--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়ক উন্মুক্ত চান্দে বাংলাদেশ প্ৰিমিয়াৰ লীগত চট্টগ্ৰাম চেলেঞ্জাৰছত যোগদান কৰিছে। বুধবাৰে অনুষ্ঠিত হোৱা খেলুৱৈ ড্ৰাফটত চান্দক নিৰ্বাচিত কৰা হয়।

ইয়াৰ পিছতে তেওঁ বিপিএল (বাংলাদেশ প্ৰিমিয়াৰ লীগ) ফ্ৰেঞ্চাইজিৰ বাবে চুক্তিবদ্ধ হোৱা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।

তাৎপৰ্যপূৰ্ণভাৱে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ চুক্তিবদ্ধ ক্ৰিকেটাৰসকলক বিদেশী লীগত খেলিবলৈ দিয়া হোৱা নাই।অৱশ্যে উন্মুক্তৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয় কিয়নো তেওঁ ভাৰতৰ ঘৰুৱা ক্ৰিকেটৰ পৰা সম্পূৰ্ণৰূপে অৱসৰ গ্ৰহণ কৰি ২০২২ চনত আমেৰিকাৰ মেজৰ লীগ ক্ৰিকেট (এম এল চি)ৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছিল।

২০১২ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত উন্মুক্ত চান্দৰ নেতৃত্বতে ভাৰতে খিতাপ দখল কৰিছিল। ফাইনেল মেচত তেওঁ শতক অৰ্জন কৰিছিল আৰু টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল।

কিন্তু প্ৰাৰম্ভিক সফলতাৰ পিছত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আশা কৰা ধৰণে সফল নহ’ল। ভাৰতীয় ক্ৰিকেটক বিদায় জনোৱাৰ পিছত চান্দে মেলবৰ্ণ ৰেনেগেডছৰ হৈ বিগ বেছ লীগ (বিবিএল)তো খেলিছিল।

আগন্তুক বাংলাদেশ প্ৰিমিয়াৰ লীগ (বিপিএল) ছিজনৰ বাবে বহিঃৰাষ্ট্ৰৰ খেলুৱৈ শাখাৰ পৰা দ্বিতীয় ৰাউণ্ডত চেলেঞ্জাৰছ দলে বাছি লৈছিল চান্দক। অহা বৰ্ষৰ ৬ জানুৱাৰিৰ পৰা আৰম্ভ হ’ব বিপিএল ২০২৩ৰ ছিজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু