ডিজিটেল ডেস্ক : জয়পুৰত এখন সংবাদমেলত ভাষণ দি যশৱন্ত সিনহাই কয় যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সংবিধান প্ৰস্তুতকাৰী সকলে দুটা কথা নিশ্চিত কৰিছে প্ৰথমতো হ'ল ৰাষ্ট্ৰপতি নিৰ্বাচনত দলীয় হুইপ মানি চলাৰ প্ৰয়োজন নাই আৰু দ্বিতীয়তো হ'ল ভোটদান প্ৰক্ৰিয়া গোপন বেলটৰ জৰিয়তে হ’ব।সন্মুখত ৰাষ্ট্ৰপতি নিৰ্বাচন। ১৮ জুলাইত হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব দেশৰ সকলো সাংসদ-বিধায়কে। বৰ্তমান শাসক আৰু বিৰোধী দুয়োটা দলে দেশৰ ৰাষ্ট্রপতি নির্বাচনৰ বাবে প্রার্থীৰ নাম ঘোষণা কৰিছে ৷ বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে ৰাষ্ট্ৰপতি নিৰ্বাচনত ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ কৰাৰ বিপৰীতে দেশৰ মূল বিৰোধী ৰাজনৈতিক দলসমূহে যুটীয়াভাৱে যশৱন্ত সিনহাক থিয় কৰাইছে।
দুয়োজনেই শাসক বিৰোধী প্ৰাৰ্থীয়ে বিভিন্ন ৰাজ্যত প্ৰচাৰ চলাই আছে। বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাই সোমবাৰে কয় যে যদিহে ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেন্তে তেওঁ শপত গ্ৰহণৰ পিছদিনাৰ পৰা কেন্দ্ৰীয় চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ ৰোধ কৰাত সক্ৰিয় হৈ থাকিব। প্ৰচাৰ অভিযানৰ বাবে বৰ্তমান ৰাজস্থানৰ জয়পুৰত আছে প্ৰাক্তন বিত্তমন্ত্ৰী যশৱন্ত সিনহা। তেওঁ দাবী কৰে যে কেন্দ্রীয় চৰকাৰে কেন্দ্রীয় সংস্থাসমূহক অপব্যৱহাৰ কৰিছে৷ যশৱন্তৰ এই দাবীক নিঃসন্দেহে ৰাজনৈতিক মহলে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে। কিয়নো বিভিন্ন বিৰোধী দলৰ হৈ এবাৰতকৈ অধিকবাৰ এই অভিযোগ উত্থাপন কৰিছে। বিৰোধী দলসমূহে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে ইডি, চিবিআই, আয়কৰ আদি কেন্দ্ৰীয় সংস্থা ব্যৱহাৰ কৰি বিৰোধী নেতাসকলক হাৰাশাস্তি কৰা হৈছে।
জয়পুৰত এখন সংবাদমেলত যশৱন্ত সিনহাই কয় যে ," সংবিধানৰ প্ৰস্তুতকাৰী সকলে দুটা কথা নিশ্চিত কৰিছে - ৰাষ্ট্ৰপতি নিৰ্বাচনত দলীয় হুইপ মানি চলাৰ প্ৰয়োজন নাই আৰু ভোটদান প্ৰক্ৰিয়া গোপন বেলটৰ জৰিয়তে হ’ব। তেওঁ কয় ,"আন পক্ষৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ প্ৰতি মোৰ আবেদন হৈছে পৰিস্থিতিৰ ভিত্তিত বিচাৰ কৰি যি উচিত সেয়া কৰক। অভূতপূৰ্ব পৰিস্থিতিত দেশত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচন। সাম্প্ৰদায়িক উচটনি, বিভিন্ন ৰাজ্যৰ নিৰ্বাচিত চৰকাৰসমূহ ভংগ কৰা হৈছে। মহাৰাষ্ট্ৰ আৰু গোৱা ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ।”
যশৱন্ত সিনহাক দাবী কৰিছে যে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃতভাৱে দেশত ঘৃণাৰ পৰিবেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। বিভিন্ন পৰিস্থিতিত বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ‘নীৰৱতা’ক লৈ প্ৰশ্ন উত্থাপন কৰিছে সিনহাই।
যদি সকলো ঠিকে থাকে, তেন্তে ১৮ জুলাইৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰৰ জয়ৰ বাবে এতিয়া অপেক্ষা কৰা হৈছে। ৰাজনৈতিক মহলৰ মতে, বিৰোধী প্ৰাৰ্থীজনে নিৰ্বাচনত জয়ী নহ’লেও ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত যশৱন্তৰ যৌথ নিৰ্বাচন গুৰুত্বপূৰ্ণ হ’ব পাৰে। ভাৰতীয় ৰাজনীতিত ৰাষ্ট্ৰপতি নিৰ্বাচনে কি প্ৰভাৱ পেলাব সেয়া বৰ্তমানত এক লক্ষণীয় বিষয় ।