--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়ক উন্মুক্ত চান্দে বাংলাদেশ প্ৰিমিয়াৰ লীগত চট্টগ্ৰাম চেলেঞ্জাৰছত যোগদান কৰিছে। বুধবাৰে অনুষ্ঠিত হোৱা খেলুৱৈ ড্ৰাফটত চান্দক নিৰ্বাচিত কৰা হয়।

ইয়াৰ পিছতে তেওঁ বিপিএল (বাংলাদেশ প্ৰিমিয়াৰ লীগ) ফ্ৰেঞ্চাইজিৰ বাবে চুক্তিবদ্ধ হোৱা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।

তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ চুক্তিবদ্ধ ক্ৰিকেটাৰসকলক বিদেশী লীগত খেলিবলৈ দিয়া হোৱা নাই।অৱশ্যে উন্মুক্তৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় কিয়নো তেওঁ ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰি ২০২২ চনত আমেৰিকাৰ মেজৰ লীগ ক্ৰিকেট (এম এল চি)ৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল।

২০১২ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত উন্মুক্ত চান্দৰ নেতৃত্বতে ভাৰতে খিতাপ দখল কৰিছিল। ফাইনেল মেচত তেওঁ শতক অৰ্জন কৰিছিল আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল।

কিন্তু প্ৰাৰম্ভিক সফলতাৰ পিছত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আশা কৰা ধৰণে সফল নহ’ল। ভাৰতীয় ক্ৰিকেটক বিদায় জনোৱাৰ পিছত চান্দে মেলবৰ্ণ ৰেনেগেডছৰ হৈ বিগ বেছ লীগ (বিবিএল)তো খেলিছিল।

আগন্তুক বাংলাদেশ প্ৰিমিয়াৰ লীগ (বিপিএল) ছিজনৰ বাবে বহিঃৰাষ্ট্ৰৰ খেলুৱৈ শাখাৰ পৰা দ্বিতীয় ৰাউণ্ডত চেলেঞ্জাৰছ দলে বাছি লৈছিল চান্দক। অহা বৰ্ষৰ ৬ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব বিপিএল ২০২৩ৰ ছিজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক