--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানে অহা বছৰ ক্ৰিকেটৰ দুখন  আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ এটা আয়োজন কৰিব, আনহাতে ভাৰতে আনখন প্ৰতিযোগিতাৰ আয়োজন কৰিব। প্ৰথমখন হৈছে এছিয়া কাপ। ৰমিজ ৰাজাৰ দেশক এই ৫০ অভাৰৰ প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব দিয়া হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সম্পাদক জয় শ্বাহে শেহতীয়াকৈ কৈছে  যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। 

একে সময়তে  তেওঁ ঘোষণা কৰিছে যে এছিয়া কাপ  পাকিস্তানক বাদ আন দেশত হ’লে ভাৰতীয় খেলুৱৈসকলে খেলিবলৈ যাব । ৰমিজে ইয়াৰ প্ৰত্যুত্তৰত কৈছে  "যদি পাকিস্তানে ভাৰতলৈ গৈ অহা বছৰ বিশ্বকাপ নেখেলে, তেন্তে কোনোবাই খেল চাব নেকি? আমি স্পষ্ট যে যদি ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাহে, তেন্তে আমিও  ভাৰতলৈ গৈ  বিশ্বকাপ নেখেলো। "

ভাৰত আৰু পাকিস্তানে ৰাজনৈতিক কাৰণত ইখন দেশে সিখন দেশৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা নেখেলে। এই দুয়োখন দেশক কেৱল বিশ্বকাপ, এছিয়া কাপ, চেম্পিয়নছ ট্ৰফীৰ দৰে প্ৰতিযোগিতাত  খেলাহে  দেখা গৈছে। ভাৰতে শেষবাৰৰ বাবে ২০০৮ চনত এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ গৈছিল । তেতিয়াৰে পৰা তেওঁলোক চুবুৰীয়া দেশখনলৈ যোৱা নাই। 

পাকিস্তানে ২০১২ চনত দ্বিপাক্ষিক শৃংখলা খেলিবলৈ ভাৰতলৈ আহিছিল। সেয়াই শেষ  দ্বিপাক্ষিক শৃংখলা আছিল। তেতিয়াৰে পৰা দুয়োখন দেশৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা হোৱা নাই।টি-২০ বিশ্বকাপত ভাৰতে পাকিস্তানৰ মুখামুখি হৈছিল ।  ভাৰতীয় দলটোৱে  সেই খেলখন জিকিছিল। অৱশ্যে শেষত  বাবৰ আজমৰ দলটোৱে ফাইনেলত উপনীত হৈছিল। পাকিস্তান দলটো  ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু