--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাকিস্তানে অহা বছৰ ক্ৰিকেটৰ দুখন  আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ এটা আয়োজন কৰিব, আনহাতে ভাৰতে আনখন প্ৰতিযোগিতাৰ আয়োজন কৰিব। প্ৰথমখন হৈছে এছিয়া কাপ। ৰমিজ ৰাজাৰ দেশক এই ৫০ অভাৰৰ প্ৰতিযোগিতাখন আয়োজন কৰাৰ দায়িত্ব দিয়া হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সম্পাদক জয় শ্বাহে শেহতীয়াকৈ কৈছে  যে ভাৰতীয় দলটোৱে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায়। 

একে সময়তে  তেওঁ ঘোষণা কৰিছে যে এছিয়া কাপ  পাকিস্তানক বাদ আন দেশত হ’লে ভাৰতীয় খেলুৱৈসকলে খেলিবলৈ যাব । ৰমিজে ইয়াৰ প্ৰত্যুত্তৰত কৈছে  "যদি পাকিস্তানে ভাৰতলৈ গৈ অহা বছৰ বিশ্বকাপ নেখেলে, তেন্তে কোনোবাই খেল চাব নেকি? আমি স্পষ্ট যে যদি ভাৰতে এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাহে, তেন্তে আমিও  ভাৰতলৈ গৈ  বিশ্বকাপ নেখেলো। "

ভাৰত আৰু পাকিস্তানে ৰাজনৈতিক কাৰণত ইখন দেশে সিখন দেশৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলা নেখেলে। এই দুয়োখন দেশক কেৱল বিশ্বকাপ, এছিয়া কাপ, চেম্পিয়নছ ট্ৰফীৰ দৰে প্ৰতিযোগিতাত  খেলাহে  দেখা গৈছে। ভাৰতে শেষবাৰৰ বাবে ২০০৮ চনত এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ গৈছিল । তেতিয়াৰে পৰা তেওঁলোক চুবুৰীয়া দেশখনলৈ যোৱা নাই। 

পাকিস্তানে ২০১২ চনত দ্বিপাক্ষিক শৃংখলা খেলিবলৈ ভাৰতলৈ আহিছিল। সেয়াই শেষ  দ্বিপাক্ষিক শৃংখলা আছিল। তেতিয়াৰে পৰা দুয়োখন দেশৰ মাজত কোনো দ্বিপাক্ষিক শৃংখলা হোৱা নাই।টি-২০ বিশ্বকাপত ভাৰতে পাকিস্তানৰ মুখামুখি হৈছিল ।  ভাৰতীয় দলটোৱে  সেই খেলখন জিকিছিল। অৱশ্যে শেষত  বাবৰ আজমৰ দলটোৱে ফাইনেলত উপনীত হৈছিল। পাকিস্তান দলটো  ইংলেণ্ডৰ বিৰুদ্ধে পৰাজিত হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক