এই গ’লটো দি নিজৰ দলটোক ১-০ গ’লত আগুৱাই লৈ যায়। ফিফা বিশ্বকাপৰ ইতিহাসত এইটো আছিল মেছিৰ সপ্তমটো গ’ল। অৱশ্যে ৫ মিনিটৰ পাছত ছৌদি আৰবে অগ্ৰগতি লাভ কৰাৰ লগতে ৪৮ মিনিটত ছৌদি আৰৱৰ হৈ ছালেহ আলছেহৰীয়ে আৰু ৫৩ মিনিটত চেলেম আলদাৱছাৰীয়ে গ’ল দিয়ে। ইয়াৰ পিছত দুয়োটা দলৰ কোনো এটাই গ’ল দিব নোৱাৰিলে।

চৌদি আৰৱৰ গ’লৰক্ষকে কৰিলে ডাঙৰ কাম 

শেষৰ কেইমিনিটমানত ছৌদি আৰৱৰ গ’লৰক্ষক এম আল ওৱাইছে তীক্ষ্ণ হৈ কেইবাটাও ছেভ কৰে। প্ৰথম কেইমিনিটমানৰ ভিতৰতে আৰ্জেণ্টিনাই তিনিটা গ’ল দিছিল যদিও সকলোকে অফছাইড বুলি ৰায় দিয়া হৈছিল। আৰ্জেণ্টিনাৰ দলটো অফছাইডত ধৰা পৰে। এই পৰাজয়ৰ লগে লগে আৰ্জেণ্টিনাৰ একেৰাহে ৩৬খন মেচৰ জয়ৰ ধাৰা ভাঙি গ’ল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু