--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এতিয়া জনসাধাৰণৰ ওপৰত কৰ আৰোপৰ বাহিৰে চৰকাৰৰ সন্মুখত অন্য কোনো গত্যন্তৰ নাই। ৰাজহ সংগ্ৰহৰ বাবে চৰকাৰে সকলো সামগ্ৰীৰ ওপৰত জি এছ টি আৰোপ কৰিছে। জি এছ টি আৰোপৰ বাবে দেশৰ ছপা উদ্যোগৰ যি ক্ষতি হৈছে, তাৰ প্ৰভাৱ গ্ৰন্থ আৰু বাতৰি কাকতৰ ওপৰত প্ৰত্যক্ষভাৱে পৰিছে। উল্লেখযোগ্য যে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মান দৈনিক অৱনতি ঘটিবলৈ ধৰিছে। ২ জুলাইত ১ ডলাৰৰ বিপৰীতে ৭৯.১১ টকালৈ অৱনমিত হৈছে ভাৰতীয় মুদ্ৰা৷ সৰ্বকালৰ অভিলেখ ভাঙি ভাৰতীয় টকাৰ এই অৱনতি ঘটিছে। প্রসংগক্ৰমে উল্লেখযোগ্য যে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ অৱনতিয়ে দেশৰ অর্থনীতিৰ বিপৰ্যয় দাঙি ধৰিছে। ইয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে বিষয়টো যেন গুৰুত্বহীন, সেয়া দেখুৱাবলৈ অন্য কেতবোৰ প্ৰসংগ জনতাৰ সন্মুখত তুলি ধৰিছে। 

অর্থনীতিৰ ভেটি ধৰি ৰাখিব নোৱৰাটো এখন চৰকাৰৰ সৰ্বাত্মক ব্যৰ্থতা। এই দুঃসময়ত বিপন্ন অর্থনীতি ধৰি ৰাখিবলৈ চৰকাৰে নতুন নতুন সামগ্ৰীৰ ওপৰত ১৮ শতাংশপৰ্যন্ত কৰ আৰোপ কৰিছে। ইয়াৰ বিৰুদ্ধে বিৰোধী দলবোৰে প্ৰতিবাদ কৰিছে যদিও দেশৰ বিভিন্ন প্রান্তত নূপুৰ শৰ্মা, উদয়পুৰৰ হত্যাকাণ্ড, মহাৰাষ্ট্ৰত চৰকাৰ গঠন আদি বিষয়বোৰ একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে বহুল প্রচাৰৰ ব্যৱস্থা কৰি অৰ্থনীতিৰ দেউলীয়াপনাক ঢাকোন দিয়াত কেন্দ্ৰীয় চৰকাৰ সফল হোৱা বুলি কব পাৰি। ইপিনে প্রাপ্ত তথ্য অনুসৰি এতিয়াও জি এছ টিৰ বাহিৰত থকা ১৬৮বিধ সামগ্ৰীৰ ১০০বিধৰ ওপৰত চৰকাৰে জি এছ টি আৰোপৰ প্ৰস্তুতি চলাইছে। কেন্দ্ৰীয় চৰকাৰৰ বিশেষ ১০০দিন উদযাপনৰ এক বিশেষ কাৰ্যসূচী শীঘ্ৰে ঘোষণা হোৱাৰ পথত। এই বিশেষ ১০০দিন উদযাপনৰ মূল উদ্দেশ্য হব-জি এছ টিৰ আওতালৈ নতুনকৈ ১০০বিধ সামগ্ৰী অনা। জনসাধাৰণৰ ওপৰত কৰ আৰোপ কৰাটোও যে এক উৎসৱ হ'ব পাৰে, সেয়া কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কাম-কাজৰ দ্বাৰা প্রতিপন্ন কৰিবলৈ আগবাঢ়িছে।

 এই প্রসংগতে উল্লেখযোগ্য যে কেন্দ্রীয় চৰকাৰে জি এছ টি প্রয়োগ কৰিবলৈ আগবঢ়াৰ আগতে সংসদৰ উভয় সদনৰ এখন বিশেষ অধিৱেশন মাজনিশা আয়োজন কৰিছিল। ২০১৭ৰ ৩০ জুনৰ মাজিনশা সংসদৰ উভয় সদন অনুষ্ঠিত কৰি জি এছ টি জাপি দিয়া হৈছিল। জি এছ টি আৰোপৰ বাবে সংসদৰ অধিৱেশন অনুষ্ঠিত কৰাৰ পাছত বিজেপিয়ে দেশজুৰি ফটকা ফুটাই মাজনিশা উদযাপন কৰিছিল উৎসৱ।ৰাইজ ওপৰত কৰ জাপি দিয়াটোক যিখন চৰকাৰে উৎসৱ হিচাপে উদযাপন কৰে, সেইখন চৰকাৰৰ পৰা জনসাধাৰণে সকাহ পাব বুলি আশা কৰিব পাৰেনে?

 এই প্রসংগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্তব্য কৰিছিল যে দেশৰ ১৩০ কোটি মানুহৰ ওপৰত কৰ জাপি উৎসৱ উদযাপন কৰাৰ মানসিকতা কি পৰ্যায়ৰ? ১৩০ কোটি মানুহৰ মাজত ১০ শতাংশৰ হাতত যিমান ধন-সম্পত্তি আছে, তাৰ অৰ্ধেকো ৯০ শতাংশ ভাৰতীয়ৰ সমুদায় ধন-সম্পত্তিৰ তুলনাত অধিক। অথচ চৰকাৰে জি এছ টি আৰোপৰ ক্ষেত্ৰত এই দিশটো বিবেচনা নকৰিলে। ১৩০ কোটি মানুহৰ ওপৰতে একেধৰণে জি এছ টি আৰোপ কৰিলে। ফলত ৫ শতাংশৰ পৰা ১৮ শতাংশপৰ্যন্ত সামগ্ৰী ক্ৰয়ত ৰাইজে চৰকাৰক কৰ দিবলগীয়া হৈছে।

 ইয়াৰ পাছতো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহ আৰ্থিকভাৱে শক্তিশালী হ'ব নোৱাৰিলে। অসম চৰকাৰেই এতিয়া আৰ্থিকভাৱে ইমান বেছি দুৰ্বল হৈ পৰিছে যে চৰকাৰ এই অৱস্থাৰ মাজেদি আগবাঢ়িলে ছমাহৰ পাছত কৰ্মচাৰীক দৰমহা দিয়াটো সম্ভৱপৰ হৈ নাথাকিব।

 যাৰ বাবে অসম চৰকাৰে নতুনকৈ এহেজাৰ কোটি টকাৰ ঋণ লবলৈ যো-জা চলাইছে। অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ বোজা ১,১০,০০০ কোটি টকালৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক কোনো ধৰণৰ পুঁজি নিদিয়াৰ বাবে ৰাজ্যসমূহে নিজাববীয়াকৈ বিধ্বস্ত অর্থনীতিৰ মোকাবিলা কৰিবলগীয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ইমানদিনে দি অহা পুঁজি কৰ্তন কৰি এক নতুন প্রস্তাৱ গ্রহণ কৰিছিল। সেই প্ৰস্তাৱ অনুসৰি প্রতিখন ৰাজ্যই নিজাববীয়াকৈ ঋণ গ্ৰহণ কৰিব পাৰিব। ৰাজ্যসমূহে গ্ৰহণ কৰা এই ঋণ ৰাজ্যই নিজেই পূৰণ কৰিব লাগিব। এই কথাটোতে অসম চৰকাৰ ইমান বেছি উৎসাহী হৈ উঠিছে যে এতিয়া ঋণ লবলৈ কোনো ধৰণৰ চিন্তাই নকৰা হৈছে। কিন্তু এই ঋণ পৰিশোধ কৰিব লাগিব অসম চৰকাৰে নিজেই।

 পূৰ্বতে জি এছ টিৰ ধন কেন্দ্ৰৰ পৰা নিয়মীয়াকৈ ৰাজ্যসমূহে লাভ কৰিছিল। শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে ৰাজাসমূহক জি এছ টিৰ ধন ঘূৰাই নিদিয়াৰ ইংগিত দিছে। মুঠতে দেশত এক অর্থনৈতিক অস্থিৰতাৰ সৃষ্টি হ'বলৈ ধৰিছে। শ্ৰীলংকা, পাকিস্তানৰ আজিৰ যি অৱস্থা ইয়াৰ পূৰ্বাভাস আজিৰ ভাৰতৰ দৰে আছিল। প্রথমতে ডলাৰৰ বিপৰীতে শ্ৰীলংকা আৰু পাকিস্তানৰ টকাৰ অৱনতি ঘটিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঁচা পিঁয়াজ খালে শৰীৰে লাভ কৰে বিশেষ উপকাৰিতা
শিৱসাগৰৰ দিখৌ নদীত মৃতদেহ উদ্ধাৰ
জি এছ ৰ'ডক গ্রীন ৰ'ড কৰাৰ সিদ্ধান্ত
থাকৰে পৰিয়ালৰ মহামিলন
চহ কৰা মাটিৰ সীৰলুত কৃষকৰ সোণগুটিৰ সপোন
আর্জেন্টিনাত প্রধানমন্ত্রী মোদী
ক্ৰিকেট বিশ্বত নতুন বিতৰ্ক
এটা দুৰ্দান্ত ‘ছিক্স’ মৰাৰ পাছতেই হাৰ্ট এটেকত মৃত্যু ক্ৰিকেটাৰৰ
কেইবাটাও কাৰ্যসূচী লৈ আজি গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লাহৰীঘাটত বৃহৎ পৰিমাণৰ বনৰীয়া চৰাইসহ চোৰাং চিকাৰী ছাইদুল ইছলামক গ্ৰেপ্তাৰ
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ চৰকাৰৰ প্রথম প্রতিক্রিয়া প্রকাশ ; কি ক'লে নির্মলা সীতাৰমণে
ম'বাইল এপেৰে ভোটদান কৰা ভাৰতৰ প্ৰথম ৰাজ্য হ'ল বিহাৰ
সংকটৰ সন্মুখীন দুষ্প্রাপ্য সোণালী বান্দৰ
পাকিস্তানৰ বিতর্কিত সেনা মুৰব্বী আছিম মুনিৰৰ পুনৰ ভাবুকি- 'ভাৰতে পুনৰ আক্ৰমণ কৰিলে দিয়া হ'ব যথোচিত প্ৰত্যুত্তৰ'